ETV Bharat / state

Assam Sahitya Sabha: অসম সাহিত্য সভাত বিত্তীয় কেলেংকাৰীৰ অভিযোগ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 6:48 PM IST

Updated : Sep 3, 2023, 8:05 PM IST

অসম সাহিত্য সভাৰ ২০২০-২৩ বৰ্ষৰ প্ৰধান সম্পাদক আৰু ধনভৰালীৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ অভিযোগ নতুন কমিটিৰ । সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই উত্থাপন কৰে এই অভিযোগ ৷ সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ পৰা কোনো ফাইল হেৰুৱা নাই বুলিও স্পষ্ট কৰি দিয়ে ড৹ শৰ্মাই ।

Financial scam at Assam Sahitya Sabha
অসম সাহিত্য সভাত বিত্তীয় কেলেংকাৰী

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মা

গুৱাহাটী, ৩ ছেপ্টেম্বৰ: অসম সাহিত্য সভাত বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলিছে নতুন কমিটিয়ে । ২০২০-২৩ বৰ্ষৰ প্ৰধান সম্পাদক আৰু ধন ভৰালীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই বিত্তীয় কেলেংকাৰীৰ অভিযোগ । অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই দেওবাৰে মহানগৰীৰ সাহিত্য সভাৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ২০২০-২৩ বৰ্ষৰ তিনি বছৰীয়া কাৰ্যকালত তদানীন্তন সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা আৰু ধনভৰালী প্ৰেম নাৰায়ণ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে ।

ড৹ উপেন্দ্ৰজিৎ শৰ্মাই সংবাদমেলত ২০২০-২৩ বৰ্ষত সমিতিখনত ব্যাপক খেলি-মেলি দেখাৰ কথা উল্লেখ কৰি বিগত কাৰ্যনিৰ্বাহক সভাখনৰ প্ৰধান সম্পাদকে ২০২০-২৩ বৰ্ষৰ হিচাবৰ শুদ্ধ প্ৰতিবেদন দাখিল কৰিব নোৱাৰিলে বুলি উল্লেখ কৰে । যাৰবাবে পৰৱৰ্তী সময়ত ২০২৩-২৫ বৰ্ষৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাত এখন ৫ জনীয়া তদন্ত সমিতি গঠনৰ জৰিয়তে বিগত কাৰ্যকালৰ শুদ্ধ হিচাবৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে সভাই সিদ্ধান্ত লয় । এই ৫ জনীয়া কমিটিখনে ৩০ জুলাইত সভাৰ দ্বিতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাত ২০২০-২৩ বৰ্ষৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰে ।

এই প্ৰতিবেদনত অসম সাহিত্য সভাৰ ২০২০-২৩ বৰ্ষৰ বিত্তীয় হিচাবৰ ব্যাপক খেলি মেলি পোহৰলৈ আহে । সভাপতি, উপ-সভাপতিৰ হিচাপত অনুমোদন লোৱা নাই । কিছুমান খৰচ বাৰে বাৰে দেখুওৱা হৈছে । এনে ধৰণৰ ব্যাপক বিত্তীয় কেলেংকাৰী হৈছে ।

এই সমগ্ৰ বিষয়টো বাধা সৃষ্টি কৰাৰ বাবে সাহিত্য সভাৰ ফাইল চুৰি হোৱা বুলি একাংশই এজাহাৰ দাখিল কৰিছে বুলি মন্তব্য কৰে ড৹ শৰ্মাই । সভাপতি, উপ-সভাপতি, প্ৰধান সম্পাদকে গম নোপোৱাকৈ কোনো বাহিৰৰ মানুহে পানবজাৰ থানাত গৈ ফাইল হেৰুৱাৰ অভিযোগ দিছিল । তাৰ পাছতেই আৰক্ষী আহিছিল অসম সাহিত্য সভা ভৱনলৈ ।

তেওঁ লগতে কয়, সাহিত্য সভাৰ প্ৰাক্তন বিষয়ববীয়া বিপুল দেউৰী, অৱনী মোহন চৌধুৰী আৰু কনক কুমাৰ বৰাই এজাহাৰ দিছে । কিন্তু তেওঁলোক বৰ্তমান সাহিত্য সভাৰ বাহিৰৰ ব্যক্তি । ইয়াকে লৈ সংবাদ মাধ্যমত বিভ্ৰান্তিকৰ এটা বাতৰি প্ৰকাশ হৈছে । "অসম সাহিত্য সভাৰ কাৰ্যালয়ত সোমাল আৰক্ষী" এনে ধৰণৰ এক বাতৰি প্ৰকাশ পাইছিল । পুলিচ কাৰ্যালয়লৈ অহাটো সঁচা, কিন্তু কোনো ফাইল হেৰুৱা নাই অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ পৰা বুলি তেওঁ সংবাদমেলত স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক: Gauhati HC: ন্যায়িক বিষয়া বুডী হাবুঙক গুৱাহাটী উচ্চ ন্যায়ালয়ত অতিৰিক্ত ন্যায়াধীশ হিচাবে নিযুক্তি

Last Updated : Sep 3, 2023, 8:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.