ETV Bharat / state

বিজেপি প্ৰাৰ্থী ভূৱন গ‍ামৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

author img

By

Published : Mar 1, 2022, 8:06 PM IST

allegation-against-bjp-candidate-of-majuli
বিজেপি প্ৰাৰ্থী ভূৱন গ‍ামৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

মাজুলী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভূৱন গ‍ামক লুণ্ঠনকাৰী তথা ধুৰন্ধৰ আখ্যা দিছে প্ৰদেশ কংগ্ৰেছে (allegation against bjp candidate of majuli ) । কিন্তু কিয়?

গুৱাহাটী,০১ মাৰ্চ: মাজুলী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভূৱন গ‍ামক লুণ্ঠনকাৰী তথা ধুৰন্ধৰ আখ্যা দিছে প্ৰদেশ কংগ্ৰেছে । মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র মনজিৎ মহন্তই মাজুলী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভূৱন গামৰ বিৰুদ্ধে সৰৱ হৈ পৰে (APCC being vocal against Bhuvan Gam) ।

বিজেপি প্ৰাৰ্থী ভূৱন গ‍ামৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

তেওঁ কয় যে জনজাতীয় ৰাইজৰ ধন লুণ্ঠনৰ মূল নায়ক ভূৱন গামক বিজেপিয়ে মাজুলীৰ দৰে জনজাতীয় লােকৰ বাবে সংৰক্ষিত সমষ্টিত প্রার্থীত্ব দিছে। ভূৱন গামৰ লুণ্ঠনৰ প্ৰসংগত তেওঁ কয় যে সােণাপুৰৰ নাজিৰাখাটত ২০১৪ চনৰ ২৭ ফেব্ৰুৱাৰীত উদ্বোধন কৰা 'উত্তৰ-পূৱ জনজাতীয় যাদুঘৰ আৰু সাংস্কৃতিক কেন্দ্র’ মাত্র দহটা মাহৰ পিছতে ২০১৫ চনৰ ১৮ আগষ্টত ৰহস্যজনকভাৱে ভস্মীভূত হয় । এই ঘটনাৰ তদন্ত কৰিলেই ওলাই পৰিব মূল খলনায়ক কোন ।

বিজেপিয়ে ভূৱন গামক ধােৱা-তুলসীৰ পাত সজাই মাজুলীৰ ৰাইজক পুনৰ ঠগিবলৈ অভিসন্ধি ৰচনা কৰিছে বুলি অভিযােগ কৰি তেওঁ কয় যে ক্ষমতাশালী চৰকাৰী আমােলা, ৰাজনৈতিক নেতা, সাহিত্যিক সকলােকে নিজৰ ব্যৱসায়িক বৃস্তিতিৰ বাবে ব্যৱহাৰ কৰি এক বিশাল সম্পত্তিৰ অধিকাৰী হৈ পৰিল এইজন ভূৱন গাম। তেওঁ কয় যে ভূৱন গামৰ ভূৱন কনষ্ট্রাকচন প্রাইভেট লিমিটেড আৰু গাম ডেলিকেচী প্রাইভেট লিমিটেড নামৰ দুটা ঠিকাদাৰী প্রতিষ্ঠান আছে।

নাজিৰাখাটৰ উত্তৰ-পূৱ জনজাতীয় যাদুঘৰ আৰু সাংস্কৃতিক কেন্দ্রটো কেন্দ্রীয় চৰকাৰৰ সাহায্যৰে ৫০ কোটি টকাৰ ব্যয় সাপেক্ষে গঢ়ি তােলা হৈছিল। এই প্ৰকল্পৰ পৰিকল্পনা আৰু নির্মাণ আৰু সেইটো 'লীজ’ত দিয়াৰ সকলাে দায়িত্ব ন্যস্ত কৰা হৈছিল অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ওপৰত।

সেই সময়ত সাংস্কৃতিক বিভাগৰ শীর্ষ পদবীত আছিল বর্তমানৰ অৱসৰপ্ৰাপ্ত আই এ' এছ বিষয়া স্বপ্ননীল বৰুৱা আৰু সেই সূত্রেই স্বপ্ননীল বৰুৱাৰ কন্যা অংগীণা বৰুৱাই গাম ডেলিকেচী প্রাইভেট লিমিটেডৰ এগৰাকী সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছিল। আনহাতে ইয়াৰ আগেয়েই অসম চৰকাৰৰ সেই সময়ৰ শীর্ষ পদত কার্যনির্বাহ কৰা আই এ এছ বিষয়া হেমন্ত নাৰ্জাৰীৰ পত্নী ৰশ্মি নাৰ্জাৰীক ভূৱন কনষ্ট্রাকচন প্রাইভেট লিমিটেডৰ সঞ্চালক হিচাপে নিযুক্তি দিছিল ভূৱন গামে।

তেওঁ কয় যে উত্তৰ-পূৱ জনজাতীয় যাদুঘৰ আৰু সাংস্কৃতিক কেন্দ্রৰ নিৰ্মাণৰ কাম ৰাজনৈতিক কাচাজিৰে লাভ কৰিছিল ভূৱন গামৰ প্রতিষ্ঠান ‘ভূৱন কনষ্ট্রাকচন প্রাইভেট লিমিটেডে’ আৰু প্ৰকল্পটো সম্পূর্ণ হৈ উদঘাটন হােৱাৰ পিছত ভূৱন গামে আকৌ ক্ষমতাৰ বলত তাৰ পৰিচালনাৰ সম্পূর্ণ কর্তৃত্ব নিজৰ হাতলৈ আনিছিল তেওঁৰে আনটো ঠিকাদাৰী প্রতিষ্ঠান ‘গাম ডেলিকেচী প্রাইভেট লিমিটেড’ৰ আঁৰ লৈ।

তেওঁ লগতে কয় যে কেৱল সিমানেই নহয় ‘গাম ডেলিকেচী প্রাইভেট লিমিটেড’ত সংযােজিত হৈছিল বিপুল কুমাৰ দাস নামৰ এজন এ চি এছ বিষয়া। উত্তৰ-পূৱ জনজাতীয় যাদুঘৰ আৰু সাংস্কৃতিক কেন্দ্রৰ পৰিচালনাৰ দায়িত্ব লীজত লাভ কৰাৰ পিছত গাম ডেলিকেচী প্রাইভেট লিমিটেডৰ সঞ্চালক পদত নিযুক্তি দিয়া হয় সর্বানন্দ সােণােৱালৰ অতি-ঘনিষ্ঠ ব্যৱসায়ী বুলি সকলােৱে জনা সুৰজিৎ সিনহাক।

এক বৃহৎ পৰিকল্পনাৰে ভূৱন গামে সকলােকে হাতৰ মুঠিত লৈ লুণ্ঠনৰ প্রক্রিয়া ত্বৰান্বিত কৰি তুলিছিল। উত্তৰ-পূৱ জনজাতীয় যাদুঘৰ আৰু সাংস্কৃতিক কেন্দ্রৰ নামত বৃহৎ লুণ্ঠন চলোৱা ভূৱন গামৰ বিৰুদ্ধে ‍আজি পৰ্যন্ত কোনো তদন্ত কৰা নহ'ল। অগ্নিকাণ্ডৰ ৰহস্য আজিও উদঘাটন নহ’ল।

লগতে কয় যে ১৯৯৮ চনৰ মাজুলী-ঢকুৱাখনাৰ ভয়ংকৰ বানৰ সৈতেও ভূৱন গামৰ নাম কিয় জড়িত হৈ পৰিছিল সেই কথা মাজুলী, ঢকুৱাখনাৰ ৰাইজে পাহৰা নাই। এতিয়া সেইজন ভূৱন গামকে বিধানসভালৈ বাছনি কৰি আনি জনজাতীয় ৰাইজৰ কি উন্নয়নৰ বিজেপিয়ে সাধন কৰিব সেই কথা আজিয়েই ওলাই পৰিল বুলি তেওঁ কয়। তেওঁ ভূৱন গামৰ বিশাল সম্পত্তিৰ ক্ষেত্রত উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰে।

লগতে পঢ়ক : ১৫ বছৰত মণিপুৰলৈ AIIMS আনিব নোৱাৰিলে কংগ্ৰেছে : অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.