Assam Secretariat: কম্পিউটাৰৰ কাম নজনা কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ সকিয়নী

author img

By

Published : Aug 5, 2022, 6:32 PM IST

Assam secretariat
কম্পিউটাৰৰ কাম নজনা কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ সকিয়নী ()

অসম সচিবালয়ৰ পৰা বিলুপ্ত হ’ব কাগজৰ ফাইল ৷ সকলো কাম-কাজ ডিজিটেল মাধ্যমত কৰা হ’ব । সচিবালয়ৰ কৰ্মচাৰীয়ে কম্পিউটাৰৰ জ্ঞান থকাটোও কৰা হৈছে বাধ্যতামূলক ৷

গুৱাহাটী, 5 আগষ্ট: অসম সচিবালয়ত অহা ২ অক্টোবৰৰ পৰা সকলো কাগজৰ ফাইল বিলুপ্ত কৰা হ’ব । তাৰ পৰিৱৰ্তে সকলো কাম-কাজ ডিজিটেল মাধ্যমত কৰা হ’ব । অৰ্থাৎ অহা ২ অক্টোবৰৰ পৰা অসম সচিবালয়ত ই-ফাইলৰ জৰিয়তে সকলো চৰকাৰী কামকাজ ৰূপায়ণ কৰা হ’ব ।

কম্পিউটাৰৰ কাম নজনা কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ সকিয়নী

অসম চৰকাৰৰ মিছন সদ্ভাৱনাৰ(Sadbhavana Mission) অংশ হিচাবে এই ব্যৱস্থা ৰূপায়ণ কৰা হ’ব । এই উপলক্ষে দিছপুৰ খেলপথাৰত শুকুৰবাৰে অনুষ্ঠিত লোক কল্যান দিৱস(Lok Kalyan Divas in Dispur) উপলক্ষে মিছন সদ্ভাৱনা মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অহা 2 অক্টোবৰৰ পৰা সচিবালয়ৰ সকলো কাম কাগজবিহীনভাবে হ’ব (All work in Assam secretariat will be done on computer)।

তেওঁ কয় যে এতিয়ালৈকে সচিবালয়ত থকা ৩ লাখ ২৪ হাজাৰ ফাইলৰ ভিতৰত ২ লাখ ৭০ হাজাৰ ফাইল নিষ্পত্তি কৰা হৈছে । ইয়াৰে অলাগতিয়াল ফাইলবোৰৰ বিনশন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । প্ৰয়োজনীয় ফাইলবোৰ ডিজিটেলকৰণ হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে সচিবালয়ৰ সকলো কৰ্মচাৰী এতিয়াৰে কম্পিউটাৰৰ কাম জানিব লাগিব । যিসকলে সোনকালে শিকিব নোৱাৰে তেওঁলোক সচিবালয়ৰ পৰা যাব লাগিব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "সচিবালয়ত এতিয়া দক্ষ কৰ্মচাৰী আছে বুলি মোৰ বিশ্বাস আছে । সুশাসনৰ দ্বাৰা অসমখনক আগুৱাই নিব লাগিব । চৰকাৰী কৰ্মচাৰীৰ দুৰ্নীতিৰ পৰা দূৰত থাকি আৰু জন সেৱা আগত ৰাখি কাম কৰিব লাগিব । প্ৰতিটো অট্টালিকাত এজনকৈ ন'ডেল বিষয়া থাকিব । তেওঁৰ অট্টালিকাটো পৰিষ্কাৰ কৰাৰ দায়িত্ব থাকিব । সচিবালয়ত মহিলা কৰ্মচাৰীৰ বাবে তেওঁলোকৰ শিশুৰ উপযোগীকৈ ওমলা ঘৰ থাকিব । আই এ এছ আৰু এ চি এছ বিষয়াসকলৰ বাবে জিৰণি ঘৰ থাকিব । সচিবালয়ৰ কৰ্মচাৰীৰ যাতায়তৰ বাবে গুৱাহাটীত বিনামূলীয়া বাছ সেৱা থাকিব’’ ।

উল্লেখ্য যে সচিবালয়ৰ সকলো দিশ নিৰীক্ষণত ৰখাৰ বাবে সচিবালয়ৰ চৌহদত স্থাপন কৰা এটা চি চি টিভি নিৰীক্ষণ কক্ষ মুখ্যমন্ত্ৰীয়ে মুকলি কৰে ।

লগতে পঢ়ক: Threating to Mother Tongue: চৰকাৰৰ ইংৰাজীপ্ৰীতিয়ে মাতৃভাষাৰ প্ৰতি কঢ়িয়াইছে ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.