Threating to Mother Tongue: চৰকাৰৰ ইংৰাজীপ্ৰীতিয়ে মাতৃভাষাৰ প্ৰতি কঢ়িয়াইছে ভাবুকি

author img

By

Published : Aug 5, 2022, 4:42 PM IST

CM

২০ বছৰত ৰাজ্যত অসমীয়াভাষী লোকৰ সংখ্যা ৯.৪৩ শতাংশলৈ হ্ৰাস (Assamese speaking population decreases in Assam) । হ্ৰাস পাইছে বড়ো ভাষা কোৱা লোকৰ সংখ্যাও । দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো বৃদ্ধি পাইছে জনসংখ্যা । জনসংখ্যা বৃদ্ধিৰ অনুপাতে হিন্দীভাষী, বাংলাভাষী লোকৰ সংখ্যা বৃদ্ধি পাইছে । জনসংখ্যা বৃদ্ধি হোৱাৰ বিপৰীতে অসমীয়াভাষী লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিৱৰ্তে হ্ৰাসহে হৈছে ।

গুৱাহাটী, ৫ আগষ্ট : মাতৃভাষাৰ ওপৰত বিভিন্ন ধৰণে চলিছে উপৰ্যুপৰি আক্ৰমণ । ফলত ভাষাটোক লৈ শংকিত হৈ পৰিছে ৰাজ্যখনৰ সচেতন মহল । চৰকাৰী বিদ্যালয়ত মাতৃভাষাৰ ওপৰত চৰকাৰে ইংৰাজী জাপি দিব বিচাৰিছে (Government wants to impose English on mother tongue) । তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয়ত ইংৰাজীতে পাঠদান কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ ।

অসমত অসমীয়া, বড়ো কোৱা লোকৰ সংখ্যা ক্রমাৎ হ্রাস পাই আহিছে
অসমত অসমীয়া, বড়ো কোৱা লোকৰ সংখ্যা ক্রমাৎ হ্রাস পাই আহিছে

এই সিদ্ধান্তই চৰকাৰীভাৱে অসমীয়া আৰু বড়ো ভাষাৰ প্ৰতি অশনি সংকেত কঢ়িয়াই অনাৰ শংকা কৰিছে বিভিন্ন মহলে । চৰকাৰী বিদ্যালয়ত মাতৃভাষা মাধ্যমত শিক্ষাদান চলি থকাৰ সময়তো ইংৰাজী মাধ্যমৰ আগ্ৰাসন আৰু আন আনুষংগিক কাৰণত অসমত অসমীয়া, বড়ো কোৱা লোকৰ সংখ্যা ক্রমাৎ হ্রাস পাই আহিছে (number of Assamese and Bodo speaking people declining steadily) ।

উল্লেখ্য যে লোকপিয়লৰ তথ্য অনুসৰি, অসমতে অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা হ্রাস হৈছে । তেনেদৰে বড়োভাষী লোকৰ সংখ্যাও হ্রাস হৈছে (According to census Assamese speaking people declines in Assam)। অসমীয়া ভাষাক চৰকাৰীভাৱে বৰ্তাই ৰখা বিদ্যালয়কেইখনকো ক্রমান্বয়ে ইংৰাজী মাধ্যমলৈ পৰিৱৰ্তন ঘটাই বা দুটা বিষয়ৰ পৰা অধিক বিষয়ৰ পাঠদান ইংৰাজীত কৰোৱাৰ ব্যৱস্থা কৰি অসমীয়া আৰু বড়ো ভাষাৰ অৱশিষ্ট অস্তিত্বলৈ ভাবুকি নমাই অনা হৈছে ।

চৰকাৰী বিদ্যালয়ত মাতৃভাষাৰ ওপৰত চৰকাৰে ইংৰাজী জাপি দিব বিচাৰিছে
চৰকাৰী বিদ্যালয়ত মাতৃভাষাৰ ওপৰত চৰকাৰে ইংৰাজী জাপি দিব বিচাৰিছে

উল্লেখ্য যে ১৯৯১ চনৰ লোকপিয়লৰ পৰা ২০১১ চনৰ লোকপিয়ললৈকে ২০ বছৰত ৰাজ্যত ৯.৪৩ শতাংশ অসমীয়াভাষী লোকৰ সংখ্যা হ্ৰাস হৈছে (Assamese speaking people come down in 20 years)। ইফালে দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো জনসংখ্যা বৃদ্ধি হৈছে । জনসংখ্যা বৃদ্ধিৰ অনুপাতে হিন্দীভাষী, বাংলাভাষী লোকৰ সংখ্যা বৃদ্ধি পাইছে । কিন্তু জনসংখ্যা বৃদ্ধি হোৱাৰ বিপৰীতে অসমীয়াভাষী লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিৱৰ্তে হ্ৰাসহে হৈছে । ২০০১ চনৰ লোকপিয়লত অসমীয়াভাষী লোকৰ সংখ্যা ৪৮.৮০ শতাংশৰ পৰা ২০১১ চনত অসমীয়াভাষী লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ বিপৰীতে ৪৮.৩৮ শতাংশলৈ হ্ৰাসহে হ'ল ।

অর্থাৎ ০.৪২ শতাংশ অসমীয়াভাষী লোকৰ সংখ্যা কমি গ'ল । ৰাজ্য চৰকাৰে ইংৰাজী মাধ্যমক জাপি দি চৰকাৰী মাধ্যমত চলি থকা অসমীয়া মাধ্যমৰ দৰে বড়ো মাধ্যমৰ অস্তিত্বৰ প্ৰতি ভাবুকি অনাক লৈ সর্বত্র আলোচনা হৈ আছে । কাৰণ অসমীয়াভাষীৰ সমানে বড়োভাষী লোকৰ সংখ্যাও ক্ৰমাৎ হ্রাস হৈ আহিছে । ২০০১ চনৰ লোকপিয়লত বড়োভাষী লোকৰ শতকৰা হাৰ আছিল ৪.৮৬ শতাংশ । ২০১১ চনৰ লোকপিয়লত বড়োভাষী লোকৰ সংখ্যাও হ্রাস হৈছিল ৪.৫৩ শতাংশলৈ । অর্থাৎ দহটা বছৰত বড়োভাষী লোকৰ সংখ্যা ০.৩৩ শতাংশ হ্রাস হৈছে (Bodo speaking people declined in ten years) ।

চৰকাৰৰ ইংৰাজীপ্ৰীতিয়ে মাতৃভাষাৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি
চৰকাৰৰ ইংৰাজীপ্ৰীতিয়ে মাতৃভাষাৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি

অসমত আন ভাষা কোৱা মানুহৰ সংখ্যা বৃদ্ধি হোৱাৰ বিপৰীতে অসমীয়া, বড়ো আদি কোৱা স্থানীয় লোকৰ সংখ্যা হ্রাস পাইছে । প্রতিখন জিলাত ৫-১০খন মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়ক ইংৰাজী মাধ্যমলৈ এডেও-দুডেওকৈ ৰূপান্তৰ কৰাৰ লগতে দুটা বিষয়ত ইংৰাজীতে পাঠদান কৰাৰ ব্যৱস্থা আৰম্ভ কৰাৰ পাছত অসমীয়া ভাষাৰ অৱশিষ্ট অস্তিত্বক নিঃশেষ কৰিবলৈ ৰাজ্য চৰকাৰে ফন্দি পাতিছে বুলি বিভিন্ন দল-সংগঠনে অভিযোগ কৰিছে ।

লগতে পঢ়ক :Congress Protest : মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.