ETV Bharat / state

ন্যায্য প্ৰাপ্তিৰ দাবী গৃহৰক্ষী জোৱানৰ; অন্যথা জংগী আন্দোলনৰ হুংকাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 7:40 PM IST

অকাল মৃত্যুক সাৱটি লোৱা আৰু কৰ্তব্যৰত অৱস্থাত পংগু হোৱা গৃহৰক্ষীৰ পৰিয়ালক একালীন সাহায্যৰ লগতে পৰিয়ালৰ সদস্যক গৃহৰক্ষীত ভৰ্তি কৰিবলৈ দাবী । আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে দাবী মানি নল'লে জংগী আন্দোলনৰ হুংকাৰ ।

All Assam Home Guard Volunteer Welfare Association
সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা

সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা

গুৱাহাটী, ১ ডিচেম্বৰ : কৰ্তব্যৰত অৱস্থাত অকাল মৃত্যুক সাৱটি লোৱা আৰু পংগু হোৱা গৃহৰক্ষীৰ পৰিয়ালক একালীন সাহায্যৰ লগতে পৰিয়ালৰ সদস্যক গৃহৰক্ষীত ভৰ্তি কৰিবলৈ দাবী জনাইছে সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাই । আগন্তুক লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে চৰকাৰে সন্থাৰ এই দাবী মানি নল'লে জংগী আন্দোলনৰ হুংকাৰ দিয়ে সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ সভাপতি ৰঞ্জিত লুইঙে ।

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবালমেল সম্বোধন কৰি সন্থাৰ সভাপতি ৰঞ্জিত লুইঙে চৰকাৰক অতি শীঘ্ৰে তেওঁলোকৰ দাবী লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে মানি নল'লে ইয়াৰ প্ৰতুত্তৰ দিয়া হ'ব বুলি সকীয়নি দিয়ে ।

ৰঞ্জিত লুইঙে পুনৰ কয়, "ৰাজ্যত ২৪,৬৯৬ গৰাকী গৃহৰক্ষী জোৱান আছে । ইতিমধ্যে বিভিন্ন দুৰ্ঘটনাত প্ৰায় ২০০ গৰাকী গৃহৰক্ষী জোৱানৰ মৃত্যু হৈছে । প্ৰায় ৫০ জনে পংগু জীৱন যাপন কৰিবলগীয়া হৈছে । কৰ্তব্যৰত অৱস্থাত অকাল মৃত্যুক সাৱটি লোৱা আৰু পংগু হোৱা গৃহৰক্ষীৰ জোৱানৰ পৰিয়াললৈ অমানিশা নামি আহিছে ।"

সেয়েহে সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাই চলিত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত এই পৰিয়াল সকলৰ সদস্য সকলক কৰ্তব্যৰত অৱস্থাত অকাল মৃত্যুক সাৱটি লোৱা আৰু পংগু হোৱা গৃহৰক্ষীৰ পৰিয়ালক একালীন সাহায্যৰ বাবে চৰকাৰক দাবী জনাইছিল । লগতে পৰিয়ালৰ সদস্যক অসম গৃহৰক্ষী বাহিনীত গৃহৰক্ষী প্ৰশিক্ষণৰ জৰিয়তে গৃহৰক্ষী স্বেচ্ছাসেৱকৰ মৰ্যাদা প্ৰদানৰ বাবে চৰকাৰক দাবী জনাইছিল বুলি কয় সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ সভাপতি ৰঞ্জিত লুইঙে ।

গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ সভাপতিগৰাকীয়ে ক্ষোভেৰে কয় যে ৮-৯ মাহ পাৰ হোৱাৰ পিছতো কোনো ব্যৱস্থা চৰকাৰে গ্ৰহণ নকৰিলে । সেয়েহে আগন্তুক লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে চৰকাৰে সন্থাৰ দাবী মানি নল'লে জংগী আন্দোলনৰ গঢ়ি তোলা হ'ব বুলি সকীয়াই দিয়ে ।

লগতে পঢ়ক: হাৱালাৰ ধন আত্মসাৎ কৰি এতিয়া আৰক্ষী-সাংবাদিকৰ আগত ঢাকিছে নাক!

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.