ETV Bharat / state

এবছৰতে ১৫,২৭১.২৭ কোটি টকাৰ ধাৰাত পোত গৈছে হিমন্তৰ চৰকাৰ : অখিল গগৈ

author img

By

Published : May 8, 2022, 10:14 PM IST

akhil-gogoi-terms-himanta-government-depressive
এবছৰতে ১৫,২৭১.২৭ কোটি টকাৰ ধাৰাত পোত গৈছে হিমন্তৰ চৰকাৰ : অখিল গগৈ

ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত চৰকাৰৰ প্ৰথম বছৰীয়া কাৰ্যকালক লৈ অখিল গগৈৰ সংবাদমেল । বিজেপি চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তিক সামগ্ৰিকভাৱে হতাশা আৰু ব্যৰ্থতাৰ বছৰ আখ্যা ৰাইজৰ দলৰ সভাপতি গৰাকীৰ (Akhil Gogoi terms Himanta government depressive) ৷

গুৱাহাটী, 8মে’: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ এবছৰীয়া কাৰ্যকালক (One year of Himanta government) সামগ্ৰিকভাৱে হতাশাৰ বছৰ বুলি অভিহিত কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে (Akhil Gogoi terms Himanta government depressive) । দেওবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মেল সংবোধন কৰি বিধায়ক অখিল গগৈয়ে কয় যে, চৰকাৰৰ জনবিৰোধী নীতি তথা কাৰ্যকলাপৰ বাবে ৰাইজ আজি হতাশাগ্ৰস্ত হৈ পৰিছে ।

মানুহৰ মাজত বিভাজনকামী ৰাজনীতি (Political polarization in Assam) আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিষবাষ্প (Communal politics in Assam) চটিয়াই দিয়া হৈছে । ২০২৬ চনত এ আই ইউ ডি এফ দলে অসমত চৰকাৰ গঠন কৰিব বুলি ৰাইজৰ মাজত সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰাটো বিজেপিৰ চৰিত্ৰ বুলি উল্লেখ কৰি বিজেপি চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ ব্যৰ্থতাৰ এটা বছৰৰ ৭টা বৈশিষ্ট্য দাঙি ধৰে । তেওঁ কয় যে, আৰ্থিক দৈন্যতাই মানুহক কোঙা কৰি পেলাইছে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এটা বছৰত অসমখন দুখীয়া কৰি পেলোৱাৰ কথা ব্যক্ত কৰি বিধায়ক অখিল গগৈয়ে কয়, অসমবাসীক মূল্যবৃদ্ধিৰ জৰিয়তে কোঙা কৰি পেলাব হৈছে । ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী যে শাসন ভাৰ লোৱাৰ সময়ত হোৱা মূল্যবৃদ্ধিৰ বিপৰীতে এতিয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দায়িত্ব ভাৰ লোৱাৰ এবছৰীয়া কাৰ্যকাললৈ অত্যৱশ্যকীয় খাদ্য সামগ্ৰীৰ দুগুণ মূল্যবৃদ্ধি হৈছে ।

এবছৰতে ১৫,২৭১.২৭ কোটি টকাৰ ধাৰাত পোত গৈছে হিমন্তৰ চৰকাৰ : অখিল গগৈ

তাৰোপৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত ধাৰত পোত গ'ল অসমখন ধাৰত পোত যোৱাৰ কথা উল্লেখ্য কৰি গগৈয়ে কয়, ২০২২ চনৰ ৩১ মাৰ্চত অসমৰ মুঠ ধাৰঃ ১,০৮,৩৪৭.২৭ কোটি টকা ৷ বিফলতাক সফলতা বুলি প্ৰচাৰ কৰিলেও এটা বছৰত অসমত উন্নয়ন শূন্য বুলি ব্যক্ত কৰি বিধায়কগৰাকীয়ে পুনৰ কয়, প্ৰতিটো কথাতে দিল্লীৰ ওচৰত আত্মসমৰ্পণ কৰি অসমৰ স্বাৰ্থ বিসৰ্জন দিয়াটো চৰকাৰখনৰ প্ৰধান চৰিত্ৰ । নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ৰাইজক দিয়া ১০ টা প্ৰতিশ্ৰুতি পুৰণত ১০০% ব্যৰ্থ বুলি ব্যক্ত কৰে ।

ইপিনে, আলফা প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, আমি কোনো ধৰণৰ হত্যাক সমৰ্থন নকৰোঁ । আমি আলফাৰ এই কাৰ্যক গৰিহণা গৰিহনা দিছোঁ । আমি চৰকাৰৰ এণ্টকাউনটাৰকো সমৰ্থন নকৰোঁ, আলফাৰো নকৰোঁ । চৰকাৰৰে সশস্ত্ৰ সংগঠনৰ মিতিৰালি চলি থকা বুলি ব্যক্ত কৰি বিধায়ক অখিল গগৈয়ে কয়, আলোচনা চলি থকাৰ মাজতে এনে ঘটনাই মানুহক বিভ্ৰান্ত কৰিছে ।

লগতে পঢ়ক : আলফাৰ ভিতৰত থকা বহুতকে গোপনে হত্যা কৰিছে আলফাই : ভাস্কৰ জ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.