ETV Bharat / state

শুকুৰবাৰে নিয়া আদালতত হাজিৰ অখিল গগৈক

author img

By

Published : Jan 10, 2020, 1:49 PM IST

ৰাজ্যত সান্ধ্য আইন জাৰী থকাৰ মজতে আন্দোলনৰ নেতৃত্ব লোৱাৰ বাবে যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল কৃষক নেতা অখিল গগৈক ৷ 14 দিনৰ ন্যায়িক জিম্মাৰ অন্তত শুকুৰবাৰে নিয়া আদালতত হাজিৰ কৰা হ’ল অখিল গগৈক ৷ অখিল গগৈৰ সমৰ্থকৰ চিঞৰত উত্তাল হয় আদালতৰ চৌহদ ৷

Akhil Gogoi is been presented at NIA court on Friday
শুকুৰবাৰে নিয়া আদালতত হাজিৰ অখিল গগৈক

গুৱাহাটী,10 জানুৱাৰীঃ 14 দিনৰ ন্যায়িক জিম্মাৰ অন্তত শুকুৰবাৰে নিয়া আদালতত হাজিৰ কৰা হ’ল অখিল গগৈক ৷ অখিল গগৈৰ সমৰ্থকৰ চিঞৰত উত্তাল হয় আদালতৰ চৌহদ ৷ আৰক্ষীৰ তৎপৰতাত সমৰ্থকক আঁতৰাবলৈ চেষ্টা কৰা হয় যদিও সমৰ্থকসকলে গামোচা পিন্ধাই আদৰণি জনায় কৃষক নেতাগৰাকীক ৷ আনহাতে,আদালতৰ চৌহদৰ ভিতৰত "কা" মানি লোৱা নহ’ব বুলি কৈ একত্ৰিত সংগ্ৰাম চলোৱাৰ বাবে সমূহ অসমবাসীকে অভিনন্দন জনায় কৃষক নেতা অখিল গগৈয়ে ৷

শুকুৰবাৰে নিয়া আদালতত হাজিৰ অখিল গগৈক

উল্লেখ্য যে,ৰাজ্যত সান্ধ্য আইন জাৰী থকাৰ মাজতে আন্দোলনৰ নেতৃত্ব লোৱাৰ বাবে যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল কৃষক নেতাগৰাকীক ৷ নিয়াই ডিব্ৰুগড় আৰক্ষী থানাত গগৈৰ বিপক্ষে 13/2019 নং এক গোচৰ ৰুজু কৰিছিল ৷ 11 ডিচেম্বৰৰ পৰা যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা কৃষক নেতাগৰাকীক ১৬ ডিচেম্বত গুৱাহাটীৰ নিয়াৰ আদালতত হাজিৰ কৰোৱা হয় ৷ তাৰ পাচতে আদালতে তেখেতক ১০ দিনৰ বাবে এন আই এৰ জিম্মালৈ প্ৰেৰণ কৰে। অখিল গগৈৰ বিৰুদ্ধে ইতিমধ্যে ইউ এ পি এ'ৰ অধীনত ১২০ (বি), ১২৪ (এ), ১৫৩ (এ), ১৫৩ (বি) ধাৰাৰ লগতে ইউ পি এ (এ) সংলগ্ন ১৮/৩৯ ধাৰাত গোচৰ ৰুজু কৰা হৈছে । তাৰোপৰি নেতা গৰাকীক আদালতত হাজিৰ কৰাৰ পূৰ্বে নিয়াই অখিল গগৈৰ বাসগৃহ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কার্যালয়ত অভিযান চলাই লেপটপৰ লগতে বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰিছিল ।

লগতে পঢ়ক-কলগাছিয়াৰ খাৰবাল্লীত বেকী নদীৰ বিধ্বংসী ৰূপ

Intro:14 দিনৰ ন্যায়িক জিম্মাৰ পিছত শুক্ৰবাৰে উপস্থিত কৰা হল অখিল গগৈক NIA আদালতত। অখিল গগৈৰ সমৰ্থকৰ চিঞৰত উত্তাল হল আদালতৰ চৌহদ। আৰক্ষীৰ তৎপৰতাত সমৰ্থকক আঁতৰাবলৈ চেষ্টা কৰা হয় যদিও সমৰ্থকে গামোচা পিন্ধাই অখিল গগৈক। জয় আই অসম আৰু অখিল গগৈক মুক্তি দিয়াৰ বাবে দাবীৰে উত্তাল আদালতৰ চৌহদ। Body:অখিল গগৈৰ ভাষ্য অসমীয়া ৰাইজে একত্ৰিত হৈ সংগ্ৰাম চলাই যাব লাগিব । অসম বাসী ৰাইজক আন্দোলন জনোৱাৰ বাবেও অভিনন্দন অখিল গগৈৰ।
ৰাইজে যি ধৰণে সংগ্ৰাম চলাইছে সংগ্ৰাম ঐক্যবদ্ধ ভাবে সংগ্ৰাম চলাই যাব লাগিব ।
আদালতৰ চৌহদৰ ভিতৰত কা মানি লোৱা নহব বুলি কয় অখিল গৈগৈয়ে। Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.