ETV Bharat / state

ৰাজ্যজুৰি AJYCP ৰ জোৰ সমদল

author img

By

Published : Sep 7, 2019, 11:28 PM IST

আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰবৰ্তনৰ দাবীত যুৱ ছাত্ৰ পৰিষদে বাহিৰ কৰে জোৰ সমদল । প্ৰতিষ্ঠা কালৰ পৰাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যখনত আন্তঃৰাজ্যিক পাৰপত্ৰৰ দাবী জনাই অহা বুলি মন্তব্য কৰে সংগঠনটোৱে

ৰাজ্যজুৰি AJYCP ৰ জোৰ সমদল

ব্যুৰো, 7 চেপ্তেম্বৰঃ গোলাঘাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ । ৰাজ্যত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰবৰ্তনৰ দাবীত এই প্ৰতিবাদ । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ ব্যৱস্থা নকৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জংগী আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে ।


অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলা সমিতিৰ উদ্যোগত জোৰ সমদল কাৰ্য্যসূচী ৷ আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰবৰ্তনৰ দাবীত যুৱ ছাত্ৰ পৰিষদে বাহিৰ কৰে জোৰ সমদল ।


প্ৰতিষ্ঠা কালৰ পৰাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যখনত আন্তঃৰাজ্যিক পাৰ পত্ৰৰ দাবী জনাই অহা বুলি মন্তব্য যোৰহাট জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ অসমত আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰবৰ্তন নকৰাৰ ফলতেই ৰাজ্যখনৰ খিলঞ্জীয়াৰ প্ৰতি ভাবুকি অহা বুলি মন্তব্য কৰি জোৰ সমদল বাহিৰ কৰে শতাধিক কৰ্মীয়ে ৷


দৰঙটো আন্তঃ ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দাবীত AJYCP ৰ জোৰ সমদল । AJYCP ৰ দৰং জিলা সমিতিৰ উদ্যোগত মঙ্গলদৈ চহৰত জোৰ সমদল ৷ শতাধিক সদস্যই যোগদান কৰে সমদলত ।

ৰাজ্যজুৰি AJYCP ৰ জোৰ সমদল
Intro:Body:গোলাঘাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। নগৰৰ মাজ মজিয়াত জোৰ লৈ শোভাযাত্ৰা। ৰাজ্যত আন্তৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰবৰ্তনৰ দাবীত এই প্ৰতিবাদ। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমত আন্ত ৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ ব্যৱস্থা নকৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অধিক জংগী আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে।Conclusion:Byte 1: নেতা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ।
Byte 2: নেতা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.