ETV Bharat / state

'ফাঁকি পাৰ্টী' বিজেপিৰ স্বৰূপ ওলাল: এজেপি

author img

By

Published : Jun 2, 2021, 10:09 PM IST

অসমবাসী জনসাধাৰণৰ আবেগ জড়িত হৈ থকা কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিব বুলি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বৰমূৰীয়া সকলেই নহয়, স্বয়ং ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে একাধিকবাৰ ঘোষণা কৰিছিল ৷ কিন্তু ইয়াৰ পিছতো দুয়োটা কাগজ কল বিক্ৰীৰ বাবে দিয়া বিজ্ঞাপনৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আঞ্চলিক দল অসম জাতীয় পৰিষদে ৷

ajp reactions on paper mill
'ফাঁকি পাৰ্টী' বিজেপিৰ স্বৰূপ ওলাল : অসম জাতীয় পৰিষদ

গুৱাহাটী, ২ জুন : নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল কোনো অৱস্থাতে বিক্ৰী নকৰে বুলি নিৰ্বাচনৰ পূৰ্বে সদম্ভে ঘোষণা কৰা বিজেপি দলৰ প্ৰকৃত স্বৰূপ ওলাই গ'ল ৷ অসমবাসী জনসাধাৰণৰ আবেগ জড়িত হৈ থকা কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিব বুলি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বৰমূৰীয়া সকলেই নহয়, স্বয়ং ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে একাধিকবাৰ ঘোষণা কৰিছিল ৷ কিন্তু নিৰ্বাচন শেষ হৈ যোৱাৰ পাছতেই এইবাৰ নগাঁও কাগজ কল আৰু কাছাৰ কল দুটা নিলাম কৰিবৰ বাবে নিবিদা আহ্বান কৰাৰ ঘটনাৰ দ্বাৰা বিজেপি দল আৰু ইয়াৰ চৰকাৰৰ ফাঁকিবাজ চৰিত্ৰ প্ৰকট হৈ পৰিছে ৷ - এই মন্তব্য অসম জাতীয় পৰিষদৰ ৷

উল্লেখযোগ্য যে, কাগজ কল দুটা হিন্দুস্তান কাগজ নিগমে নিয়োগ কৰা অৱসায়কে (লিকুউডিটৰ) মঙলবাৰে কাগজ কল দুটা অৱসায়ন কৰাৰ বাবে নিবিদা আহ্বানৰ বিজ্ঞাপন জাৰি কৰা ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই বুধবাৰে এক বিবৃতিত কয় যে, ‘কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দি বিজেপি দল পুনৰ ক্ষমতালৈ আহিছে ৷ গতিকে কাগজ কল দুটা ৰক্ষা কৰাটো এইখন চৰকাৰৰ দায়িত্ব ৷’ লগতে এই দায়িত্ব পালন কৰিবলৈ ৰাজ্য চৰকাৰক জাতীয় পৰিষদে আহ্বান জনায় ৷

লগতে পঢ়কঃ দুৰ্ঘটনাত পতিত নাহিদ আফ্ৰিনৰ পিতৃ-মাতৃৰ বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.