ETV Bharat / state

কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰীয়ে ‘কা’ কৰোঁতেই আন্দোলনৰ হুংকাৰ লুৰীণজ্যোতিৰ

author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 5:07 PM IST

implementation of CAA in Assam
CAA protest in Assam

পুনৰ ৰাজ্যত আৰম্ভ হ’ব নেকি ‘কা’ বিৰোধী আন্দোলন ৷ কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰীয়ে 2024 চনত ‘কা’ বলৱৎ হ’ব বুলি কৰা মন্তব্য়ৰ পাচতেই এই প্ৰশ্ন উত্থাপন হৈছে ৷ ইতিমধ্যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ‘কা’ বলৱৎ হ’লে পুনৰ আন্দোলন হ’ব বুলি মন্তব্য কৰিছে ৷

অসমলৈ কা আহিলে আকৌ আন্দোলন হ’ব

গুৱাহাটী, ২৭ নৱেম্বৰ: ২০২৪ ত দেশত কা বলৱৎ কৰা হ’ব বুলি কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী অজয় মিশ্ৰই কৰা মন্তব্যৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদ অজিত ভূঞা,অ সম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈকে আদি কৰি বিৰোধী সকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে লুৰীণ জ্যোতি গগৈয়ে কয় ‘‘অসমত কোনো কাৰণতে বিদেশী বোজা ল’ব নোৱাৰোঁ । ইয়াত জনতাই সিদ্ধান্ত ল’ব, অসমলৈ কা আহিলে নিশ্চিতভাৱে আন্দোলন হ’ব । ৰাজ্যজুৰি সকলো দল-সংগঠনৰ ঐক্যবদ্ধ আন্দোলন হ'ব । এই বিষয়ে আলোচনা কৰা হ'ব ।’’

‘‘যি জনে ২০২৪ত বলবৎ হ'বই বুলি মন্তব্য কৰিছে তেওঁ অযুক্তিকৰ কথা কৈছে । ১৯৭১চনৰ পিছৰ বিদেশীৰ বোজা অসমে ল'ব নোৱাৰোঁ, যদি এই বোজা প্ৰধানমন্ত্ৰীয়ে ল'ব বিচাৰে সকলোকে গুজৰাটলৈ লৈ যাওক, তাত আমাৰ বিৰোধ কৰিব লগা একো নাই ।’’ লুৰীণে লগতে কয় ৷

আনহাতে সাংসদ অজিত কুমাৰ ভূঞাই কয় যে কা সন্দৰ্ভত কৰা মন্তব্য একমাত্ৰ নিৰ্বাচনকেন্দ্ৰিক । বিজেপিৰ কথাৰ উমান পাবলৈ টান, নিৰ্বাচনৰ সময়ত ইচ্ছু সৃষ্টি কৰাটো বিজেপিৰ ধৰ্ম । ইপিনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে কা অহালৈ বিজেপিৰ চৰকাৰেই নাথাকিব ৷ অহা 3 ডিচেম্বৰতে পাম যাব বিজেপি চৰকাৰৰ ।

উল্লেখ্য যে 2019 চনৰ শেহৰ ফালে আৰু 2020 চনৰ আৰম্ভণিতে অসমত ব্যাপক ৰূপ লৈছে ‘কেব’ বা ‘কা’ বিৰোধী আন্দোলনে ৷ ৰাজ্যৰ প্ৰায় সকলো প্ৰান্তৰ পৰা ৰাইজ ওলাই আহিছিল এই আইনৰ বিৰোধিতা কৰিবলৈ ৷ প্ৰায় অচল হৈ পৰিছিল ৰাজ্যৰ স্বাভাৱিক জীৱন-যাত্ৰা ৷ ইন্টাৰনেট পৰ্যন্ত বন্ধ কৰি দিয়া হৈছিল অসমত ৷ এই আন্দোলনৰ সময়তে আৰক্ষী গুলীত প্ৰাণ হেৰুৱাইছিল পাঁচগৰাকীয়ে ৷ এতিয়া পুনৰ ‘কা’ বলৱৎ কৰিব খোজা বিষয়টোত ৰাইজৰ মাজত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: সত্যৰঞ্জন বৰাক ধৰ্মীয় দালাল আখ্যা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.