ETV Bharat / state

Tripura Assembly Poll: ত্ৰিপুৰাত হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাখান কৰিবলৈ আহ্বান লুৰীণজ্যোতি গগৈৰ

author img

By

Published : Feb 13, 2023, 9:43 PM IST

ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত লুৰীণজ্যোতি গগৈ (Lurinjyoti Gogoi at Tripura election campaign)৷ প্ৰচাৰ অভিযানত অংশ লৈ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাখান কৰিবলৈ আহ্বান জনালে লুৰীণজ্যোতি গগৈয়ে ৷ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ ওচৰত আঁঠু লৈ থোৱা বুলি মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীৰ ৷

Tripura Assembly Poll
হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাখান কৰিবলৈ আহ্বান লুৰিনজ্যোতি গগৈৰ

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী : ‘‘অসমক ধৰ্মৰ ভিত্তিত বিভক্ত কৰাৰ ষড়যন্ত্ৰ পতা হিমন্ত বিশ্ব শৰ্মাৰ তিপ্ৰালেণ্ডৰ বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ নাই ৷” এই গুৰুত্বপূৰ্ণ মন্তব্যৰে ত্ৰিপুৰাত নিৰ্বাচনী ৰণকৌশলত ব্যস্ত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ আক্ৰমণ ৷

সোমবাৰে ত্ৰিপুৰাৰ গোমতি জিলাৰ উদয়পুৰত তিপ্ৰামথা দলৰ হৈ নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ লুৰীণজ্যোতি গগৈৰ (AJP Supports TIPRA Motha in Tripura) ৷ গগৈয়ে লগতে কয়, ‘‘উত্তৰ-পূৰ্বাঞ্চলৰ কোনোবা নেতাই যদি অসমৰ বাহিৰলৈ গৈ এই অঞ্চলৰ খিলঞ্জীয়াৰ কথা কৈছে, তেনেহ'লে সেইজন 'বুবাগ্ৰা' প্ৰদ্যুৎ মাণিক্য (Maharaja Pradyot Manikya)৷

বাকী যিসকল নেতা দিল্লীলৈ যায়, তেওঁলোকে দিল্লীৰ ওচৰত আঁঠু লৈ আহে ৷ হিমন্ত বিশ্ব শৰ্মায়ো দিল্লীত আঁঠু লৈ থৈছে ৷ দিল্লীৰ চকুত চকু থৈ কথা কোৱাৰ সাহস দেখুৱাইছে তিপ্ৰামথাৰ নেতা প্ৰদ্যুৎ মাণিক্যই ৷ গতিকে প্ৰদ্যুৎ মাণিক্যহে আচলতে উত্তৰ-পূৰ্বাঞ্চলৰ নেতা ৷’’ প্ৰদ্যুৎ মাণিক্যৰ হাত শক্তিশালী কৰিবলৈ উত্তৰ-পূবৰ সকলো জাতীয়তাবাদী আঞ্চলিক দলে তিপ্ৰামথাৰ প্ৰতি সমৰ্থন আগবঢ়ওৱা উচিত বুলি গগৈয়ে মতপোষণ কৰে গণসভাত ৷

উল্লেখ্য যে, অহা ১৬ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া ত্ৰিপুৰাত দেওবাৰে আন তিনিগৰাকী দলীয় সতীৰ্থসহ উপস্থিত হয় লুৰীণজ্যোতি গগৈ ৷ তেওঁ সোমবাৰে উদয়পুৰত তিপ্ৰামথাৰ সভাপতি মহাৰাজ প্ৰদ্যুৎ মাণিক্যৰ সৈতে এখন নিৰ্বাচনী সমাৱেশত ভাগ লয় ৷

দেশৰ আন কেইবাখনো ৰাজ্যৰ পৰা অহা সমভাৱাপন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ উপস্থিতিত নিৰ্বাচনী সমাৱেশত ভাষণ দি গগৈয়ে কয়, ‘‘ত্ৰিপুৰাৰ খিলঞ্জীয়া জনগোষ্টীসমূহে বহিৰাগত আগ্ৰাসনৰ ফলত তেওঁলোকৰ ভাষা-সংস্কৃতি হেৰুওৱা নিজ চকুৰে দেখিছো ৷ আমি অসমীয়া মানুহৰ সন্মুখতো একে সংকটে দেখা দিছে ৷ গতিকে আপোনালোকৰ মনৰ বেদনা অনুভৱ কৰিব পাৰিছো ৷’’

‘‘সেই কাৰণে আপোনালোকৰ গ্ৰেটাৰ তিপ্ৰালেণ্ডৰ দাবীৰ প্ৰতি আমি সমৰ্থন আগবঢ়াইছো ৷ কাৰণ আমি বুজি পাওঁ যে অকল গ্ৰেটাৰ তিপ্ৰালেণ্ডৰ জৰিয়তেহে আপোনালোকৰ ৰাজনৈতিক অধিকাৰপ্ৰাপ্তি সম্ভৱ ৷ বিজেপিয়ে উত্তৰ পূবৰ খিলঞ্জীয়াৰ দুখ নুবুজে ৷ তেওঁলোকে কেৱল ঘৰিয়ালৰ চকুপানী টোকে ৷ উত্তৰ-পূবৰ সকলো খিলঞ্জীয়া একত্ৰিত হ'ব পাৰিলেহে দিল্লীয়ে আমাৰ কথা শুনিব ৷" লুৰীণজ্যোতি গগৈয়ে লগতে কয় ৷

উল্লেখ্য যে, অহা ১৬ ফেব্ৰুৱাৰীৰ দিনা আনাৰসৰ ছবিত ভোট দি তিপ্ৰামথাৰ প্ৰাৰ্থীসকলক বিজয়ী কৰিবলৈ গগৈয়ে ৰাইজক আহ্বান জনায় (Lurinjyoti gogoi in Tripura)৷

লগতে পঢ়ক : Aviation hub in India : দেশক বিমান কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ চেষ্টা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.