ETV Bharat / state

Patna Oppositions Meeting : পাটনাৰ বিৰোধী মহাসভালৈ নামাতিলে আজমলক

author img

By

Published : Jun 23, 2023, 12:31 PM IST

Patna Oppositions Meeting
Patna Oppositions Meeting

উপেক্ষিত আজমল ৷ পাটনাৰ বিৰোধীৰ মহাসভালৈ নামাতিলে আজমলক ৷ সপোন ভাগিল বদৰুদ্দিন আজমলৰ ৷

গুৱাহাটী, ২৩ জুন : সপোন আছিল নীতিশ কুমাৰ, শৰদ পাৱাৰ, মমতা বেনাৰ্জী আদিৰ হাতত হাত ধৰি ওপৰলৈ দাঙি নিজকে বিজেপি-বিৰোধী বুলি ৰাষ্ট্ৰীয় পৰ্যায়ত ঘোষণা কৰিব সাংসদ বদৰুদ্দিন আজমলে ৷ পিচে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি ৷ মহাসভাত হাত দঙাৰ সৌভাগ্য অন্তত এইবাৰলৈ নহ’ল আজমলৰ ৷ শুকুৰবাৰে দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে বিহাৰৰ ৰাজধানী পাটনাৰ ওপৰত ৷ কিন্তু তাৰ মাজতে পাটনাই হতাশ কৰিলে সাংসদ বদৰুদ্দিন আজমলক ৷ পাটনাৰ পৰা নাহিল আজমললৈ ভাল খবৰ ৷

নীতিশ কুমাৰৰ দ্বাৰা উপেক্ষিত হ’ল আজমল ৷ মিত্ৰতা বিচাৰি প্ৰত্যাক্ষিত হৈ ধাৰাবাহিকভাৱে কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আক্ৰমণ কৰি আহিছিল AIUDF প্ৰমুখ তথা সাংসদ বদৰুদ্দিন আজমল আৰু তেওঁৰ অনুগামীসকলে । আজমলে উল্লেখ কৰিছিল, কংগ্ৰেছৰ সৈতে মিত্ৰতা ৰাষ্ট্ৰীয় পৰ্যায়ত হ'ব, ছোনিয়া গান্ধীৰ সৈতে । সেই ক্ষেত্ৰত ভূপেন বৰা কোনো ফেক্টৰ নহয়, এয়া আছিল আজমলৰ মনোভাব । কিন্তু তাৰ বিপৰীতে এইবাৰ অসম নহয়, ৰাষ্ট্ৰীয় পৰ্যায়ত বদৰুদ্দিন আজমলে খালে বৃহৎ মুখ থেকেচা ৷

শেহতীয়াকৈ বদৰুদ্দিন আজমলৰ আত্মবিশ্বাস আৰু চাল-চলন প্ৰত্যক্ষ কৰি অসমত সকলোৱে ভাবিছিল যে কংগ্ৰেছক প্ৰত্যাহ্বান জনাই দেশৰ বিৰোধী ঐক্যত ৰাষ্ট্ৰীয় পৰ্যায়ত চামিল হ’ব এআইইউডিএফ ৷ পিছে আজমলৰ আশাত চেঁচাপানী ঢালি দেশৰ বিজেপি-বিৰোধী ঐক্যৰ ২৩ জুনত অনুষ্ঠিত পাটনাৰ সমাবেশলৈ আমন্ত্ৰণ নাপালে আজমলৰ এআইইউডিএফে ৷ কংগ্ৰেছৰ সবল স্থিতিৰ বাবেই যে আজমলৰ দলে পাটনা বৈঠকলৈ আমন্ত্ৰণ নাপালে সেয়া সহজেই অনুমেয় ৷ ইয়াকে লৈ শুকুৰবাৰে পুৱা টুইটাৰযোগে কটাক্ষ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰায়ো ।

শেহতীয়াকৈ বদৰুদ্দিন আজমলৰ নেতৃত্বত AIUDF-ৰ এটা সঁজাতী দলে বিহাৰলৈ গৈ পাটনাত সাক্ষাৎ কৰিছিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ৷ লগতে মুম্বাইলৈ গৈ সাক্ষাৎ কৰিছিল এনচিপিৰ মুৰব্বী তথা প্ৰবীণ ৰাজনীতিক শৰদ পাৱাৰক । উদ্দেশ্য আছিল বিজেপিৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ত একত্ৰিত হোৱা বিৰোধী ঐক্যত প্ৰৱেশ কৰা ৷ কিয়নো অসমত বিজেপিৰ বিৰুদ্ধে একত্ৰিত হোৱা ১২ টা বিৰোধী ৰাজনৈতিক শক্তিয়ে বিজেপিৰ বি-টীম আৰু সাম্প্ৰদায়িক দলৰ অভিযোগেৰে মিত্ৰতাৰ পৰা আঁতৰত ৰাখিছে AIUDF-ক ৷

অসমত বিৰোধীৰ দ্বাৰা প্রত্যাক্ষিত হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত কৌশলেৰে বিৰোধীৰ সন্মিলিত শক্তিত প্ৰৱেশ কৰিব খুজিছিল আজমলে ৷ তাৰবাবে সুৱৰ্ণ সুযোগ হিচাপে ব্যৱহাৰ কৰিব খুজিছিল পাটনাত অনুষ্ঠিত দেশৰ বিৰোধী দলৰ সন্মিলিত শক্তিৰ সমাবেশখন । কিন্তু আপ্ৰাণ চেষ্টা সত্ত্বেও নীতিশ কুমাৰৰ পৰা এআইইউডিএফে আমন্ত্ৰণ নাপালে সভাখনলৈ ৷ বিগত মাহত আজমলে দলে-বলে নীতিশ কুমাৰক সাক্ষাৎ কৰাৰ পিছত প্ৰসংগটোৱে অসমত ব্যাপক চৰ্চা লাভ কৰিছিল ৷ চৰ্চা হৈছিল, 'খেলা দেখুৱাব আজমলে’ । অস্বস্তিত পেলাইছিল কংগ্ৰেছক ।

কিয়নো যদিহে পিছদুৱাৰেদি সোমোৱাৰ দৰে আজমলৰ এআইআউডিএফে বিৰোধীৰ ৰাষ্ট্ৰীয় ঐক্যত প্ৰৱেশ কৰে, তেন্তে অসমত ১১ টা বিৰোধীৰ শক্তিত ফাঁট মেলাটো নিশ্চিত আছিল ৷ কিন্তু খেলা খেলিবলৈ নাপালে আজমলে ৷ কংগ্ৰেছেহে ওলোটাই দেখুৱালে নিজৰ শক্তি ৷ ফলত পাটনাৰ বৈঠকলৈ আমন্ত্ৰণ নোপোৱাৰ লগে লগে ৰাষ্ট্ৰীয় পৰ্যায়ত বিৰোধী ঐক্যত সোমোৱাৰ সপোন ভংগ হ’ল আজমলৰ । এতিয়া আজমলৰ পৰৱৰ্তী পদক্ষেপ কি হয় সেয়া হ’ব মন কৰিবলগীয়া ।

লগতে পঢ়ক :Patna opposition meet today : প্ৰায় ১৮ টাকৈ দলৰ নেতাই অংশগ্ৰহণ কৰিব বৈঠকত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.