ETV Bharat / bharat

Patna opposition meet today : প্ৰায় ১৮ টাকৈ দলৰ নেতাই অংশগ্ৰহণ কৰিব বৈঠকত

author img

By

Published : Jun 23, 2023, 10:48 AM IST

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আয়োজন কৰা বৈঠকত ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে, মমতা বেনাৰ্জী, শৰদ পাৱাৰ, উদ্ধৱ ঠাকৰে উপস্থিত থকাৰ সম্ভাৱনা আছে । দেশৰ বিজেপি বিৰোধী প্ৰায় ১৮ টাতকৈ দলৰ নেতাই অংশ ল'ব বৈঠকত ।

Patna opposition meet today
প্ৰায় ১৮ টাকৈ দলৰ নেতাই অংশগ্ৰহণ কৰিব বৈঠকত

নেশ্যনেল ডেস্ক,২৩ জুন : আজি বিহাৰৰ পাটনাত অনুষ্ঠিত হ'ব বিৰোধী দলৰ বহু প্ৰত্যাশিত বৈঠকখন । ইতিমধ্যে বিহাৰ চৰকাৰে বৈঠকৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰৰ শাসকীয় বিজেপিৰ বিৰুদ্ধে যুঁজৰ সুৰ সলনি কৰিব পৰা এই যুগান্তকাৰী বৈঠকখনত ১৮ টাতকৈও অধিক দলৰ বিশিষ্ট নেতাসকলে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে । বৃহস্পতিবাৰৰ পৰাই কেইবাটাও দলৰ নেতাই পাটনাত বাহৰ পাতিছে ।

আজিৰ দিনটো বিশেষ হিচাপে গণ্য কৰিছে বিৰোধীসমূহে । কিয়নো ভৌগোলিক ৰাজনৈতিক ৰেখাৰে খণ্ডিত হৈ থকা দেশৰ বিৰোধী দলসমূহে কেন্দ্ৰত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি শাসনৰ বিৰুদ্ধে যুটীয়া যুঁজ দিয়াৰ বিষয়ে একত্ৰিত হৈ চিন্তা-চৰ্চা কৰিব এই বৈঠকত । বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আয়োজন কৰা বৈঠকত ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে, মমতা বেনাৰ্জী, শৰদ পাৱাৰ, উদ্ধৱ ঠাকৰেকে ধৰি ১৮ টাতকৈও অধিক দলৰ নেতাই অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ।

মুখ্য নেতাসকলৰ ব্যস্ততাৰ বাবে পূৰ্বে দুবাৰকৈ পিছুৱাই দিয়া পাটনাৰ এই বৈঠক সফল কৰাৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে যথেষ্ট চেষ্টা চলাইছে । এই বৈঠকৰ সঠিক কাৰ্যসূচী উল্লেখ কৰা হোৱা নাই কিন্তু দলসমূহৰ মাজত সাধাৰণ বুজাবুজি হৈছে আৰু তেওঁলোকৰ মতভেদ ত্যাগ কৰি বিজেপিৰ সৈতে মোকাবিলা কৰিবলৈ একত্ৰিত হ'বলৈ সাজু হৈছে ।

অৱশ্যে উমৈহতীয়া নূন্যতম কাৰ্যসূচী আৰু নিৰ্বাচনী বুজাবুজিৰ ওপৰত আলোচনা হ'ব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই । ইয়াৰ মাজতে আকৌ বিৰোধী দলবোৰৰ ভিতৰৰ পৰা অস্বীকাৰ আৰু ভিন্নমতৰ কেইবাটাও কণ্ঠস্বৰ ওলাই অহা দেখা গৈছে । হিমাচল প্ৰদেশ আৰু কৰ্ণাটকত নিৰ্বাচনী সফলতাৰ পাছত কংগ্ৰেছৰ ৰণনীতি কি হ'ব তাক লৈ তেওঁলোকৰ মূল চিন্তা ।

দিল্লীত অসামৰিক সেৱা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা বিতৰ্কিত অধ্যাদেশৰ বিৰুদ্ধে কংগ্ৰেছে সমৰ্থন নকৰিলে বিৰোধী ঐক্যৰ অংশ নহ'ব বুলি আম আদমি পাৰ্টীয়ে ইতিমধ্যে ঘোষণা কৰিছে । তৃণমূল কংগ্ৰেছে আকৌ কৈছে যদি তেওঁলোকে চিপিআই(এম)ৰ সৈতে হাত মিলায় তেন্তে তেওঁলোকে কংগ্ৰেছক সহযোগিতা নকৰে ।

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও পাটনাৰ এই বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা নাই কিয়নো তেওঁৰ দল ভাৰত ৰাষ্ট্ৰ সমিতিয়ে (বিআৰএছ) কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলৰ পৰা সমান দূৰত্ব বজাই ৰখাৰ সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক :Prashant Kishor Attack Nitish Kumar : বিৰোধী ঐক্য বৈঠকক সমালোচনা; নীতিশ কুমাৰক আক্ৰমণ প্ৰশান্ত কিশোৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.