ETV Bharat / state

Assam Assembly Winter Session : বৰদোৱা উচ্ছেদকলৈ এ আই ইউ ডি এফৰ বিধায়কৰ সদনত্যাগ

author img

By

Published : Dec 20, 2022, 4:49 PM IST

পঞ্চদশ অসম বিধানসভা-২০২২ বৰ্ষৰ শীতকালীন অধিৱেশন মঙলবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৷ মঙলবাৰে বৰদোৱাৰ উচ্ছেদকলৈ এআইইউডিএফৰ বিধায়কসকলে সদন ত্যাগ কৰে (AIUDF MLAs leaves assembly) ৷

AIUDF MLAs leave the House
বৰদোৱা উচ্ছেদকলৈ এআইইউডিএফৰ বিধায়কৰ সদন ত্যাগ

বৰদোৱা উচ্ছেদকলৈ এআইইউডিএফৰ বিধায়কৰ সদন ত্যাগ

গুৱাহাটী, 20 ডিচেম্বৰ : অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ (Assam Legislative Assembly) প্ৰথম দিনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ মঙলবাৰে বৰদোৱা উচ্ছেদকলৈ এ আই ইউ ডি এফৰ বিধায়কসকলে সদনত্যাগ কৰে (AIUDF MLAs leaves Assembly Session) ৷ চৰকাৰে চলাই থকা উচ্ছেদক লৈ এ আই ইউ ডি এফৰ বিধায়কসকলে সদনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিধায়কসকলে হাতে-হাতে প্লে’কাৰ্ড লৈ চৰকাৰে অমানৱীয়ভাৱে উচ্ছেদ অভিযান চলোৱাৰ অভিযোগ তুলি বিধানসভাৰ চৌহদ উত্তাল কৰি তোলে ৷

মন কৰিবলগীয়া যে, কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়েও (MLA Sherman Ali)এ আই ইউ ডি এফৰ বিধায়কসকলৰ লগত প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, নগাঁৱৰ বটদ্ৰৱাত চৰকাৰে চলাই থকা উচ্ছেদ অভিযানৰ(Eviction drive at Batadrava) বিৰোধিতা কৰি এ আই ইউ ডি এফৰ বিধায়কসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

এই সন্দৰ্ভত এ আই ইউ ডি এফৰ মুখপাত্ৰ আমিনুল ইছলামে কয় যে ‘‘বসুন্ধৰা আঁচনিৰ(Mission Basundhara) কাম চলি থকাৰ সময়তে চৰকাৰে অমানবীয়ভাৱে বটদ্ৰৱাত উচ্ছেদ অভিযান চলাই আছে ৷ এই উচ্ছেদ মুছলমান বিদ্বেষী ৷ এফালে এচামক মাটিৰ অধিকাৰ দিছে আনফালে এচামক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি‌ আছে ৷ চৰকাৰে কৈছে যে, চৰৰ মানুহক মাটিৰ অধিকাৰ দিয়া নহ'ব’’ ৷ এয়া অন্যায় বুলি মন্তব্য কৰে আমিনুল ইছলামে ৷

উল্লেখ্য যে, অসম আৰু মেঘালয়ৰ শেহতীয়া সংঘাত সন্দৰ্ভত বিগত সময়ছোৱাত ৰাজ্যজুৰি সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ প্ৰসংগ উত্থাপন কৰি সদনৰ মজিয়া উত্তপ্ত কৰি তোলে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে (Sivsagar MLA Akhil Gogoi) । প্ৰশ্নোত্তৰ কালত পৰিপূৰক প্ৰশ্ন উত্থাপন কৰাৰ বাবে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অখিল গগৈক নিজৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰে (Assam Legislative assembly Biswajit Daimary) ।

কিন্তু অখিল গগৈয়ে বাৰে বাৰে অধ্যক্ষৰ নিৰ্দেশ অমান্য কৰাৰ‌ অভিযোগত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অখিল গগৈক সদনৰ পৰা নিলম্বন কৰে (Akhil Gogoi suspended from winter session Assam assembly) । লগতে মাৰ্শ্বালৰ দ্বাৰা সদনৰ পৰা বাহিৰ কৰি দিয়া হয় শিৱসাগৰৰ বিধায়কজনক । অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অখিল গগৈক আজিৰ প্ৰশ্নোত্তৰ কালৰ বাবে সদনৰ পৰা নিলম্বন কৰে ।

উল্লেখ্য যে, পঞ্চদশ অসম বিধান সভা-২০২২ বৰ্ষৰ শীতকালীন অধিৱেশনখন মঙলবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় ৷ পুৱা 9.30 বজাৰ পৰা প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হয় বিধানসভাৰ শীতকালীন অধিৱেশন ৷ এই অধিৱেশনত 11 খন বিধেয়ক সংশোধনীৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হ'ব (Bill Amendment in Assam Assembly)। আকৌ এখন বিধেয়ক বাতিলৰ বাবেও উত্থাপন কৰা হ'ব প্ৰস্তাৱ।

লগতে পঢ়ক: Assam assembly winter session: সদনৰ পৰা মাৰ্শ্বাল লগাই বাহিৰ কৰি দিয়া হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.