ETV Bharat / state

বিজেপি চৰকাৰৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব কংগ্ৰেছে

author img

By

Published : Jun 15, 2022, 8:25 PM IST

বিজেপি চৰকাৰৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব কংগ্ৰেছে
বিজেপি চৰকাৰৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব কংগ্ৰেছে

দিল্লী আৰক্ষীয়ে কংগ্ৰেছৰ নেতাৰ ওপৰত আক্ৰমণ কৰাৰ লগতে দিল্লীৰ ৰাজীৱ ভৱন(Delhi Rajiv Bhawan) দখল কৰাৰ অভিযোগ কংগ্ৰেছৰ ৷ এই সন্দৰ্ভত বুধবাৰে সমগ্ৰ দেশতে সংবাদ মেল সম্বোধন কৰে কংগ্ৰেছ দলে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি ভূপেন বৰাই আজিৰ দিনটোক ভাৰতৰ স্বাধীনোত্তৰ কালৰ এটা ক'লা অধ্যায় আখ্যা দিয়ে ৷

গুৱাহাটী, ১৫ জুন: বুধবাৰে ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই(APCC president Bhupen Bora) এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত তেওঁ কয় যে, ভাৰতৰ স্বাধীনোত্তৰ কালৰ আজি এটা ক'লা অধ্যায় । দিল্লী আৰক্ষীয়ে কংগ্ৰেছৰ নেতাৰ ওপৰত আক্ৰমণ কৰাৰ লগতে ৰাজীৱ ভৱনৰ(Delhi Rajiv Bhawan) কাৰ্যালয় দখল কৰিছে ।

ৰাজীৱ ভৱনৰ কাৰ্যালয়ৰ পৰা আৰক্ষীয়ে কংগ্ৰেছৰ নেতাসকলক গতিয়াই উলিয়াই দিয়া বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, এইদৰে বিজেপি চৰকাৰে একনায়কত্ববাদ চলাইছে । সেয়েহে ইয়াৰ প্ৰতিবাদত বুধবাৰে দেশৰ প্ৰতিখন ৰাজ্যতে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰা হৈছে ।

বিজেপি চৰকাৰৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব কংগ্ৰেছে

কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে দিনৰ 11 বজাত ৰাজভৱনত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি জানিবলৈ দিয়ে ভূপেন বৰাই । আনহাতে অহা শুকুৰবাৰেও প্ৰতিখন জিলাৰ উপায়ুক্ত কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

আনহাতে বুধবাৰে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা(Artificial flood in Guwahati) সমাধানত বিজেপি চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগত অসম প্ৰদেশ কংগ্ৰেছে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে (APCC protest in Guwahati)৷ প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় হতাহতিৰ ৷ হতাহতিত দিছপুৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত হিমাংশু দাসৰ(ACP Himanshu Das) লগতে কেইবাজনো প্ৰতিবাদকাৰী আহত হয় (Conflict between congress workers and police)। সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰকিবুল হুছেইনে ৷

বিধায়কগৰাকীয়ে কয় যে, আৰক্ষী বিষয়াজনৰ সৈতে কথা পাতিছো । কেনেকৈ আঘাতপ্ৰাপ্ত হৈছে তেওঁ নিজেই কৈছে । অসাৱধানৱশতঃ দলীয় পতাকা উলোমাই ৰখা এডাল লাঠি লাগিহে আঘাতপ্ৰাপ্ত হোৱাৰ কথা আৰক্ষী বিষয়াজনে জানিবলৈ দিয়া বুলি কয় ৰকিবুল হুছেইনে ৷ জিপি সিঙে(Special DGP GP Singh) যদি Lawful action ল’ম বুলি কৈছে, তেন্তে বিষয়টো অন্যফালে নিব বিচাৰিছে বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে(MLA Rakibul Hussain)।

ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলখনত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন ছিকদাৰ, ৰাণা গোস্বামীকে ধৰি কেইবাজনো নেতা-বিধায়ক ।

লগতে পঢ়ক: মন্ত্রী অশোক সিংঘালক মুখ্যমন্ত্রীয়ে জবাবদিহি কৰক: বিৰোধী দলপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.