ETV Bharat / city

মন্ত্রী অশোক সিংঘালক মুখ্যমন্ত্রীয়ে জবাবদিহি কৰক: বিৰোধী দলপতি

author img

By

Published : Jun 15, 2022, 5:44 PM IST

গুৱাহাটীৰ নলা নৰ্দমাসমূহ পৰিষ্কাৰ কৰাৰ লক্ষ্যৰে ৩০ কোটি টকা ব্যয় কৰি চৰকাৰে ১০খন Super Sucker কিনিছিল যদিও তাৰে কেইখনমান গুৱাহাটীৰ কাৰণে উপযুক্ত নহয় । ৰাজধানী চহৰ গুৱাহাটী মহানগৰীক কৃত্ৰিম বানৰ পৰা মুক্ত কৰাৰ বাবে দাবী জনাইছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ।

মন্ত্রী অশোক সিংঘালক মুখ্যমন্ত্রীয়ে জবাবদিহি কৰক: বিৰোধী দলপতি
মন্ত্রী অশোক সিংঘালক মুখ্যমন্ত্রীয়ে জবাবদিহি কৰক: বিৰোধী দলপতি

গুৱাহাটী, ১৫ জুন: ৰাজধানী চহৰ গুৱাহাটী মহানগৰীক কৃত্ৰিম বানৰ পৰা মুক্ত কৰাৰ বাবে পৰিকল্পিত হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী আঁচনি গ্ৰহণৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই (Leader of opposition demands for long and short term policies for flood control)। তেওঁ গুৱাহাটী মহানগৰীৰ শেহতীয়া ভয়াৱহ কৃত্ৰিম বানপানী সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ কেতবোৰ প্ৰশ্ন উত্থাপন কৰি এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

মন্ত্রী অশোক সিংঘালক মুখ্যমন্ত্রীয়ে জবাবদিহি কৰক: বিৰোধী দলপতি

বিৰোধী দলপতিগৰাকীয়ে কয় যে কৃত্ৰিম বানৰ সমস্যা গুৱাহাটী মহানগৰীত দিনক দিনে ভয়াৱহ হৈ পৰিছে । এইক্ষেত্ৰত চৰকাৰে বিগত সময়চোৱাত লোৱা কোনো আঁচনিয়েই ফলপ্ৰসূ হোৱা নাই । ইতিমধ্যে গুৱাহাটী মহানগৰী কৃত্ৰিম বানৰ ফলত জলমগ্ন হৈ পৰিছে । তেওঁ কয় যে এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ যথাযথ পদক্ষেপ গ্ৰহণ কৰাত গুৱাহাটী উন্নয়ন, নগৰ আৰু পৰিকল্পনা বিভাগৰ মন্ত্ৰী অশোক সিংঘাল সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ।

গুৱাহাটীৰ নলা নৰ্দমাসমূহ পৰিষ্কাৰ কৰাৰ লক্ষ্যৰে ৩০ কোটি টকা ব্যয় কৰি চৰকাৰে ১০খন Super Sucker কিনিছিল যদিও তাৰে কেইখনমান গুৱাহাটীৰ কাৰণে উপযুক্ত নহয় । এই সন্দৰ্ভত তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মন্ত্ৰী অশোক সিংঘালক জবাবদিহি কৰাৰ দাবী জনায় ।

লগতে পঢ়ক: পানী কমাৰ লক্ষণেই নাই: GMC য়ে অভিযান চলায়েই আছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.