ETV Bharat / state

Agricultural land of Assam is shrinking: চিন্তনীয় ৰূপত হ্ৰাস পাইছে ৰাজ্যৰ কৃষিভূমি

author img

By

Published : Feb 25, 2023, 9:04 PM IST

উদ্যোগীকৰণ, নগৰীকৰণ তথা গৰাখহনীয়া আদিয়ে ধ্বংস কৰি গৈছে ৰাজ্যৰ কৃষিভূমি । পুঁজিপতি তথা ৰাজনীতিকৰ হাতোৰাত তচনচ হৈছে ৰাজ্যৰ সেউজ কৃষিভূমি । ৰাজ্যৰ ১২খন জিলাত তিনি বছৰত অ-কৃষিভূমিৰ পৰিমাণ ৮৭,৪৫৭ বিঘালৈ বৃদ্ধি পাইছে(Agricultural land of Assam is declining alarmingly) ।

Agricultural land of Assam is declining alarmingly
চিন্তনীয় ৰূপত হ্ৰাস পাইছে ৰাজ্যৰ কৃষিভূমি

গুৱাহাটী,২৫ ফেব্ৰুৱাৰী: অত্যন্ত উদ্বেগৰ বিষয় যে কৃষি প্ৰধান ৰাজ্য অসমৰ কৃষিভূমি ক্ৰমাৎ কমি আহিছে(Agricultural land of Assam is shrinking) । এক কথাত ক'বলৈ গ'লে ৰাজ্যজুৰি চলিছে কৃষিভূমিৰ অবাধ ধ্বংসযজ্ঞ । পুঁজিপতি আৰু ৰাজনীতিকৰ হাতোৰাত তচনচ হৈছে ৰাজ্যৰ সেউজ কৃষিভূমি । আইনক ভেঙুচালি কৰি দ্ৰুতগতিত পথাৰসমূহ অনা-কৃষিভূমিলৈ পৰ্যবসিত হৈছে । ৰাজ্যৰ কৃষিভূমিক বিভিন্ন উন্নয়নমূলক নির্মাণকাৰ্যৰ বাবে ব্যৱহাৰ কৰা হৈছে(Agricultural land of Assam is declining alarmingly) ।

ৰে'ললাইন, ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি অন্যান্য চৰকাৰী উন্নয়নমূলক প্রকল্প, উদ্যোগীকৰণ, ব্যক্তিগত ব্যৱসায়-বাণিজ্যৰ, চহৰায়নৰ উদ্দেশ্যে ৰাজ্যখনৰ কৃষিভূমিৰ ওপৰত একপ্ৰকাৰ চলিছে ভূমি আগ্রাসন(Use of agricultural land for development works) । উল্লেখ্য যে ৰাজ্যখনৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি গৰাখহনীয়াত জাহ যোৱাৰ লগতে নগৰীকৰণ, উদ্যোগীকৰণ আৰু নতুন নতুন গাঁও সৃষ্টিৰ পৰিণতিত কৃষিভূমি পৰিৱৰ্তিত হৈছে অনা-কৃষিভূমিলৈ(Agricultural land has been washed away by erosion) ।

লক্ষণীয় বিষয় যে ৰাজ্যৰ ১২ খন জিলাত বিগত তিনি বছৰত এনে অ-কৃষিভূমিৰ পৰিমাণ ৮৭,৪৫৭ বিঘালৈ বৃদ্ধি পাইছে । ২০২১ চনৰ তথ্য অনুসৰি ৰাজ্যত মুঠ অ-কৃষিভূমি ১৩০৪৯৫২ হেক্টৰ অৰ্থাৎ ৯৭৮৭১৪০ বিঘা হৈছেগৈ । ‍আনহাতে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে শ্ৰেণী পৰিৱৰ্তনৰ জৰিয়তে হেজাৰ হেজাৰ বিঘা কৃষিভূমি ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰা হৈছে । ৰাজ্যত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দিনত ৩১ নং ঘাইপথৰ জালুকবাৰীৰ পৰা টিহুলৈ ঔদ্যোগিক পৰিমণ্ডল ঘোষণা, জালুকবাৰীৰ পৰা কুকুৰমাৰালৈ আন এক ঔদ্যোগিক পৰিমণ্ডল ঘোষণা, জাগীৰোডলৈ ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণ, বিভিন্ন ঠাইত ৰাস্তা-ঘাট, ৰাজহুৱা প্ৰতিষ্ঠান আদি নির্মাণকে ধৰি বিভিন্ন উন্নয়নমূলক প্রকল্পৰ বাবেই ৰাজ্যত অ-কৃষিভূমিৰ পৰিমাণ বৃদ্ধি পাইছে ।

সেই একেই গতিত আগুৱাই গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ । চিকিৎসা মহাবিদ্যালয়, খেলপথাৰ, ৰাস্তা-ঘাট, অন্যান্য প্রতিষ্ঠান নিৰ্মাণৰ নামত হেজাৰ হেজাৰ বিঘা কৃষিভূমি অধিগ্ৰহণ কৰা হৈছে । লেণ্ড ইউটিলাইজেচন ষ্টেটিছটিক্সৰ তথ্য অনুসৰি ৰাজ্যখনত ২০১৫-১৬ বৰ্ষত মুঠ কৃষিভূমি আছিল ২৮,০১,৪৭২ হেক্টৰ । কিন্তু বিগত ছটা বছৰত এই কৃষিভূমিৰ পৰিমাণ ৩.৬৪ শতাংশ হ্রাস হৈ ২৬,৯৯,৪৬৭ হেক্টৰ হৈছে ।

কৃষিভূমি হ্রাস হোৱাৰ মূল কাৰণ গৰাখহনীয়াকে ধৰি কৃষিভূমিত নিৰ্মাণকাৰ্য আৰু বিভিন্ন ধৰণৰ উন্নয়নমূলক কাৰ্য কৰাৰ পৰিণতি বুলি কোৱা হৈছে । উল্লেখ্য যে ৰাজ্যৰ ৰাজহ বিভাগে মুঠ মাটিকালিক কেইবাটাও ধৰণে শ্রেণী বিভাজন কৰিছে । তথ্য অনুসৰি ৰাজ্যখনত ভৌগোলিক এলেকাৰ পৰিমাণ হ’ল ৭৮,৪৩,৮০০ হেক্টৰ ৷ ইয়াৰে বনভূমিৰ পৰিমাণ হৈছে ১৮,৫২,৬৯৫ হেক্টৰ । অনা-কৃষিভূমিৰ পৰিমাণ হৈছে ১৩,০৪,৯৫২ হেক্টৰ ।

আনহাতে অনুৰ্বৰ আৰু আনুষংগিক ভূমিৰ পৰিমাণ হৈছে ১২,১৭,১৭৭ হেক্টৰ । তথ্য অনুসৰি ৰাজ্যৰ ভিতৰতে সৰ্বাধিক শোণিতপুৰ জিলাত অনা-কৃষিভূমিৰ পৰিমাণ ব্যাপক হাৰত বৃদ্ধি পাইছে । জিলাখনত তিনিটা বছৰত সৰ্বাধিক ৬,৩৬১ হেক্টৰ অৰ্থাৎ ৪৭,৭০৭ বিঘা বৃদ্ধি হৈ মুঠ অনা-কৃষিভূমিৰ পৰিমাণ ১,৫৭,৩৪৯ হেক্টৰ অৰ্থাৎ ১১৮০৪১৭ বিঘা হৈছে । তেনেদৰে কোকৰাঝাৰত অনা-কৃষিভূমিৰ পৰিমাণ হৈছে ১৩,৪১৭ বিঘা ।

সেইদৰে গোৱালপাৰাত ২৫৫ বিঘা, কামৰূপ গ্ৰাম্য জিলাত ৫২৫ বিঘ‍া, কামৰূপ মহানগৰত ১৯,৪২১ হেক্টৰ, বৰপেটা জিলাত ২১০ বিঘা, নগাঁৱত ৪৬,৫৬৯ হেক্টৰ, যোৰহাটত ৫৩২ বিঘা, শিৱসাগৰত ৩৬,৯৯৮ হেক্টৰ, কাছাৰ জিলাত ৫০,৮৩০ হেক্টৰ, কৰিমগঞ্জ জিলাত ৩৯,৯২০ হেক্টৰ হৈছে অনা-কৃষিভূমিৰ পৰিমাণ । এনেদৰে ৰাজ্যখনৰ ১২ খন জিলাত বিগত তিনিটা বছৰত ৮৭,৪৫৭ বিঘা অনা কৃষিভূমিৰ পৰিমাণ বৃদ্ধি পায় ।

উল্লেখ্য যে, ৰাজ্যত বিগত তিনি বছৰত বৃদ্ধি পোৱা এই ৮৭,৪৫৭ বিঘা ভূমি পূর্বে কৃষিভূমি আছিল যদিও এই ভূমি এতিয়া অনা কৃষিভূমিৰূপে ব্যৱহাৰ হৈছে । এনে প্ৰেক্ষাপটত ৰাজ্যখনৰ কৃষি অর্থনীতিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে আৰু গৰিষ্ঠসংখ্যক লোকৰ জীৱন-জীৱিকালৈও অন্ধকাৰ নামি আহিছে । ইফালে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱো ৰাজ্যখনৰ কৃষিখণ্ডৰ ওপৰত বেয়াকৈ পৰিছে ।

উদ্বেগৰ বিষয় যে দেশৰ স্পর্শকাতৰ জিলাৰ ১৫ খনেই হৈছে অসমৰ । জলবায়ুৰ অস্বাভাৱিক পৰিবৰ্তনৰ ফলত ক্ৰমশঃ ৰাজ্যখনত অস্বাভাৱিকভাৱে তাপমাত্রা বৃদ্ধি পোৱাৰ বিপৰীতে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ । ৰাজ্যৰ কেইবাটাও অঞ্চলৰ ভূ-গর্ভস্থ পানীৰ পৰিমাণ হ্রাস হোৱাৰ তথ্য পোহৰলৈ আহিছে । বিগত ৩০ বছৰত ৰাজ্যখনত হোৱা উষ্ণতাৰ তথ্য বিশ্লেষণ কৰি দেখা গৈছে যে অসমৰ বছৰেকীয়া গড় উষ্ণতা ক্রমান্বয়ে বাঢ়ি গৈছে । যাৰ প্ৰভাৱ পৰিছে ৰাজ্যখনৰ কৃষিখণ্ডৰ ওপৰত । এনে পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বহু কৃষিভূমি অনাকৃষিভূমিলৈ পৰিৱৰ্তিত হৈছে । এই সমগ্ৰ প্ৰেক্ষাপটত চৰকাৰে যথোচিত ব্যৱস্থা গ্ৰহণ নকৰিলে কৃষিপ্ৰধান ৰাজ্যখনৰ কৃষিখণ্ডৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব ।

লগতে পঢ়ক: A government school in the spotlight: চৰ্চাত থকা ৰাজ্যৰ এখন বিশেষ চৰকাৰী বিদ্যালয়

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.