ETV Bharat / state

Lok Sabha election preparation of AGP : ২০২৪ৰ লোকসভাৰ বাবে অগপক লাগে চাৰিটা সমষ্টি

author img

By

Published : May 9, 2023, 10:52 PM IST

প্ৰতিটো ৰাজনৈতিক দলৰ দৰে বিজেপিৰ মিত্ৰদল অগপইও লোকসভা নিৰ্বাচনক লৈ ৰণনীতি প্ৰস্তুত কৰিছে (AGP strategy for MP election)। ৰাজ্যৰ আটাইকেইটা সমষ্টিতে অগপই চলাইছে সমীক্ষা । কংগ্ৰেছৰ বহু নেতাইও অগপত যোগদানৰ বাবে বাট চাই আছে ।

Lok Sabha election preparation of AGP
২০২৪ৰ লোকসভাৰ বাবে অগপক লাগে চাৰিটা সমষ্টি

২০২৪ৰ লোকসভাৰ বাবে অগপক লাগে চাৰিটা সমষ্টি

গুৱাহাটী, ৯ মে': আন শাসক বিৰোধী ৰাজনৈতিক দলবোৰৰ দৰেই ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বতাহে বাৰুকৈয়ে কোৱাইছে অসমৰ অন্যতম আঞ্চলিকতাবাদী দল অসম গণ পৰিষদকো (Lok Sabha Election 2024) ৷ শাসকীয় বিজেপিৰ মিত্ৰ দল স্বৰূপে ৰাজ্যৰ বিজেপি চৰকাৰৰো অংশীদাৰ অগপই আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে নিজাকৈ কচৰৎ আৰম্ভ কৰিছে ৷ নিজৰ দলীয় সংগঠন শক্তিশালী হৈ থকা কেইবাখনো জিলাত ইতিমধ্যে কৰ্মী সমাৰোহ পাতিছে অগপই ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে অগপ (AGP preparation for Lok Sabha Election)৷

২০২৪ত লোকসভা নিৰ্বাচনৰ বাবে অসমৰ ১৪ খন আসনৰ ৪ আসনত প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু হৈছে জাতীয়তাবাদী দলটো (AGP demands 4 Parliamentary Seat)৷ দলটোৰ অন্যতম সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মঙলবাৰে সদৰী কৰে যে, এইবাৰ লোকসভা নিৰ্বাচনত অগপই এনডিএ মিত্ৰজোঁটলৈ চাৰিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়াব ৷ জয়ৰ ১০০ শতাংশ সম্ভাৱনা থকা সমষ্টি কেইটা অগপলৈ এৰি দিবলৈ আহ্বান জনাব ৷

অগপৰ জয়ৰ সম্ভাৱনা থকা সমষ্টি সন্দৰ্ভত সমষ্টি পৰ্যায়ত অগপই নিজাববীয়াকৈ সমীক্ষা চলাই আছে ৷ ৰাজ্যৰ ১৪ টা সমষ্টিতে এই সমীক্ষা চলি আছে বুলি মন্তব্য কৰে অগপৰ সাধাৰণ সম্পাদকগৰাকীৰ । আনহাতে অগপই নিজৰ শক্তি বৰ্ধনৰ বাবে তৃণমূল পৰ্যায়ত কাম অব্যাহত ৰখা বুলিও মন্তব্য অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ৷ আনহাতে লোকসভা নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যৰ বিৰোধীৰ একাধিক ৰাজনৈতিক দলৰ প্ৰাক্তন আৰু বৰ্তমানৰ বিধায়কে অগপত যোগদান কৰিব বুলিও মন্তব্য কৰে অগপৰ জ্যেষ্ঠ নেতা গৰাকীৰ ।

তেওঁলোকে অগপৰ নেতৃত্বৰ সৈতে যোগাযোগ কৰি থকা বুলিও মন্তব্য কলিতাৰ । বিশেষকৈ কংগ্ৰেছৰ প্ৰাক্তন আৰু বৰ্তমানৰ বিধায়কে যোগাযোগ কৰি থকা বুলি তেওঁ মন্তব্য কৰে ৷ দেখা গৈছে যে ইতিমধ্যে অগপই নগাঁও, কলিয়াবৰ, বৰপেটা আৰু ধুবুৰী সমষ্টিত নিজৰ ভেঁটি সৱল কৰিবৰ বাবে দলীয় সভা-সমিতি ধাৰাবাহিকভাৱে আয়োজন কৰিছে । সেয়ে অগপই এই ৪ খন আসনত নিজা প্ৰাৰ্থী আগবঢ়াবৰ বাবে বিজেপিলৈ আহ্বান জনাব বুলি ধাৰণা কৰা হৈছে ৷

ইতিপূৰ্বে পূৰ্ববৰ্তী লোকসভা নিৰ্বাচনত বৰপেটা আৰু কলিয়াবৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজয় কৰিব লগা হৈছিল ৷ মন কৰিবলগীয়া হ'ব বিগ ব্ৰাডাৰ বিজেপিয়ে অগপৰ আহ্বানলৈ সঁহাৰি দিয়ে নে নিদিয়ে ! নে পূৰ্বৰ দৰে জয়ৰ সম্ভাৱনা কম থকা সংখ্যালঘু ভোটাৰে ফলাফল নিৰ্ণয় কৰাত প্ৰাধান্য লোৱা বৰপেটা আৰু কলিয়াবৰ এই দুটা সমষ্টিতে প্ৰাৰ্থিত্ব দিবলৈ সৈমান হয় ৷

অৱশ্যে সমষ্টি পুনৰ নিৰ্ধাৰণে অগপই লোকসভাৰ বাবে বিচৰা সমষ্টি কেইটা কিদৰে সালসলনি কৰে তাৰ ওপৰতো বিষয়টো নিৰ্ভৰ কৰিব ৷ লগতে বিজেপিৰ এইবাৰ লোকসভা নিৰ্বাচনত টাৰ্গেট অসমৰ ১৪ খন আসনৰ ১২ খন আসনত জয়লাভ কৰা ৷ তেনে প্ৰেক্ষাপটত ১৪ টা সমষ্টিতে মিত্ৰজোঁটৰ ভোট অক্ষুণ্ণ ৰাখিবলৈ নিৰ্দিষ্ট কিছু সমষ্টিত অগপৰ সাংঠনিক ভেটি শক্তিশালী কৰাটোও বিজেপিৰ বাবে প্ৰয়োজনীয় হৈ পৰিছে ৷ স্বাভাৱিকতে অগপই চাৰিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব নে নোৱাৰে তাৰ বাবে আৰু কিছুদিন অপেক্ষা কৰিব লাগিব ৷

লগতে পঢ়ক :Lok Sabha Election 2024 : বিজেপিক ৰুধিবলৈ বিকল্প বিচাৰিছে কংগ্ৰেছে; লুৰীণ বা অখিলক দিব নেকি প্ৰাৰ্থিত্ব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.