ETV Bharat / state

Bandana Kalita Murder case update: অনুতপ্তহীন কাৰাবন্দী বন্দনা কলিতা, অভিযোগনামা দাখিলৰ প্ৰস্তুতি নুনমাটি আৰক্ষীৰ

author img

By

Published : Apr 26, 2023, 4:17 PM IST

Noonmati police will file Charge sheet
অনুতপ্তহীন কাৰাবন্দী বন্দনা কলিতা

কোনো ধৰণৰ মানসিক পৰিৱৰ্তন হোৱা নাই দুটাকৈ হত্যাকাণ্ডত জড়িত বন্দনা কলিতাৰ (Double murder case in Guwahati) ৷ দুটাকৈ নৃশংস হত্যা সংঘটিত কৰি মাহৰ পাচত মাহ অতি স্বাভাৱিক জীৱন কটোৱা বন্দনা কলিতাই আৰক্ষীৰ হাতত ধৰা পৰাৰ পিছত কাৰাবন্দী হৈয়ো অতি স্বাভাৱিক জীৱন অতিবাহিত কৰি আছে(Bandana Kalita mental health update) ৷ অভিযোগনামা দাখিল কৰিবলৈ প্ৰস্তুত হৈছে নুনমাটি আৰক্ষী ৷

গুৱাহাটী, ২৬ এপ্ৰিল: সাধাৰণতে হত্যাকাণ্ডৰ দৰে জঘন্য অপৰাধ সংঘটিত কৰিলে অপৰাধীৰ মানসিক সন্তুলন বিঘ্নিত হয় (Double murder case in Guwahati)৷ কাৰণ যিয়েই নহওক কিয় হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত স্বাভাৱিকতে অপৰাধীৰ মানসিক পৰিৱৰ্তন পৰিলক্ষিত হয় ৷ কিন্তু দুটাকৈ হত্যাকাণ্ড সংঘটিত কৰাৰ পাচতো কোনো ধৰণৰ মানসিক পৰিৱৰ্তন হোৱা নাই বন্দনা কলিতাৰ (Bandana killed husband and mother in law) ৷

গুৱাহাটীৰ নুনমাটিৰ ডাবল মাৰ্ডাৰাৰ ঘটনাৰ অভিযুক্ত বন্দনা কলিতা কোনো প্ৰফেচনেল কিলাৰ নহয় ৷ বন্দনা কলিতাই অতি পৰিকল্পিতভাৱে নিজৰ স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক হত্যা কৰিছিল (Bandana Kalita Murder case update)৷

কেৱল হত্যা কৰাই নহয়, বন্দনাই মৃতদেহ দুটা কাটি টুকুৰা টুকুৰকৈ মেঘালয়ৰ দুৰ্গম অঞ্চলত পেলাই দিছিল ৷ দুমাহ পূৰ্বে গুৱাহাটীৰ নুনমাটিত সংঘটিত ডাৱল মাৰ্ডাৰৰ ঘটনাই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল (Brutal murder in Guwahati)৷ বৰ্তমান কাৰাগাৰত থকা বন্দনা কলিতাৰ প্ৰসংগ পুনৰ চৰ্চালৈ আহিছে ।

ৰাজ্য কঁপাই যোৱা ডাৱল মাৰ্ডাৰৰ মাষ্টাৰ মাইণ্ড বন্দনা কলিতাই জেৰাৰ সময়ত সঘনাই সলাইছিল কথাৰ সুৰ ৷ যাৰ বাবে বিভ্ৰান্ত হৈছিল তদন্তকাৰী আৰক্ষী (Bandana kalita in jail) ৷ বন্দনা কলিতা মানসিকভাৱে অসুস্থ হোৱা বুলি ধাৰণা কৰা হৈছিল ৷

কিন্তু ফৰেনচিক দলে বন্দনাক পৰীক্ষা কৰাৰ পিচতে পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি বন্দনা কলিতা মানসিকভাৱে সম্পূৰ্ণ সুস্থ ৷ কাৰাবন্দী বন্দনা কলিতাক দিল্লীৰ পৰা অহা ফৰেনছিক বিশেষজ্ঞৰ দলে জে’লৰ ভিতৰতে পৰীক্ষা কৰিছিল ৷ দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ তদন্তকাৰী দলৰ লগতে বিশেষ ফৰেনছিক বিশেষজ্ঞৰ দলে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে জেৰা কৰিছিল হত্যাকাৰী বন্দনা কলিতাক (Bandana Kalita mental health update) ৷ জেৰাৰ পাচত হত্যাকাৰী বন্দনা কলিতা মানসিকভাৱে সম্পূৰ্ণ সুস্থ বুলি জনাই বিশেষজ্ঞৰ দলটোৱে ৷

স্মৰ্তব্য যে, দুটাকৈ নৃশংস হত্যা সংঘটিত কৰি মাহৰ পাচত মাহ অতি স্বাভাৱিক জীৱন কটোৱা বন্দনা কলিতাই আৰক্ষীৰ হাতত ধৰা পৰাৰ পিছত কাৰাবন্দী হৈয়ো অতি স্বাভাৱিক জীৱন অতিবাহিত কৰি আছে। আনকি হত্যাৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰি কাৰাবন্দীৰ জীৱন অতিবাহিত কৰিবলগীয়া হোৱাৰ পাছতো অলপো অনুশোচনাত ভোগা নাই বন্দনা কলিতাই ৷

দুটাকৈ হত্যাকাণ্ডত জড়িত বন্দনা কলিত‍ই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ মহিলা কক্ষত একেলগে অন্য ৭৫ গৰাকী কয়দীৰ সৈতে আছে ৷ বিগত প্ৰায় ডেৰমাহ ধৰি অন্য কয়দীৰ দৰে বিছনাৰ সলনি বন্দনা কলিতাই শুবলগীয়া হৈছে কাৰাগাৰৰ পকী মজিয়াত ৷

শ্ৰদ্ধা হত্যাকাণ্ডৰ তদন্ত কৰি থকা আৰক্ষী আৰু ফৰেনছিক বিশেষজ্ঞৰ দলে বন্দনা কলিতাৰ বন্দী জীৱনৰ শৈলী পৰীক্ষা কৰিছিল ৷ স্বামী আৰু শাহুক হত্যা কৰিও কোনো ধৰণৰ অনুশোচনা নোহোৱা বন্দনা কলিতাই অৱশ্যে প্ৰায় অকলশৰীয়া জীৱন কটাইছে কাৰাগাৰৰ ভিতৰত ৷ একেটা কোঠাতে ৭৫ গৰাকী বন্দীৰ সৈতে থকাৰ পাছতো তেওঁলোকৰ সৈতে কোনো কথা নাপাতে বন্দনা কলিতাই ৷ বন্দনা কলিতাৰ অস্বাভাৱিক ব্যৱহাৰৰ পৰিপ্ৰেক্ষিতত তেওঁ মানসিকভাৱে অসুস্থ হৈ পৰাৰ আশংকা কৰা হৈছিল ৷

লগতে পঢ়ক: Palash Moran missing case: অৰুণাচলৰ আপাৰ চিংহাঙত উদ্ধাৰ আলফা কেডাৰ পলাশ মৰাণৰ মৃতদেহৰ অৱস্থিতি

সুস্থ মগজু আৰু শীতল মস্তিস্কৰেই তেওঁ দুয়োটা হত্যাকাণ্ড সংঘটিত কৰা বুলিও বিশেষজ্ঞই প্ৰতিবেদনখনত প্ৰকাশ কৰিছে ৷ ইফালে এতিয়া এই হত্যাকাণ্ড সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে গোচৰৰ অভিযোগনামা দাখিল কৰিবলৈ প্ৰস্তুত হৈছ ৷ অৱশ্যে আৰক্ষীয়ে ডি এন এ পৰীক্ষাৰ প্ৰতিবেদন লাভ নকৰাৰ বাবে অভিযোগনামা দাখিল কৰিব পৰা নাই বুলি জানিব পৰা গৈছে (Noonmati police will file Charge sheet) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.