ETV Bharat / state

বিজেপিৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ কংগ্ৰেছৰ

author img

By

Published : Mar 28, 2021, 10:32 PM IST

নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগত দেওবাৰে প্ৰদেশ কংগ্ৰেছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসৰ বিৰুদ্ধে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ ।

বিজেপিৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ কংগ্ৰেছৰ
বিজেপিৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ কংগ্ৰেছৰ

গুৱাহাটী,২৮ মাৰ্চ: অসমৰ আগশাৰীৰ কেইবাখনো দৈনিক বাতৰি কাকতত দেওবাৰে 'উজনিৰ আটাইকেইটা সমষ্টিতে বিজেপিৰ নিশ্চিত জয়' বুলি প্ৰকাশ পোৱা এটা বিজ্ঞাপনক লৈ ৰাজনৈতিক মহলত তোলপাৰ লাগিছে । দেওবাৰে দিনৰ ভাগত প্ৰদেশ কংগ্ৰেছে সংবাদমেল যোগে বিজ্ঞাপনটোৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছতে নিশা দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে ।

নিৰ্বাচনী অধিসূচনা ভংগ কৰি বিজেপিয়ে এই বিজ্ঞাপন প্ৰকাশ কৰাৰ গুৰুতৰ অভিযোগ আনি প্ৰদেশ কংগ্ৰেছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপি ৰঞ্জিত দাসৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে ।

বিজেপিৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ কংগ্ৰেছৰ
বিজেপিৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ কংগ্ৰেছৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আইনী বিভাগৰ অধ্যক্ষ নিৰেন বৰাই নিশা ৮:১০ বজাত দিছপুৰ থানাত দাখিল কৰে এজাহাৰ । উল্লেখ যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আটাইকেইটা সমষ্টিতে বিজেপিৰ জয় নিশ্চিত বুলি বাতৰি কাকতত নিউজ আকাৰে বিজ্ঞাপন দিছিল বিজেপিয়ে ।

এজাহাৰত কংগ্ৰেছে এই কাৰ্যৰ লগত জড়িত সকলোৰে বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । উল্লেখ যে, নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি বিজেপিয়ে প্ৰকাশ কৰা বিজ্ঞাপনটোৰ প্ৰসংগক লৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ এটা দলে আজি দেশৰ মুখ্য নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি অভিযোগ দাখিল কৰে ।

লগতে পঢ়ক: প্ৰথম পৰ্যায়ত উজনিৰ আটাইকেইখন জিলাতে পোনপটীয়া যুঁজ..

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.