ETV Bharat / state

Skill Development Scam: ৮০ কোটি টকীয়া দুৰ্নীতিৰ তদন্ত বিচাৰিছে সদৌ অসম আইন ছাত্ৰ সন্থাই

author img

By

Published : Mar 9, 2022, 4:49 PM IST

Skill Development Scam
৮০ কোটি টকীয়া দুৰ্নীতিৰ তদন্ত বিচাৰিছে সদৌ অসম আইন ছাত্ৰ সন্থাই

অসম গৃহ আৰু অন্যান্য নির্মাণ শ্ৰমিক কল্যাণ পৰিষদত দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰথম পৰ্যায়ত সংঘটিত হোৱা ৮০ কোটি টকাৰ দুৰ্নীতিৰ(Assam Skill Training pilot project scam) তদন্ত বিচাৰিছে সদৌ অসম আইন ছাত্ৰ সন্থাই ৷

গুৱাহাটী, ৯ মাৰ্চ: ৰাজ্যৰ শ্ৰম বিভাগৰ অধীনস্থ অসম গৃহ আৰু অন্যান্য নির্মাণ শ্ৰমিক কল্যাণ পৰিষদত দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰথম পৰ্যায়ত সংঘটিত হোৱা ৮০ কোটি টকাৰ দুৰ্নীতি(Assam Skill Training pilot project scam) ৰ তদন্ত বিচাৰিছে সদৌ অসম আইন ছাত্ৰ সন্থা(All Assam Law Students Union)ই । বুধবাৰে দিছপুৰ প্ৰেছক্লাৱত সংবাদমেল সম্বোধন কৰি সদৌ অসম আইন ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ বৰাই কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ ভাৰতৰ Skill India অভিলাসী আঁচনিৰ অধীনত শ্ৰমিকৰ দক্ষতা বিকাশৰ নামত অসম চৰকাৰৰ শ্ৰম আৰু উন্নয়ন বিভাগে শ্ৰমিকৰ বাবে অনুমোদিত ধন প্ৰদান নকৰিলে ৷

৮০ কোটি টকীয়া দুৰ্নীতিৰ তদন্ত বিচাৰিছে সদৌ অসম আইন ছাত্ৰ সন্থাই

অভিলাসী আঁচনিখনৰ ৰূপায়ন ক্ষেত্ৰত ভূৱা হিতাধিকাৰী সৃষ্টি কৰি লগতে উপযুক্ত শ্ৰমিকক প্ৰশিক্ষনৰ নামত অনুমোদিত মজুৰি প্ৰদান নকৰি কৌশলেৰে চৰকাৰৰ ৰাজকোষৰ পৰা ৮০ কোটি টকা কাৰ্য ৰূপায়নৰ নামত লুন্ঠন হৈছে বুলি অভিযোগ উত্থাপিত হৈছে । এই বিষয়ত ভুক্তভোগী শ্ৰমিকে দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত হস্তক্ষেপ নকৰাত আক্ষেপ প্ৰকাশ কৰে সদৌ অসম আইন ছাত্ৰ সন্থাই ।

আইন ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ বৰাই লগতে কয় যে, অসমৰ বৰ্দ্ধিত নিৱনুৱা সমস্যা আৰু সংস্থাপনৰ নাটনিৰ সংকটকালীন মৰ্হূতত ভাৰত চৰকাৰৰ Skill India দৰে অভিলাসী আঁচনিয়ে ৰাজ্যৰ নিৱনুৱা আৰু সু-সংগঠিত প্ৰশিক্ষণৰ পৰা বঞ্চিত কাৰিকৰী আৰু শ্ৰমেৰে জীৱিকা চলোৱা অসমৰ জনতাৰ মাজত আশাৰ উদগীৰণ ঘটিছিল যদিও শ্ৰম বিভাগৰ অধীনত সংঘটিত এনে দুৰ্নীতিয়ে ৰাইজ আৰু শ্ৰমিকসকলক আশাহত কৰিলে ।

সেয়েহে সমগ্ৰ দুৰ্নীতিৰ বিষয়ত উচিত তদন্তৰ প্ৰক্ৰিয়াৰে ইয়াৰ লগতে জড়িত সকলো পক্ষৰ ওপৰত বিহিত ব্যৱস্থা লৈ ন্যায় প্ৰদান কৰিবলৈ দাবী জনায় আইন ছাত্ৰ সন্থাই ।

লগতে পঢ়ক: বিজেপি কৰ্মীৰ বিৰুদ্ধে আৰক্ষী বিষয়াক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.