ETV Bharat / state

বিজেপি কৰ্মীৰ বিৰুদ্ধে আৰক্ষী বিষয়াক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ

author img

By

Published : Mar 9, 2022, 2:22 PM IST

বোকাখাতত বিজেপি কৰ্মীৰ বিৰুদ্ধে আৰক্ষী বিষয়াক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ (BJP worker physically assault police officer)৷ বিদ্যালয়ৰ সন্মুখত ফটকা নুফুটাবলৈ অনুৰোধ কৰাত বিজয়োল্লাসে মূৰত ধৰা একাংশ মিত্ৰজোটৰ সমৰ্থকে আৰক্ষী বিষয়াজনক শাৰিৰীকভাৱে অপদস্থ কৰে ।

BJP worker physically assault police officer
BJP worker physically assault police officer

বোকাখাত, 9 মাৰ্চ : বোকাখাতত মিত্ৰজোঁটৰ বিজয়োল্লাসৰ মাজতে অপ্ৰীতিকৰ পৰিস্থিতি (Tense situation in Bokakhat) । আনন্দত মতলীয়া বিজেপি কৰ্মীয়ে আৰক্ষী বিষয়াক অপদস্থ কৰাৰ অভিযোগ (BJP worker physically assault police officer) । বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ ভোটগণনা সমাপ্ত কৰি মিত্ৰজোঁটৰ প্রাৰ্থীক লগত লৈ একাংশ সমৰ্থকে বোকাখাতৰ বিজেপি কাৰ্যালয়লৈ উলিয়াইছিল বিজয় ৰেলী ৷ সেই ৰেলীৰ মাজতে বিজেপি কাৰ্যালয়ৰ কাষতে থকা "গ্ৰীনমুন" নামৰ কণ কণ শিশুৰ বিদ্যালয় খনৰ সন্মুখতে একাংশ বিজেপি সমৰ্থকে ফটকা ফুটাই হৰ্ষোল্লাস কৰে ।

তেনে সময়তে বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতুপন চুতীয়া উপস্থিত হৈ বিদ্যালয়ৰ সন্মুখত ফটকা নুফুটাবলৈ অনুৰোধ কৰাত বিজয়োল্লাসে মূৰত ধৰা একাংশ মিত্ৰজোটৰ সমৰ্থকে আৰক্ষী বিষয়াজনক শাৰিৰীকভাৱে অপদস্থ কৰে । আনকি হতাহতিৰ ফলত কোনো সমৰ্থকে আৰক্ষী বিষয়া জনৰ বাহুৰ আৰক্ষীৰ বেজ পৰ্যন্ত ফালি পেলাই (Police officer attacked in Bokakhat)। অৱশ্যে পৰিস্থিতি গম্ভীৰ হোৱাৰ পূৰ্বেই আন একাংশ মিত্ৰজোঁটৰ সমৰ্থকে আৰক্ষী বিষয়াজনক সেই স্থানৰ পৰা আঁতৰাই নিয়ে ।

বিজেপি কৰ্মীৰ বিৰুদ্ধে আৰক্ষী বিষয়াক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ

যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰক্ষীক কঠোৰ হোৱাৰ বাবে নিৰ্দেশ দিছে, সেই সময়তে শাসকীয় দলৰ একাংশ সমৰ্থকে এইদৰে এগৰাকী আৰক্ষী বিষয়াক অপদস্থ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই ঘটনাই উদঙাই দিছে একাংশ শাসকীয় দলীয় কৰ্মীৰ উদ্ভণ্ডালিৰ প্ৰকৃত স্বৰূপ ৷ এই ঘটনা সন্দৰ্ভত এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব ৷

উল্লেখ্য যে, বুধবাৰে ঘোষণা কৰা পৌৰসভা নিৰ্বাচনৰ ফলাফলত বৃহৎ জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে অগপ-বিজেপি মিত্ৰজোঁটে ৷ বোকাখাতত 10 টা ৱাৰ্ডৰ 6 টাতে জয়লাভ কৰিছে অগপ প্ৰাৰ্থীয়ে ৷ বাকী 3 টাত বিজেপি প্ৰাৰ্থী আৰু 1 টা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়লাভ (Bokakhat civic poll result) ৷

লগতে পঢ়ক : বোকাখাতত বৃহৎ জয় মিত্ৰজোঁটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.