ETV Bharat / state

দক্ষিণ কামৰূপৰ সৰপাৰাত ভয়ংকৰ বাছ দুৰ্ঘটনাত আহত যাত্ৰী

author img

By

Published : Jan 14, 2021, 5:33 PM IST

Updated : Jan 14, 2021, 6:28 PM IST

গুৱাহাটীৰ মিৰ্জাৰ সমীপৰ সৰপাৰা বেচিকত বৃহস্পতিবাৰে এক ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত আহত হয় কেইবাগৰাকীও যাত্ৰী । জানিব পৰা মতে, গুৱাহাটীৰ ISBT ৰ পৰা AS-01-MC-2967 নম্বৰৰ বাছখনে ধুবুৰী আভিমুখে গৈ থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পানীভৰ্তি খাৱৈত বাগৰি পৰে ।

aaccident at guwahati mirza
দক্ষিণ কামৰূপৰ সৰপাৰাত ভয়ংকৰ বাছ দুৰ্ঘটনা

দক্ষিণ কামৰূপ/আজাৰা,14 জানুৱাৰী : ভোগালীৰ উচাহৰ মাজতে গুৱাহাটীৰ মিৰ্জাৰ সমীপৰ সৰপাৰা বেচিকত বৃহস্পতিবাৰে এক ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত আহত হয় কেইবাগৰাকীও যাত্ৰী । জানিব পৰা মতে গুৱাহাটীৰ ISBT ৰ পৰা AS-01-MC-2967 নম্বৰৰ বাছখনে ধুবুৰী আভিমুখে গৈ থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পানীভৰ্তি খাৱৈত বাগৰি পৰে ।

দক্ষিণ কামৰূপৰ সৰপাৰাত ভয়ংকৰ বাছ দুৰ্ঘটনা

অৱশ্যে ঘটনাস্থলীত তৎক্ষণিকভাৱে NDRF বাহিনী, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন বাহিনী, পলাশবাৰী আৰক্ষী উপস্থিত হয় বুলি জানিবলৈ দিছে অঞ্চলটোৰ স্থানীয় লোকে । ঘটনাস্থলীত NDRF বাহিনীয়ে ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান চলায় বাছখনৰ সকলো যাত্ৰীকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

বাছখনত প্ৰায় ৪০ জন যাত্ৰী থকাৰ লগতে প্ৰায় সংখ্যক যাত্ৰীয়ে কম-বেছি পৰিমাণে আঘাত প্ৰাপ্ত হৈছে বুলি সদৰি কৰিছে স্থানীয় লোকে ৷ ইফালে ৬ জন যাত্ৰীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, আহত যাত্ৰী সকলক নিকটৱৰ্তী মিৰ্জা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

লগতে পঢ়ক :ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিত অন্তৰ্ভূক্ত নহ'ল কেইবাগৰাকীও জ্যেষ্ঠ নেতা

Last Updated : Jan 14, 2021, 6:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.