ETV Bharat / state

বান-খহনীয়‍াৰ ক্ষয়ক্ষতিৰ বুজ ল'লে কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে

author img

By

Published : Oct 20, 2021, 7:20 PM IST

বান-খহনীয়াৰ কৱলত পৰা বিভিন্ন অঞ্চল পৰিদৰ্শন কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় দলটোৱে বুধবাৰে অসম চৰকাৰৰ শীৰ্ষ বিষয়াৰে এক বৈঠকত মিলিত হয় । এন ডি আৰ এফৰ অধীনত পুঁজি মোকলাই দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলটোৰ প্ৰতি আহ্বান অসম চৰকাৰৰ । অসম চৰকাৰে এই বছৰ এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ শিতানত ১০৮৮.১৯ কোটি টকা মোকলাই দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছে ।

a team of central government visit flood and erosion affected area of assam
বান-খহনীয়‍াৰ ক্ষয়ক্ষতিৰ বুজ ল'লে কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে

গুৱাহাটী, ২০ অক্টোবৰ : কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে ৰাজ্যখনৰ শেহতীয়া বানপানী আৰু গৰাখহনীয়া পৰিস্থিতিৰ বুজ লয় । মূলতঃ বান-খহনীয়াত হোৱা ক্ষয়ক্ষতিৰ মূল্যায়ন কৰাৰ বাবে দলটোৱে অসমৰ ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে । সাতজনীয়া দলটোৰ নেতৃত্বত আছিল গৃহ মন্ত্রণালয়ৰ যুটীয়া সচিব মনীষ তিৱাৰী ।

দলটোত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্রণালয়ৰ কেইবাগৰাকী শীৰ্ষ বিষয়া আছিল । বান-খহনীয়াৰ কৱলত পৰা বিভিন্ন অঞ্চল পৰিদৰ্শন কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় দলটোৱে অসম চৰকাৰৰ শীৰ্ষ বিষয়াৰে এক বৈঠকত মিলিত হয় । দিছপুৰস্থিত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সভাকক্ষত কেন্দ্ৰীয় প্ৰতিনিধি দলটোৱে ৰাজ্যৰ বান-খহনীয়া সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে ।

flood and erosion affected area of assam
বান-খহনীয়‍াৰ ক্ষয়ক্ষতিৰ বুজ ল'লে কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে

লগতে পঢ়ক: আই আৰু নাঙলভাঙা নৈৰ জলস্তৰ অস্বাভাৱিক হাৰত বৃদ্ধি; যোগাযোগ ব্যাহত

দলটোৱে বান-খহনীয়াৰ ফলত বিভিন্ন জিলাত হোৱা ক্ষয়ক্ষতিৰ বুজ লয় । বৈঠকত অসম চৰকাৰৰ তৰফৰ পৰা চলিত বৰ্ষৰ বানত হোৱা ক্ষতিক্ষতি পূৰণৰ বাবে এন ডি আৰ এফৰ অধীনত পুঁজি মোকলাই দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলটোৰ প্ৰতি আহ্বান জনায় । আনহাতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত হৈ থকা খহনীয়াকো এছ ডি আৰ এফ তথা এন ডি আৰ এফৰ অধীনত বিবেচনা কৰি ব্যৱস্থা গ্ৰহণৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা আহ্বান জনোৱা হয় ।

flood and erosion affected area of assam
বান-খহনীয়‍াৰ ক্ষয়ক্ষতিৰ বুজ ল'লে কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে

কাৰণ খহনীয়াৰ বাবে প্ৰত্যেক বছৰে ৰাজ্যখনে ব্যাপক ক্ষতিৰ সন্মুখীন হৈ আহিছে । এই ক্ষেত্রত গৃহ মন্ত্রণালয়ৰ যুটীয়া সচিব মনীষ তিৱাৰীয়ে অসম চৰকাৰৰ বিষয়াবৰ্গক আশ্বাস প্ৰদান কৰি কয় যে, এই সন্দৰ্ভত শীঘ্ৰেই অনুমোদনৰ বাবে ভাৰত চৰকাৰলৈ প্ৰতিবেদন দিয়া হ'ব । ইতিমধ্যে অসম চৰকাৰে এই বছৰ এছ ডি আৰ এফ আৰু এন ডি আৰ এফ শিতানত ১০৮৮.১৯ কোটি টকা মোকলাই দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছে ।

flood and erosion affected area of assam
বান-খহনীয়‍াৰ ক্ষয়ক্ষতিৰ বুজ ল'লে কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে

লগতে পঢ়ক: মাজুলীত অনুষ্ঠিত হ’ল ৰাসলীলাৰ নাটমেলা পৰ্ব

কেন্দ্ৰীয় চৰকাৰৰ সাতজনীয়া উচ্চস্তৰীয় প্ৰতিনিধি দলটোত আছে বিত্ত মন্ত্রণালয়ৰ ব্যয় বিভাগৰ উপ সচিব ৰূপক দাস তালুকদাৰ, কৃষি সমবায় আৰু কৃষক কল্যান বিভাগৰ সঞ্চালক নৰেন্দ্ৰ কুমাৰ, জল শক্তি মন্ত্রণালয়ৰ অধীক্ষক অভিযন্তা সঞ্জয় কুমাৰ সিং, শক্তি মন্ত্রণালয়ৰ উপ সঞ্চালক পৱন কুমাৰ গুপ্তা, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রণালয়ৰ আৰ অ' এডেলৱাৰ্ড সুচেংগী আৰু গ্ৰাম্য উন্নয়ণ মন্ত্র‍লয়ৰ অৱৰ সচিব দীপ শেখৰ সিংঘাল । আনহাতে বৈঠকত অসম চৰকাৰৰ হৈ পৰিৱেশ আৰু বন বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়া জ্ঞানেন্দ্র ত্রিপাঠি, উপ মুখ্য কাৰ্যবাহী বিষয়া চিন্ময় নাথ আৰু ৰাজ্যিক প্ৰকল্প সমন্বয়ক ধীৰাজ সাউদৰ লগতে বিভাগৰ আন শীৰ্ষ বিষয়া উপস্থিত আছিল ।

flood and erosion affected area of assam
বান-খহনীয়‍াৰ ক্ষয়ক্ষতিৰ বুজ ল'লে কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে

বান-খহনীয়াৰ কৱলত পৰা বিভিন্ন অঞ্চল পৰিদৰ্শন কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় দলটোৱে আজি অসম চৰকাৰৰ শীৰ্ষ বিষয়াৰে এক বৈঠকত মিলিত হয়। এন ডি আৰ এফৰ অধীনত পুঁজি মোকলাই দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলটোৰ প্ৰতি আহ্বান অসম চৰকাৰৰ । অসম চৰকাৰে এই বছৰ এছ ডি আৰ এফ আৰু এন ডি আৰ এফ শিতানত ১০৮৮.১৯ কোটি টকা মোকলাই দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছে ।

লগতে পঢ়ক: উত্তৰ কোৰিয়াৰ দ্বাৰা Ballistic Missile নিক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.