ETV Bharat / state

লক ডাউনৰ প্ৰভাৱঃ জীৱিকাৰ বিকল্প পথ বাচি ললে এজন সাংবাদিকে

author img

By

Published : Jun 4, 2020, 2:25 PM IST

A journalist changed his profession and became self reliant at Guwahati
লক ডাউনৰ প্ৰভাৱঃ জীৱিকাৰ বিকল্প পথ বাচি ললে এজন সাংবাদিকে

জীৱিকালৈ বৃহৎ প্ৰত্যাহ্বান অহাৰ বাবে হেঙেৰাবাৰীৰ পদপথত এখন ফল-মূলৰ দোকান আৰম্ভ কৰিছে হেমন্ত শৰ্মা নামৰ যুৱ সাংবাদিক গৰাকীয়ে ৷

গুৱাহাটী, জুন: দেশজুৰি বাহাল থকা লক ডাউনে ব্যাপক প্ৰভাৱ পেলাইছে দেশৰ অৰ্থনীতিত ৷ উদ্যোগ, ব্যৱসায় সকলোতে মন্দাৱস্থা হোৱাৰ ফলত হাহাকাৰ অৱস্থা হৈছে সাধাৰণ লোকৰ । ইয়াৰ পৰা পৰিত্ৰাণ পোৱা নাই কৰ'ণাৰ ত্ৰাসৰ মাজতো দিনে নিশাই নিজৰ সেৱা আগবঢ়াই যোৱা সাংবাদিক সকলেও ৷ লক ডাউনে দেশৰ অৰ্থনীতি জুৰুলা কৰাৰ ফলত চাকৰি হেৰুৱাব লগীয়া হৈছে বহু সাংবাদিকে ৷ ইয়াৰ মাজতে এক বিকল্প পথৰে জীৱন যাপনৰ বাবে পথ বাছি লৈছে গুৱাহাটীৰ এগৰাকী সাংবাদিকে ৷

লক ডাউনৰ প্ৰভাৱঃ জীৱিকাৰ বিকল্প পথ বাচি ললে এজন সাংবাদিকে

উল্লেখ্য যে, লক ডাউনৰ বাবে জীৱিকালৈ বৃহৎ প্ৰত্যাহ্বান অহাৰ বাবে হেঙেৰাবাৰীৰ পদপথত এখন ফল-মূলৰ দোকান আৰম্ভ কৰিছে হেমন্ত শৰ্মা নামৰ যুৱ সাংবাদিক গৰাকীয়ে ৷ এখন দৈনিক কাকতত কৰ্মৰত এই গৰাকী যুৱ সাংবাদিক ৷ কিন্তু কাকতৰ পৰা পোৱা দৰমহাৰ টকাৰে পৰিয়াল চলাব নোৱাৰা এক পৰিস্থিতিৰ সন্মুখীন হৈছে যুৱকজন ৷ যাৰ বাবে এক বিকল্প উপাৰ্জনেৰে পৰিয়াল পোহপাল দিয়াৰ লক্ষ্যৰে ফল-মূলৰ দোকান আৰম্ভ কৰিছে সাংবাদিকজনে ৷ উল্লেখ্য যে, হেমন্ত শৰ্মাই সাংবাদিকতা কৰাৰ উপৰিও চিনেমাৰ স্ক্ৰিপট, গান, কবিতাকে আদি কৰি বহুক্ষেত্ৰত দখল ৰাখিছে । ইয়াৰ ভিতৰত "মানুহ হোৱাৰ পথ সহজ নহয়" আৰু "প্লাষ্টিকৰ পৃথিৱী" নামৰ গ্ৰন্থ দুখন উল্লেখযোগ্য ।

লগতে পঢ়কঃ দেৱাশীষৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা ২ লাখ টকাৰ সাহাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.