ETV Bharat / state

গুৱাহাটী ৰাজীৱ ভৱনত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বুকলেট মুকলি

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 2:19 PM IST

Updated : Jan 11, 2024, 2:33 PM IST

১৪ জানুৱাৰীত মণিপুৰৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সবিশেষ সামৰি প্ৰস্তুত কৰা হৈছে বুকলেট ৷

a booklet on bharat Jodo naya Yatra
বুকলেট মুকলি

বুকলেট মুকলি

গুৱাহাটী, ১১ জানুৱাৰী : কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ নেতৃত্বত অহা ১৪ জানুৱাৰীৰ পৰা মণিপুৰৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সবিশেষ সামৰি প্ৰস্তুত কৰা বুকলেট বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত মুকলি কৰা হয় ।‌ অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ ভৰত চন্দ্ৰ নৰহ, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ উপস্থিতিত এই বুকলেট মুকলি কৰা হয় ।

ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি ভৰত চন্দ্ৰ নৰহে কয় যে, এই যাত্ৰাত সকলো শ্ৰেণীৰ মানুহে অংশগ্ৰহণ কৰিব পাৰিব । কংগ্ৰেছ দলে মুকলি কৰা নিৰ্দিষ্ট ৱেবছাইটত আৰু ম'বাইল নম্বৰত নাম পঞ্জীয়ন কৰি এই যাত্ৰাত অংশ ল'ব পাৰিব । ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই যাত্ৰাৰ প্ৰচাৰ কৰা হ’ব ।

ভৰত চন্দ্ৰ নৰহে জনায় যে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ নেতৃত্বত অহা ১৪ জানুৱাৰীৰ পৰা মণিপুৰৰ পৰা এই যাত্ৰাৰ শুভাৰম্ভ কৰা হ’ব । মণিপুৰত এদিনত চাৰিখন জিলাত ৰাহুল গান্ধীয়ে যাত্ৰা কৰিব । তাৰ পিচত নাগালেণ্ডত দুদিনত পাঁচখন জিলাত ৰাহুল গান্ধীয়ে যাত্ৰা কৰিব । নাগালেণ্ডৰ পৰা ১৮ জানুৱাৰীত অসমত প্ৰৱেশ কৰিব ৰাহুল গান্ধীয়ে ।

ৰাহুল গান্ধীয়ে ২৫ জানুৱাৰীলৈ অসমত ভাৰত জোড়ো ন্যায় যাত্ৰা অব্যাহত ৰাখিব । উজনি অসমৰ লগতে নামনি অসমৰ মুঠ ১৭ খন জিলাত এই যাত্ৰা কৰিব ।‌ ৰাহুল গান্ধীয়ে মুঠ ৮৩৩ কিলোমিটাৰ যাত্ৰা কৰিব । তেওঁ লগতে কয় যে, এই যাত্ৰা পশ্চিমবংগ হৈ বিহাৰ, ছত্তীশগড়, ওড়িশা, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান, গুজৰাট হৈ মহাৰাষ্ট্ৰত শেষ হ’ব । ৬৬ দিনত ৰাহুল গান্ধীয়ে ১১০ খন জিলা সামৰি ৬,৭১৩ কিলোমিটাৰ যাত্ৰা কৰিব ।

লগতে পঢ়ক : মণিপুৰ যাবলৈ এলাৰ্জি আছে প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ : গৌৰৱ গগৈ

Last Updated : Jan 11, 2024, 2:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.