ETV Bharat / state

Independence Day 2023: প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ স্বাধীনতা দিৱস পালন

author img

By

Published : Aug 15, 2023, 11:59 AM IST

independence day celebrated in Guwahati
৭৭ সংখ্যক স্বাধীনতা দিৱস

আজি দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ মুখ্য কাৰ্যালয়তো পালন কৰা হয় । স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে পৰিষদৰ অধ্যক্ষগৰাকীয়ে ।

৭৭ সংখ্যক স্বাধীনতা দিৱস

গুৱাহাটী, ১৫ আগষ্ট: আজি দেশজুৰি ৭৭ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হৈছে । আজাদী কি অমৃত মহোৎসৱৰ সামৰণি অনুষ্ঠান উপলক্ষে এইবাৰ দেশজুৰি উলহ মালহেৰে উদযাপিত হৈছে ৭৭ সংখ্যক স্বাধীনতা দিৱস । স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা আজাদী কি অমৃত মহোৎসৱৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি দেশজুৰি উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰিছে দেশবাসীয়ে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো উলাহ-মালহেৰে স্বাধীনতা দিৱস পালন কৰা হয় ৷

গুৱাহাটীস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ মুখ্য কাৰ্যালয়ত স্বাধীনতা দিৱস পালন কৰা হয় । ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে পৰিষদৰ অধ্যক্ষ ড৹ অৰূপ কুমাৰ মিশ্ৰই । অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ড৹ অৰূপ কুমাৰ মিশ্ৰই কয় যে, আমি সকলোৱে স্বাধীনতা উপভোগ কৰাৰ সময়ত আনৰ স্বাধীনতা যাতে খৰ্ব নহয় তাৰ বাবে প্ৰত্য়েকেই গুৰুত্ব প্ৰদান কৰা উচিত ।

ইপিনে, পলিথিন ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰদূষণ বোৰ্ডে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত ব্য়াখ্য়া কৰি পৰিষদৰ অধ্যক্ষ ড৹ অৰূপ কুমাৰ মিশ্ৰই কয় যে, ৰাজ্য চৰকাৰে যোৱা বর্ষৰ জুলাইত ৰাজ্যত সম্পূৰ্ণৰূপে এবাৰ ব্যৱহাৰ কৰা পলিথিন বা প্লাষ্টিকৰ ব্যৱহাৰত নিষেধাজ্ঞা প্ৰদান কৰিছিল । কিন্তু এবছৰ সম্পূৰ্ণ হোৱাৰ পিচতো পলিথিন তথা প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা নাই ।

ইতিমধ্যে অসমত থকা ১৯ টা ক্ষুদ্ৰ পলিথিন প্ৰস্তুত কৰা কাৰখানা বন্ধ কৰা হৈছে । কিন্তু বাহিৰৰ পৰা অহা পলিথিনহে সম্প্ৰতি ৰাজ্যত ব্যৱহাৰ হৈ আছে । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ অধিক তৎপৰ হোৱাৰ লগতে ৰাইজক সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনায় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধক্ষগৰকীয়ে ।

আনহাতে, অসমত প্ৰথম বাৰৰ বাবে ডিব্ৰুগড়ত TSDF (Transfer storage,disposal facility) আৰম্ভ কৰা হ'ব বুলিও তেওঁ মন্তব্য় কৰে । অহা ৬ মাহৰ ভিতৰত ইয়াৰ কাম-কাজ আৰম্ভ হ'ব কয় নিয়ন্ত্ৰণ পৰিষদৰ অধক্ষগৰকীয়ে । এই পদ্ধতিৰ জৰিয়তে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ যিমান বিপদজনক আৱৰ্জনা আছে এনে পাম্পৰ দ্বাৰা নিষ্কাষণ কৰা হ'ব । তদুপৰি প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে আৰু অভিলাসী প্ৰকল্প হাতত লোৱা বুলি উল্লেখ কৰে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্য়ক্ষগৰাকীয়ে ।

লগতে পঢ়ক:Independence Day 2023: স্বাধীনতা দিৱসৰ উপলক্ষে নিশা টিংখাঙত গাঁওৰক্ষী বাহিনীৰ সতৰ্কতা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.