ETV Bharat / state

পুনৰ ফাটিল গান্ধী মণ্ডপৰ সুউচ্চ ত্ৰিৰংগা

author img

By

Published : Jun 17, 2019, 6:31 PM IST

এবাৰ দুবাৰ নহয়, আঠটা মাহ নৌহওঁতেই ছয়বাৰকৈ ফাটিল গান্ধী মণ্ডপৰ সুউচ্চ ত্ৰিৰংগা ৷

পুনৰ ফাটিল গান্ধী মণ্ডপৰ সুউচ্চ ত্ৰিৰংগা

গুৱাহাটী, 17 জুন : পুনৰ ফাট মেলিলে গান্ধী মণ্ডপৰ সুউচ্চ ত্ৰিৰংগাত ৷ এবাৰ দুবাৰ নহয়, আঠটা মাহ নৌহওতেই ছয়বাৰকৈ ফাটিল ২ অক্টোবৰত গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি গান্ধী মণ্ডপত স্থাপন কৰা দেশৰ ভিতৰতে সুউচ্চত স্থাপন কৰা তৃতীয় বৃহৎ পতাকাখন ৷ ব্ৰহ্মপুত্ৰ নৈ কাষৰীয়া হোৱা হেতুকে প্ৰৱল বতাহৰ কোবৰ বাবেই ফাট মেলাৰ সন্দেহ ৷ গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত ২.৯২ কোটি টকা ব্যয় সাপেক্ষে পূৰ্বে ১২০ ফুট দৈৰ্ঘ্য আৰু ৮০ ফুট প্ৰস্থৰ পতাকাখন ফাট মেলাত ইয়াৰ দৈৰ্ঘ্য আৰু প্ৰস্থ হ্ৰাস কৰি কৰা হৈছিল ৭২ আৰু ৪৮ ফুট ৷ যদিও পুনৰ ফাট মেলে পতাকাখনত ৷

পুনৰ ফাটিল গান্ধী মণ্ডপৰ সুউচ্চ ত্ৰিৰংগা

পতাকাখনৰ স্থাপনৰ ক্ষেত্ৰত ঠিকাদাৰী প্ৰতিষ্ঠান এম এছ বাজাজ ইলেক্ট্ৰনিকছ লিমিটেডে পূৰ্বৰে পৰা লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে যদিও এইবাৰ প্ৰতিষ্ঠানটোৱে বেলজিয়ামত প্ৰস্তুত কৰিছে পতাকাখন । লগতে এইবাৰ পেৰাছুটৰ কাপোৰেৰে প্ৰস্তুত কৰিবলৈ যো-জা চলোৱা হৈছে পতাকাখনৰ । সেইয়া যিয়ে নহওক এনেদৰে সঘনাই পতাকাখন ফাট মেলাত চিন্তিত হৈ পৰিছে সচেতন মহল ৷

Intro:পুনৰ ফাটিল গান্ধী মণ্ডপৰ সুউচ্চ ত্ৰিৰংগা।


Body:দেশৰ তৃতীয় সৰ্বোচ্চ উচ্চতাত স্থাপন কৰা ৰাষ্ট্ৰীয় পতাকাখন পুনৰ ফাটে। ২ অক্টোবৰত গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৩১৯.৫ ফুট উচ্চতাৰ ভাৰতৰ তৃতীয় বৃহৎ পতাকাখন উত্তোলন কৰিছিল। কিন্তু উত্তোলনৰ সম্পূর্ণ আঠটা মাহ নহওঁতেই এবাৰ নহয়, দুবাৰ নহয় ছয়বাৰকৈ ফাটিল দেশৰ সন্মানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকাখন। উল্লেখযোগ্য যে গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত ২.৯২ কোটি টকা ব্যয় সাপেক্ষে বিগত উত্তোলন কৰা হৈছিল। গান্ধীমণ্ডপস্থিত দেশৰ তৃতীয় উচ্চতাৰ পতাকাখন ব্ৰহ্মপুত্ৰ নৈ কাষৰীয়া হোৱা হেতুকে প্ৰৱল বতাহৰ সোতৰ বাবেই ফাট মেলা বুলি সন্দেহ কৰা হৈছে। প্ৰায় ৩ কোটি টকাৰ ব্যয় সাপেক্ষে ৰাষ্ট্ৰীয় পতাকাখন বাবাৰম্বাৰ এনেদৰে ফাট মেলাত চিন্তিত কৰি তুলিছে সচেতন মহলক।




Conclusion:পূৰ্বে পতাকা খনৰ দৈৰ্ঘ্য আছিল ১২০ ফুট আৰু প্ৰস্থ আছিল ৮০ ফুট। কিন্তু এইবাৰ পূৰ্বতকৈ আধা মিটাৰ হ্ৰাস কৰা হল ৰাষ্ট্ৰীয় পতাকাখনৰ দৈৰ্ঘ্য ৭২ ফুট আৰু প্ৰস্থ ৪৮ ফুট। পতাকাখনৰ স্থাপনৰ ক্ষেত্ৰত ঠিকাদাৰী প্ৰতিষ্ঠান এম এছ বাজাজ ইলেক্ট্রিকলছ লিমিটেডে পূৰ্বৰে পৰা লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে যদিও এইবাৰ প্ৰতিষ্ঠান টোৱে বেলজিয়ামত প্ৰস্তুত কৰিছে পতাকাখন। লগতে এইবাৰ পেৰাছুটৰ কাপোৰেৰে পতাকাখন প্রস্তুত কৰিবলৈ যো-জা চলোৱা হৈছে। দেশৰ ভিতৰত তৃতীয় সৰ্বোচ্চ উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকাখন অসমত থকাটো যিদৰে ৰাজ্যখনৰ বাবে গৌৰৱৰ কথা ঠিক তেনেদৰে সঘনাই ফাটি থকাটোও আত্মসন্মানৰ বাবে অশুভ ঘটনা বুলি গণ্য কৰিছে স্থানীয় নাগৰিক সকলে।

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.