ETV Bharat / state

AADHAAR Card: আধাৰ কাৰ্ডৰ পৰা এতিয়াও বঞ্চিত ৰাজ্যৰ ৬ শতাংশ লোক

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 3:48 PM IST

চৰকাৰী কেতবোৰ সা-সুবিধা লাভৰ ক্ষেত্রত আধাৰ কাৰ্ড বাধ্যতামূলক । ৰেচন কাৰ্ডৰে আধাৰ সংযোগ হোৱা নাই ৰাজ্যৰ প্ৰায় ৫ লাখ হিতাধিকাৰীৰ । আধাৰ অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত সকলোতকৈ পিছপৰি আছে ডিমা হাছাও জিলা । কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত তৎপৰ অসম চৰকাৰ । ৩০ ছেপ্টেম্বৰ ভিতৰত ৰাজ্যখনত আধাৰ কাৰ্ড প্ৰদানৰ কাম এশ শতাংশ সম্পূৰ্ণ কৰাৰ জিলা আয়ুক্তসকলক নিৰ্দেশ মুখ্যমন্ত্রীৰ ।

AADHAAR Card
AADHAAR Card

গুৱাহাটী, ২ছেপ্টেম্বৰ: বিভিন্ন কাৰণত অসমত এতিয়াও আধাৰ কাৰ্ডৰ কাম সম্পূৰ্ণ হোৱা নাই । যাৰ ফলত আজিৰ তাৰিখতো বহু লোকৰ নাই আধাৰ কাৰ্ড । তেনেস্থলত ৰাজ্যৰ আধাৰ কাৰ্ড নথকা লোকসকল বিপদত পৰাৰ সম্ভাৱনা আছে । বিশেষকৈ চৰকাৰী কেতবোৰ সা-সুবিধা লাভৰ ক্ষেত্রত আধাৰ কাৰ্ড নথকা লোকসকল সমস্যাৰ সন্মুখীন হ'ব ।

লক্ষণীয় বিষয় যে কেন্দ্রীয় চৰকাৰে আধাৰ কাৰ্ডৰ অবিহনে চৰকাৰী সা-সুবিধা লাভৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে । কেন্দ্ৰৰ এনে কঠোৰ স্থিতিৰ পাছতেই শেহতীয়াকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলক প্ৰতিজন লোককে আধাৰ কাৰ্ড প্ৰদানৰ বাবে নির্দেশ দিছে । কিন্তু তৎস্বত্তেও বৰ্তমান সময়তো ৰাজ্যখনৰ প্রায় ৬ শতাংশ লোক আধাৰ কাৰ্ড লাভ পৰা বঞ্চিত হৈ আছে ।

ৰাজ্যখনৰ ভিতৰতে আধাৰ অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত সকলোতকৈ পিছপৰি আছে ডিমা হাছাও জিলা । জিলাখনত বৰ্তমানলৈ ৮৭.৯ শতাংশ লোকেহে আধাৰ কাৰ্ড লাভ কৰিছে । ডিমা হাছাও জিলাৰ পাছতে আছে কাছাৰ আৰু ওদালগুৰি জিলা । কাছাৰত ৮৯.৮ শতাংশ লোকে আৰু ওদালগুৰি জিলাৰ ৯০.৭ শতাংশ লোকে আধাৰ কাৰ্ড লাভ কৰিছে ।

আনহাতে আধাৰ কাৰ্ডৰ ক্ষেত্রত ৰাজ্যখনৰ ভিতৰতে সকলোতকৈ আগত আছে মাজুলী জিলা । মাজুলীৰ ৯৪.৪ শতাংশ লোকেই লাভ কৰিছে আধাৰ কাৰ্ড । উল্লেখ্য, আধাৰ কাৰ্ডৰ সৈতে কেন্দ্ৰীয় চৰকাৰে ৰেছন কার্ড সংযোগ বাধ্যতামূলক কৰিছে ।

আনহাতে আয়ুষ্মান কাৰ্ডৰ লগতে ভোটাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ সৈতেও আধাৰ নম্বৰ সংযোগৰ ব্যৱস্থা কৰা হৈছে । সেইদৰে চাহাৰৰ ধন লাভৰ ক্ষেত্রতো বেংক একাউণ্টৰ সৈতে আধাৰ সংযোগ বাধ্যতামূলক কৰা হৈছে । কিন্তু অসমত বৃহৎসংখ্যক লোকে আধাৰ কাৰ্ড লাভ নকৰাৰ ফলত এতিয়া সমস্যাৰ সৃষ্টি হৈছে ।

বিশেষকৈ কিছুমান কেন্দ্ৰীয় আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হ'ব লগীয়া হৈছে আধাৰ কাৰ্ড নথকা লোকসকল । উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ৰেছন কাৰ্ডৰ সৈতে আধাৰ নম্বৰ সংযোগ বাধ্যতামূলক কৰাৰ পাছতো ৰাজ্যৰ ৪,৯৫,০৩৬ গৰাকী হিতাধিকাৰীৰ আধাৰ নম্বৰৰ সৈতে ৰেছন কাৰ্ডৰ সংযোগ এতিয়ালৈকে হোৱা নাই ।

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত ৰেছন কাৰ্ডৰ জৰিয়তে চৰকাৰী সুবিধা লাভ কৰা হিতাধিকাৰীৰ সংখ্যা হৈছে ২,১২,৬৬,৫৯৮ গৰাকী । ইয়াৰে ভিতৰত এতিয়ালৈকে ২,০৭,৭১,৫৬২ গৰাকী হিতাধিকাৰীৰ আধাৰ নম্বৰহে ৰেছন কাৰ্ডৰ সৈতে সংযোগ হৈছে ।

আনহাতে ৰাজ্যখনত থকা মুঠ ৬০,৬৭,৯৩৩ খন ৰেছন কাৰ্ডৰ বিপৰীতে ৫২,০৩৫১১খন ৰেছন কাৰ্ডৰ সৈতেহে বেংক একাউণ্টৰ নম্বৰ সংযোজিত হৈছে । অর্থাৎ ৮,৬৪,৪২২ খন ৰেছন কাৰ্ড এতিয়াও বেংক একাউণ্টৰ সৈতে সংলগ্ন হোৱা নাই ।

লক্ষণীয় বিষয় যে কেন্দ্ৰীয় চৰকাৰে আধাৰ নম্বৰৰ সৈতে ৰেছন কার্ড সংযোগ নকৰিলে ৰেছন কাৰ্ডৰ সুবিধা প্রদান বন্ধ কৰি দিয়া হ'ব বুলি ঘোষণা কৰিছে । কেন্দ্ৰৰ এনে কঠোৰ স্থিতিৰ পাছতেই শেহতীয়াকৈ অসম চৰকাৰে বিশেষ তৎপৰতা অৱলম্বন কৰিছে । মুখ্যমন্ত্ৰীয়ে অহা ৩০ ছেপ্টেম্বৰ ভিতৰত ৰাজ্যখনত আধাৰ কাৰ্ড প্ৰদানৰ কাম এশ শতাংশ সম্পূৰ্ণ কৰাৰ বাবে জিলা আয়ুক্তসকলক কঠোৰ নিৰ্দেশ দিছে ।

কিন্তু এই সময়ৰ ভিতৰত সকলো লোকে আধাৰ কাৰ্ড লাভ কৰিব নে নাই সেয়াহে গুৰুত্বপূৰ্ণ কথা । বিগত চাৰি-পাঁচ বছৰে সম্পূৰ্ণ কৰিব নোৱৰা কাম এটা এই কম সময়ৰ ভিতৰত হ'ব নে নাই তাক লৈ সকলোৰে মনত সন্দেহ হৈছে । অৱশ্যে মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পাছত জিলা আয়ুক্তসকল এইক্ষেত্রত বিশেষভাৱে তৎপৰ হৈ পৰিছে ।

লগতে পঢ়ক: Akhil Gogoi on Silsako eviction; শিলসাঁকোৰ উচ্ছেদ কাৰ্য খিলঞ্জীয়া বিৰোধী : অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.