ETV Bharat / state

কিৰণ ফাউণ্ডেছনে অতিক্ৰম কৰিলে 5 টা বছৰ

author img

By

Published : Sep 12, 2020, 10:10 PM IST

গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে অনুষ্ঠিত হয় কিৰণ ফাউণ্ডেছনৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৷ অনুষ্ঠানটোত উপস্থিত থাকে সাংবাদিক দেৱজিত ভূঞা,নৃত্যাচাৰ্য পখিলা কলিতা,অৰ্থ ফিল্মছৰ স্বত্ত্বাধিকাৰী সুনীল বাগৰিকে আদি কৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি ৷

কিৰণ ফাউণ্ডেছনে অতিক্ৰম কৰিলে 5 টা বছৰ
কিৰণ ফাউণ্ডেছনে অতিক্ৰম কৰিলে 5 টা বছৰ

গুৱাহাটী,12 ছেপ্টেম্বৰ : শনিবাৰে অনুষ্ঠিত হয় কিৰণ ফাউণ্ডেছনৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৷ জন্ম লগ্নৰে পৰা নিজ ক্ষেত্ৰত পাৰদৰ্শিতা দেখওৱা মহিলা সকলক বিভিন্ন বঁটা তথা জলপানী প্ৰদান কৰি অহা এই ফাউণ্ডেছনটোৱে অতিক্ৰম কৰিলে 5 টা বছৰ ৷

কিৰণ ফাউণ্ডেছনে অতিক্ৰম কৰিলে 5 টা বছৰ

২০১৬ চনত মডেলিঙৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা কিৰণ বড়ো নামৰ মডেলগৰাকীয়ে মহিলা সকলক আত্মনিৰ্ভৰশীল কৰি তুলিব পৰাকৈ কিৰণ ফাউণ্ডেছন নামৰ এটা অনুষ্ঠান গঢ় দিছিল ৷ এই অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ১৫ গৰাকী কিশোৰী আৰু মহিলাক উদ্গনিমূলক বঁটা প্ৰদান কৰে । ইপিনে,এটা সুন্দৰ কথক নৃত্যৰে শুভাৰম্ভণি হোৱা এই অনুষ্ঠানটোত উপস্থিত থাকে সাংবাদিক দেৱজিত ভূঞা,নৃত্যাচাৰ্য পখিলা কলিতা,অৰ্থ ফিল্মছৰ স্বত্ত্বাধিকাৰী সুনীল বাগৰিকে আদি কৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.