ETV Bharat / state

50 thousand recruitments: মে' মাহত অমিত শ্বাহৰ উপস্থিতিত অসমত দিয়া হ'ব ৫০ হাজাৰ নিযুক্তি

author img

By

Published : Apr 18, 2023, 10:57 PM IST

মে' মাহত সম্পূৰ্ণ হ’ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি ৷ ইয়াৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে এক লাখ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৫০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব(50 thousand recruitments in Assam) ৷

50 thousand recruitments will be given in May in the presence of Amit Shah
মে' মাহত অমিত শ্বাহৰ উপস্থিতিত দিয়া হ'ব ৫০ হাজাৰ নিযুক্তি

গুৱাহাটী, ১৮ এপ্ৰিল: এবছৰত নোৱাৰিলেও দুবছৰত এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে অগ্ৰসৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰ ৷ মে' মাহত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি ৷ যাৰ পৰিপ্ৰেক্ষিতত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক লাখ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ক্ষীপ্ৰতাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে (50 thousand recruitments in Assam) ৷

ইয়াৰ বাবে মঙলবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত তৃতীয় আৰু চতুৰ্থবৰ্গৰ নিযুক্তি আয়োগৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত এক লাখ নিযুক্তি সম্পুৰ্ণ কৰাৰ প্ৰসংগত বিশদভাৱে আলোচনা কৰা হয় ৷ অহা মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব (Amit Shah will visit in Assam) ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহৰ উপস্থিতিত ৫০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ বাবে চৰকাৰে যাৱতীয় সকলো কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিছে ৷

এই বৈঠকত মুখ্যমন্ত্ৰীয়ে ইয়াৰ অগ্ৰগতিৰ বিষয়ে বিশদভাৱে বুজ লোৱাৰ লগতে শীঘ্ৰে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত নিৰ্দেশনা দিয়ে ৷ এই বৈঠকত মন্ত্ৰী কেশৱ মহন্ত (Health minister Keshab Mahant)আৰু ডাঃ ৰণোজ পেগুও (Minister Ranoj Pegu) উপস্থিত আছিল ৷ ইফালে মে' মাহত ৫০ হাজাৰ নিযুক্তি দিয়াৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰতো উল্লেখ কৰে ৷ উল্লেখ্য যে বিজেপিয়ে এবছৰৰ ভিতৰত এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও প্ৰথম বছৰত সেই প্ৰতিশ্ৰুতি পূৰণ নহ'ল ৷

ফলত চৰকাৰখনে দ্বিতীয় বৰ্ষপূৰ্তিত সেই প্ৰতিশ্ৰুতি পূৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ ইতিমধ্যে চৰকাৰখনে ৪০ হাজাৰৰো অধিক নিযুক্তি দিবলৈ সক্ষম হৈছে আৰু ৫০ হাজাৰ সম্পূৰ্ণ হোৱাৰ পথত ৷ প্ৰতিশ্ৰুতি অনুসৰি এবছৰত এক লাখ চাকৰি দিব নোৱাৰি বিৰোধীৰ সমালোচনাৰ সন্মূখীন হোৱা চৰকাৰখনে লক্ষ্যত উপনীত হোৱাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখি আহিছে ৷ অৱশেষত লক্ষ্যত উপনীত হোৱাৰ দিশে অগ্ৰসৰ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ৷

লক্ষ্যণীয় বিষয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)ৰাজহুৱা অনুষ্ঠানত দৃঢ়তাৰে কৈছিল যে সন্মুখত হিমালয় আহি থিয় দিলেও এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি অসম চৰকাৰে পূৰণ কৰিব ৷ বিৰোধীয়ে যিমান সমালোচনা কৰিলেও অসম চৰকাৰে স্বচ্ছ আৰু নিকাভাৱে এক লাখ নিযুক্তিৰ লক্ষ্যত উপনীত হ'বই ৷

উল্লেখ্য যে, বিজেপিৰ চৰকাৰ হ'লে এবছৰৰ ভিতৰত এক লাখ নিযুক্তি দিয়াৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল বিজেপিৰ ৷ এতিয়া দুবছৰত হয়তো চৰকাৰখনে এক লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হ'ব (1 lakh requirement in Assam)৷

লগতে পঢ়ক: Ranjiv Kumar Sharma slams Akhil Gogoi: হিংসাৰ জৰিয়তে ৰাজ্যত অস্থিৰতা বিয়পাই অখিল গগৈয়ে; ৰঞ্জীৱ কুমাৰ শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.