ETV Bharat / state

Crime in Guwahati City : এঘাৰ মাহত ৰাজধানী চহৰত সংঘটিত ৪১ টাকৈ লোমহৰ্ষক হত্যাকাণ্ড

author img

By

Published : Dec 19, 2021, 6:56 PM IST

41  murder cases has been registered in guwahati in the year 2021
ৰাজধানী চহৰত এঘাৰ মাহত সংঘটিত ৪১ টাকৈ লোমহৰ্ষক হত্যাকাণ্ড

ৰাজ্যত অপৰাধ আৰু অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে সম্প্ৰতি অধিক সষ্টম হৈ পৰিছে অসম আৰক্ষী (Assam Police against crime) ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই অপৰাধমূলক কাৰ্যকলাপ ৰোধৰ বাবে অধিক তৎপৰ হৈ পৰিছে অসম আৰক্ষী(Assam Police anti corruption drive) ৷ কিন্তু অসমৰ আন জিলাৰ কথাটো বাদেই আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা ৰাজধানী চহৰখনত মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলাস্বৰূপ উদঙাইছে অপৰাধ অনুসন্ধান শাখাৰ তথ্যই ৷

গুৱাহাটী, ১৯ ডিচেম্বৰ : আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত ধাৰাবাহিকভাৱে সংঘটিত হৈ আহিছে লোমহর্ষক হত্যাকাণ্ড(Horrific murder in Assam) । মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই চলিত বৰ্ষত নৱেম্বৰ মাহলৈ ৰাজধানী চহৰখনত সংঘটিত হৈছে ৪১ টাকৈ লোমহর্ষক হত্যাকাণ্ড । কেইদিন পূৰ্বে আমচিং যোৰাবাটত ভণ্ড প্ৰেমিকে ডিঙি ৰেপি অতি নৃশংসতাৰে মৰমী তাঁতী নামৰ যুৱতীগৰাকীক মাতৃৰ সন্মুখতে হত্যা কৰা ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

মৰমী তাঁতীৰ হত্যাকাণ্ডৰ পূৰ্বেও গুৱাহাটী মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলাস্বৰূপ উদঙাই দুষ্কৃতিকাৰীয়ে সংঘটিত কৰিছিল এটাৰ পিছত আনটো লোমহর্ষক হত্যাকাণ্ড । অপৰাধ অনুসন্ধান শাখা(Central Bureau of Investigation)ৰ তথ্য অনুসৰি, চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা নৱেম্বৰ মাহলৈ গুৱাহাটী মহানগৰীত ৪১ টাকৈ হত্যাকাণ্ড সংঘটিত হৈছে ।

আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা মহানগৰীৰ পূৱ আৰক্ষী জিলাতেই সংঘটিত হৈছে সৰ্বাধিক হত্যাকাণ্ড (Murder cases in Guwahati) । তথ্য অনুসৰি পূৱ আৰক্ষী জিলাৰ অন্তর্গত দিছপুৰ থানাত ৰুজু হৈছে দহটাকৈ হত্যাকাণ্ডৰ গোচৰ ।

তদুপৰি জিলাখনৰ অন্তৰ্গত হাতীগাঁও থানাত তিনিটা আৰু ভঙাগড় থানাত এটা হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছে । একেদৰে পশ্চিম আৰক্ষী জিলাৰ অন্তৰ্গত গড়চুক থানাত দুটা, ভৰলুমুখত তিনিটা, ফটাশিল আমবাৰী থানাত তিনিটা আৰু জালুকবাৰী থানাত পাঁচটাকৈ হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছে । পশ্চিম আৰক্ষী জিলাত হত্যাকাণ্ডৰ বাৰটাকৈ গোচৰ ৰুজু হৈছে ।

আনহাতে, মধ্য আৰক্ষী জিলাৰ অন্তৰ্গত থানাসমূহত ১২ টাকৈ হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছে । ইয়াৰ ভিতৰত প্ৰাগজ্যোতিষপুৰ থানাত এটা, চানমাৰি থানাত এটা, গীতানগৰ থানাত এটা, লতাশিল থানাত এটা, পল্টনবজাৰ থানাত দুটা আৰু নুনমাটি থানাত ছটাকৈ হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছে । অপৰাধ অনুসন্ধান শাখাৰ তথ্য অনুসৰি চৰকাৰী ৰেল আৰক্ষীৰ অধীনস্থ গুৱাহাটী ৰেল আৰক্ষীত এটা হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছে ।

মহানগৰ আৰক্ষী আয়ুক্তৰ অধীনস্থ এই আৰক্ষী জিলাকেইখনত ৪১ টাকৈ লোমহর্ষক হত্যাকাণ্ডৰ গোচৰ ৰুজু হোৱাৰ পিছতো মহানগৰ আৰক্ষীয়ে আজিলৈকে এটাও গোচৰৰ তদন্ত সম্পূর্ণ কৰিব পৰা নাই । চলিত বৰ্ষত ৰুজু হোৱা ৪১ টাকৈ হত্যাকাণ্ডৰ গোচৰৰ আজিলৈকে তদন্ত প্ৰক্ৰিয়া সম্পূর্ণ কৰিব নোৱাৰা বিষয়টোৱে স্মাৰ্ট মহানগৰ আৰক্ষীৰ প্ৰকৃত স্বৰূপটো উদঙাই দিছে ।

লগতে পঢ়ক : Most Polluted city in the Northeast : উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ প্ৰদূষিত চহৰ গুৱাহাটী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.