ETV Bharat / state

Heroin Seized : মহানগৰীত ৪ কোটি টকাৰ হেৰ'ইন সহ ড্ৰাগছ সৰবৰাহকাৰীক আটক

author img

By

Published : Dec 4, 2021, 9:48 PM IST

মিলনগৰত শনিবাৰে মহানগৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ কৰে(Heroin seized in Guwahati ) । লগতে অভিযানত হেৰ'ইনসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি মহানগৰ আৰক্ষীয়ে(Guwahati City Police) ৷

4 crore heroin seized in guwahati
মহানগৰীত ৪ কোটি টকাৰ হেৰ'ইন সহ ড্ৰাগছ সৰবৰাহকাৰীক আটক

গুৱাহাটী, 4 ডিচেম্বৰল : মহানগৰীৰ আজাৰা আৰক্ষী চকীৰ অন্তৰ্গত মিলনগৰত শনিবাৰে মহানগৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ কৰে(Heroin seized in Guwahati ) । লগতে অভিযানত হেৰ'ইনসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি মহানগৰ আৰক্ষীয়ে(Guwahati City Police) ৷ আটকাধীন ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে, ৰিতিলা মাৰাক আৰু আব্দুল মতলেব(Two Drug peddler arrested) ।

ৰিতিলা মাৰাকৰ ঘৰ মেঘালয়ৰ উইলিয়াম নগৰত । আকৌ আব্দুল মতলেবৰ ঘৰ বৰপেটাৰ মেধিতাৰীত । এই দুই সৰবৰাহকাৰীৰ পৰা জব্দ কৰা হেৰ'ইনৰ পৰিমাণ হৈছে ৫০০ গ্ৰাম ৷

জব্দ কৰা হেৰ'ইনখিনিৰ বজাৰ মূল্য ৪ কোটি টকা হ'ব বুলি সন্দেহ কৰিছে মহানগৰ আৰক্ষীয়ে । আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ৰিতিলা মাৰাক আৰু আব্দুল মতলেবে গুৱাহাটী আৰু মেঘালয়ত হেৰ'ইনৰ সৰাবৰাহৰ কামত জড়িত আছিল । আব্দুল মতলেবে বৰপেটাৰ মেধিতাৰীত থকা কে এছ নামৰ এখন ৰেষ্টুৰেন্ট গাড়ী চালক কাম কৰে ।

লগতে পঢ়ক: Assam Police on Encounter Spree : ছমাহত ২৮ অভিযুক্তৰ মৃত্যু, আহত ৪৮

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.