ETV Bharat / state

Anti drugs mission at Guwahati : মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ব্য়ৱসায়ী আটক

author img

By

Published : Feb 27, 2023, 8:26 AM IST

Anti drugs mission in Assam
গুৱাহাটীত ড্ৰাগছ সহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

মহানগৰী আৰক্ষীৰ অভিযানত নালাপাৰাত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ (Anti drugs mission in Assam) ৷ আৰক্ষীৰ জিম্মাত ড্ৰাগছ সৰবৰাহকাৰী ৷

মহানগৰীত ড্ৰাগছসহ আটক ব্য়ৱসায়ী

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drugs mission in Assam) ৷ প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে লক্ষাধিক মূল্যৰ ড্ৰাগছ ৷ ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে দেওবাৰে মহানগৰ আৰক্ষীয়ে গুৱাহাটী মহানগৰীত চলাইছিল অভিযান ৷ অভিযান কালত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ৷

এক গোপন খবৰৰ ভিত্তিত ৰবিবাৰে নিশা মহানগৰ আৰক্ষীৰ উপ আৰক্ষী আয়ুক্ত সুৰজিৎ সিং পানেছৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মহানগৰীৰ নালাপাৰাত অভিযান চলায় । অভিযানৰ সময়ছোৱাত আৰক্ষীৰ দলটোৱে তিনিটাকৈ ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । লগতে ড্ৰাগছ ব্যৱসায়ীকেইটাৰ পৰা ৯৬ পেকেট ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় (Drugs seized at Guwahati) ।

Drugs seized at Guwahati
গুৱাহাটীত ড্ৰাগছ সহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

দুখনকৈ বিলাসী বাহনত ড্ৰাগছখিনি কঢ়িওৱা হৈছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷ ড্ৰাগছৰ লগতে জব্দকৃত বিলাসী বাহন দুখনৰ নম্বৰ হৈছে AS 01 NC 3769 আৰু AS 01 ES 0766 ৷ হাতীগাঁও আৰু বশিষ্ঠ আৰক্ষীৰ এটা বৃহৎ দলক লৈ উপ আৰক্ষী আয়ুক্ত সুৰজিৎ সিং পানেছৰৰ নেতৃত্বত চলা এই অভিযানত জব্দ হয় এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি (3 drugs pedller arrested in Assam) ।

ধৃত ড্ৰাগছ ব্যৱসায়ী কেইটাৰ নাম, ঠিকনা তথা ড্ৰাগছখিনি ক’ৰ পৰা ক’লৈ লৈ যোৱা হৈছিল সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই । জব্দ কৰা ব্ৰাউন চুগাৰ খিনিৰ বজাৰ মূল্য সঠিককৈ নিৰ্ধাৰণ কৰিব পৰা পৰা হোৱা নাই যদিও সেয়া কোটি টকাৰ ওপৰত হ’ব বুলি উপ আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে । আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, দীৰ্ঘদিন ধৰি এই তিনি ব্যৱসায়ীয়ে মহানগৰীত চলাই আহিছিল নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহা । ইতিমধ্যে আটাইকেইটা অপৰাধীক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে ।

উল্লেখ্য যে, অসম আৰক্ষীয়ে ধাৰাবাহিকভাৱে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ পিছতো সৰবৰাহকাৰীয়ে নিত্য নতুন কৌশল অৱলম্বনেৰে সৰবৰাহ কৰি আছে নিষিদ্ধ ড্ৰাগছকে বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বেহা ৷ অসম চৰকাৰে এনে নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ নীতি গ্ৰহণৰ পিছতো ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ৰোধ নোৱাৰাৰ বিষয়টোৱে সচেতন মহলত লাভ কৰিছে বিশেষ চৰ্চা ৷

লগতে পঢ়ক : Many encounters in Assam : হিমন্ত বিশ্ব শৰ্মাৰ দিনত 174 টা এনকাউণ্টাৰৰে ৰাজ্যত চলিছে মুক্তহত্যাৰ যজ্ঞ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.