ETV Bharat / state

বক্ৰ পথেৰে চাকৰি লোৱা 29 গৰাকী ৰাজপত্ৰিত বিষয়ালৈ এছ আই টিৰ জাননী

author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 6:46 PM IST

বক্ৰ পথেৰে এ পি এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লোৱা 29 গৰাকী ৰাজপত্ৰিত বিষয়ালৈ এছ আই টিয়ে জাননী ৷ গুৱাহাটীৰ চি আই ডি কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰা হৈছে ৷

APSC Cash For Job Scam
চিআইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ জাননী

গুৱাহাটী, 24 নৱেম্বৰ : বক্ৰ পথেৰে এ পি এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লোৱা 29 গৰাকী ৰাজপত্ৰিত বিষয়ালৈ এছ আই টিয়ে গুৱাহাটীৰ চি আই ডি কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰিছে ৷ উল্লেখ্য যে এ পি এছ চি কেলেংকাৰীৰ এছ আই টিৰ তদন্তত সাঙোৰ খাই আছে 37 জন বিষয়াৰ নাম ৷ ইয়াৰে দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ৷ বাকী 35 জন এতিয়াও মুকলি আকাশৰ তলত আছে ৷ ইয়াৰে 29 গৰাকী ৰাজপত্ৰিত বিষয়ালৈ এছ আই টিয়ে হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰিছে ৷

ইফালে বক্ৰ পথেৰে এ পি এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লোৱা ৰাজপত্ৰিত বিষয়া ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱাক মঙলবাৰে গ্ৰেপ্তাৰ কৰি কাহিলীপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখাত বিশেষ তদন্ত গোট (এছ আই টি) য়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱাই আৰক্ষীৰ জেৰাত মুখ খুলিছে ৷ দুয়োগৰাকীয়ে ভুল স্বীকাৰ কৰিছে ৷

উল্লেখ্য যে এছ আই টিৰ মুখ্য তদন্তকাৰী বিষয়া মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত (অপৰাধ) প্ৰতীক থুবেই বৃহস্পতিবাৰে বিয়লি বিশেষ সত্ৰ নায়ধীশৰ আদালতত হাজিৰ হৈ ধৃত ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱাৰ হস্তাক্ষৰৰ নমুনা সংগ্ৰহৰ অনুমতি বিচাৰি বিশেষ সত্ৰ নায়াধীশৰ আদালতত আবেদন‌ কৰিছিল ৷ এই আৱেদন আদালতে গ্ৰহণ কৰি ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱাৰ হস্তাক্ষৰৰ নমুনা সংগহৰ অনুমতি প্ৰদান কৰিছিল ৷

এছ‌ আই টিয়ে ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱাৰ হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ বাবে ফৰেনছিন গৱেষণাগাৰলৈ প্ৰেৰণ কৰিছে ৷ দুই এদিনত এই নমুনা পৰীক্ষাৰ তথ্য এছ আই টিৰ হাতত পৰিব ৷ আকৌ দুদিন পিছত ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱাৰ আৰক্ষীৰ জিম্মাত ৰখাৰ ম্যাদ উকলিব ৷ গতিকে এছ‌ আই টিয়ে পিছত ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱাক তথ্য-প্ৰমাণসহ আদালতত পুনৰ হাজিৰ কৰাৰ প্ৰস্তুতি চলায় আছে যাতে দুয়োজনে সহজে সাৰি যাব নোৱাৰে ৷ ইফালে কেইবাগৰাকী অভিযুক্ত ৰাজপত্ৰিত বিষয়া আত্মগোপন কৰা বুলি জানিব পৰা গৈছে ৷ ছুটি লোৱা বহুতৰে‌ ম'বাইল ফোন পৰ্যন্ত আৰক্ষীয়ে বন্ধ পাইছে ৷

লগতে পঢ়ক : এ পি এছ চি কেলেংকাৰীৰ অভিযুক্ত বিষয়াৰ ভৱিষ্যৎ এতিয়া চৰকাৰৰ হাতত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.