ETV Bharat / state

Drama festival : 11 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব 14 সংখ্যক ব্রজনাথ শৰ্মা সোঁৱৰণী নাট সমাৰোহ

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 7:13 AM IST

Drama festival at district library auditorium
14 সংখ্যক ব্রজনাথ শৰ্মা সোঁৱৰণী নাট সমাৰোহ

পাঁচদিনীয়া কাৰ্যসূচীৰে চতুর্দশ বার্ষিক ব্রজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহৰ আয়োজন ৷ 11-15 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব এই নাট সমাৰোহ ৷

গুৱাহাটী, 10 ছেপ্টেম্বৰ: অপেছাদাৰী নাট্যদল সমাহাৰ নাট্য গোষ্ঠীয়ে পাঁচ দিনীয়া কাৰ্যসূচীৰে অহা 11-15 ছেপ্টেম্বৰলৈ চতুর্দশ বার্ষিক ব্রজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহখনি গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিব । শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি উদযাপন সমিতিৰ সভাপতি ললিত শর্মাই সদৰী কৰে এই কথা । তেওঁ কয়, "2007 চনৰ পৰা প্ৰতি বছৰে সমাহাৰে অসমীয়া ভ্ৰাম্যমান থিয়েটাৰৰ পিতৃপুৰুষ তথা অসমৰ আধুনিক নাট্য যাত্ৰাৰ বাটকটীয়া প্ৰয়াত ব্ৰজনাথ শৰ্মাৰ সোঁৱৰণত উক্ত সমাৰোহ আয়োজন কৰি আহিছে ।"

2023 বৰ্ষৰ নাট সমাৰোহ 11 ছেপ্টেম্বৰ সন্ধিয়া 6:30 বজাত সমাৰোহৰ উদ্বোধন কৰা হ’ব । সমাৰোহৰ বন্তি প্ৰজ্বলন কৰিব ব্রজনাথ শৰ্মাৰ জীয়ৰী আৰু নাতিনী ক্রমে নির্মলা মিশ্ৰ আৰু নিলাক্ষী মিশ্রই । নাট সমাৰোহখনি উদ্বোধন কৰিব প্ৰবীন মঞ্চ তথা চলচ্চিত্র অভিনেত্রী চেতনা দাসে । ব্রজনাথ শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা স্মৰণিকা “কহিনুৰ” উন্মোচন কৰিব বিশিষ্ট শিক্ষাবিদ আব্দুল মান্নানে ।

প্ৰথম দিনা নাট মঞ্চস্থ কৰিব নগাঁওৰ আৰ্ট নাট্য দলে ৷ যশস্বী নাট্যকাৰ, চিত্র নির্মাতা অৰূপ বৰঠাকুৰ ৰচিত আৰু সুৰজ কুমাৰ শ‍ইকীয়া পৰিচালিত নাট “সাগৰৰ বুকুত এজাক জোনাকৰ মৃত্যু” প্ৰদৰ্শিত কৰিব নাট্য দলটোৱে ৷ 12 ছেপ্টেম্বৰৰ সন্ধিয়া 6:45 বজাত (কিৰণ শংকৰ সন্ধিয়া) - জাগীৰোড নাট্যগোষ্ঠীয়ে পৰিবেশন কৰিব নাট “একলব্য” । প্রখ্যাত নাট্যকাৰ তৰুণ তালুকদাৰৰ দ্বাৰা ৰচিত পৰিচালিত নাটখনিৰ মূল বিষয়বস্তু হৈছে ধর্ষণ । অপৰাধীজন স্থানীয় ৰাজনৈতিক নেতাৰ সম্পৰ্কীয় হোৱা হেতুকে ধৰ্ষিতাগৰাকীয়ে ন্যায় লাভৰ বাবে কৰিবলগীয়া সংগ্ৰামখনে এই নাটখনৰ উপপাদ্য বিষয় ।

13 ছেপ্টেম্বৰৰ সন্ধিয়া 6:45 বজা (মানবেন্দ্র ভট্টাচাৰ্য সন্ধিয়া) - প্রখ্যাত যোৰহাট থিয়েটাৰে প্ৰদৰ্শন কৰিব ৰূপকুমাৰ বৰাৰ নাটক “জীৱন জিন্দাবাদ” । পক্ষাঘাতগ্রস্ত ব্যক্তি এগৰাকী আৰু পৰিয়ালৰ তেওঁৰ প্ৰতি ব্যৱহাৰেই হৈছে নাটকখনৰ মূল বিষয় । 14 ছেপ্টেম্বৰৰ সন্ধিয়া 6:45 বজা - (বীৰেন্দ্ৰ মালাকাৰ সন্ধিয়া ) আগৰতলাৰ 'সোমাঙ্কুৰ' নাট্য দলে পৰিৱেশন কৰিব "বোধোদয়" ৷ নাট্যকাৰ ৰতন দাসগুপ্তৰ দ্বাৰা ৰচিত আৰু পৰিচালিত নাটকখন হৈছে এগৰাকী মুছলমান কিশোৰীক কেন্দ্ৰ কৰি ৷ এঘৰ হিন্দু পৰিয়ালত ভাৰাতীয়া হিচাবে থকা কিশোৰীগৰাকীৰ সৈতে মালিক পক্ষৰ সংঘাতেই হৈছে নাটকখনৰ বিষয় বস্তু ।

15 ছেপ্টেম্বৰ অৰ্থাৎ অন্তিম নাট্য সন্ধিয়াটিত (দ্বীপ কুমাৰ মেধি সন্ধিয়া) প্ৰদৰ্শিত হ’ব দুটি দর্শনী ৷ নাট্য সন্ধিয়াটিৰ আৰম্ভণি হ’ব 4:30 বজা আৰু 7 বজাত ৷ সমাহাৰ নাট্য গোষ্ঠীৰ নতুন নাটক "দ্রোহী" ৰচনা আৰু পৰিচালনা বিশিষ্ট নাট্যকাৰ ড° সীতানাথ লহকৰৰ । নাটকখন ক'ভিড-19 মহামাৰী আৰু লকডাউনৰ ওপৰত আধাৰিত । কেনেকৈ এচাম সুবিধাবাদীয়ে মহামাৰীক অন্ধবিশ্বাসৰ জৰিয়তে ব্যৱসায়লৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিছে, নাটখনত তাকে দেখুৱাবলৈ প্ৰচেষ্টা কৰা হৈছে ।

লগতে পঢ়ক: ASP Subhalakshmi Dutta case : আত্মসমৰ্পণৰ পিচতে জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.