ETV Bharat / state

ৰাজ্যত শীঘ্ৰে নিযুক্তি দিয়া হ'ব ১০ হাজাৰ শিক্ষকক !

author img

By

Published : May 24, 2020, 5:29 PM IST

Updated : May 24, 2020, 11:32 PM IST

10,000 teachers will be appointed in the state
ৰাজ্যত নিযুক্তি দিয়া হ'ব ১০ হাজাৰ শিক্ষকক

১৫ জুনৰ ভিতৰত প্ৰাথমিক শিক্ষা বিভাগে ৰাজ্যত ৯,৬৩৫ গৰাকী শিক্ষকক নিযুক্তি দিব । এই নিযুক্তিত আছে দীৰ্ঘদিন ধৰি ঠিকাভিত্তিক কৰ্মৰত শিক্ষক ৷

গুৱাহাটী, 24মে': লক ডাউনৰ মাজতে শিক্ষকৰ নিযুক্তিৰ বাবে সাজু হৈছে ৰাজ্যৰ শিক্ষা বিভাগ ৷ শীঘ্ৰেই ৰাজ্যত নিযুক্তি দিয়া হ'ব ১০ হাজাৰ শিক্ষকক ৷ নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ৷ লক্ষণীয় বিষয়টো হ'ল এই নিযুক্তি সম্পৰ্কত এতিয়াও মুখ খুলিব খোজা নাই শিক্ষা বিভাগৰ কোনো শীৰ্ষ বিষয়াই । খুব কম দিনৰ ভিতৰতে এই নিযুক্তি প্ৰক্ৰিয়াৰ আনুষ্ঠানিকভাৱে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷

10,000 teachers will be appointed in the state
ৰাজ্যত নিযুক্তি দিয়া হ'ব ১০ হাজাৰ শিক্ষকক

ইপিনে,ETV Bharat ৰ সাংবাদিকৰ আগত শিক্ষা বিভাগৰ এই নিযুক্তি প্ৰক্ৰিয়াৰ কথা ব্যক্ত কৰিছে বিভাগটোৰ এক বিশেষ সূত্ৰই ৷ জানিব পৰা মতে, ১৫ জুনৰ ভিতৰত প্ৰাথমিক শিক্ষা বিভাগে ৰাজ্যত ৯,৬৩৫ গৰাকী শিক্ষকক নিযুক্তি দিব । এই নিযুক্তিত আছে দীৰ্ঘদিন ধৰি ঠিকাভিত্তিত কৰ্মৰত শিক্ষকো । মন কৰিবলগীয়া কথা যে, এই ৯,৬৩৫ টা পদৰ বাবে প্ৰায় ৭৫ হাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন জনাইছিল ।

ৰাজ্যত শীঘ্ৰে নিযুক্তি দিয়া হ'ব ১০ হাজাৰ শিক্ষকক !

আনহাতে, ৰাজ্য চৰকাৰৰ আন বিভাগসমূহত নতুন নিযুক্তি বন্ধ হৈ থাকিলেও কিন্তু মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাৰ অধীনত থকা বিভাগসমূহত এতিয়াও নিযুক্তি প্ৰক্ৰিয়া অব্যাহত আছে ৷ ইয়াৰ পূৰ্বতে স্বাস্থ্য বিভাগত দিয়া হৈছিল প্ৰায় চাৰিশ নতুন নিযুক্তি । অথচ জলসিঞ্চন বিভাগৰ নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পিছতো অদ্যপি গেঠেলা মাৰি ৰৈছে ।

লগতে পঢ়কঃতীৰ্থস্থানক কেন্দ্ৰ কৰি ৰাজ্যত পৰ্যটনৰ নতুন উদ্যোগ

Last Updated :May 24, 2020, 11:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.