ETV Bharat / state

Crime in Jorhat : দুৰ্বৃত্তৰ ছুৰীকাঘাতত ICU ত ভৰ্তি যুৱক

author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 3:21 PM IST

youth stabbed by miscreants in jorhat
দুৰ্বৃত্তৰ দলৰ চুৰীকাঘাটত ICU ত ভৰ্তি যুৱক

যোৰহাটত ছুৰীকাঘাতৰ ঘটনা ৷ মহিলাক অশ্লীল প্ৰস্তাৱ দিয়া যুৱকক বাধা দিবলৈ যোৱা এজন যুৱকক ছুৰীৰে আঘাত কৰে দুৰ্বৃত্তৰ দলে ।

যোৰহাট, 24 অক্টোবৰ: যোৰহাটত চাঞ্চল্যকৰ ঘটনা ৷ নৱমী পূজাৰ আনন্দ-উছাহ অব্যাহত থকাৰ সময়তে যোৰহাটত সংঘটিত হয় এক ছুৰীকাঘাতৰ ঘটনা ৷ মহিলাক অশ্লীল প্ৰস্তাৱ দিয়া যুৱকক বাধা দিবলৈ যোৱা এজন যুৱকক ছুৰীৰে আঘাত কৰিলে দুৰ্বৃত্তৰ দলে ।

ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰ অৰ্থাৎ মহা নৱমীৰ নিশা ঐতিহ্যমণ্ডিত গড় আলি জে পি আৰত ঘটনাৰ সূত্ৰপাত ঘটে ৷ উক্ত স্থানডোখৰত কেইজনমান যুৱকে এগৰাকীক মহিলাক অশ্লীল প্ৰস্তাৱ দিছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জনায় ৷ এই ঘটনা প্ৰত্যক্ষ কৰি এজন যুৱকে বাধা দিবলৈ যায় ৷ যুৱকজনৰ নাম বাবু দাস বুলি জানিব পৰা গৈছে ৷

বাধা প্ৰদান কৰাৰ সময়তে দুৰ্বৃত্তৰ দলটোৱে বাবু দাস নামৰ যুৱকজনক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আঘাত কৰে । দুৰ্বৃত্তৰ উপৰ্যুপৰি আঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰে বাবু দাস নামৰ যুৱকজন ৷ আঘাতপ্ৰাপ্ত যুৱকজনক ততাতৈয়াকৈ সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতালত ভৰ্তি কৰোৱা হয় ।

বৰ্তমান যুৱকজনে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত মৃত্যুৰে যুঁজিব লগীয়া হৈছে । যোৰহাট আৰক্ষীয়ে দুৰ্বৃত্তৰ দলটোক চিনাক্ত কৰিবলৈ চি চি টিভি ফুটেজ পৰীক্ষা কৰি ঘটনাৰ সৈতে জড়িত এজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে । আটাইকেইজন যুৱকক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

তাৎপৰ্যপূৰ্ণ বিষয় যে, কেৱল যোৰহাটেই নহয় ৰাজ্যখনৰ কেবাস্থানটো নৱমী পূজাৰ দিনটোত সংঘটিত হৈছে কেবাটাও অপৰাধজনিত ঘটনা ৷ অসম আৰক্ষীৰ অপৰাধৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিচতো ৰাজ্যত ৰোধ কৰিব পৰা নাই অপৰাধজনিত ঘটনাৰ মাত্ৰা ৷ ক্ৰমবৰ্ধমান এই হাৰে নিৰাপত্তাহীনতাত ভুগাইছে ৰাজ্যবাসীক ৷

লগতে পঢ়ক: Dussehra 2023: ৰাৱণ দাহনৰ উদ্দেশ্যৰে সন্ধিয়া ৰামলীলা মৈদানত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.