ETV Bharat / state

আলফা(স্বাঃ) ৰে যোগসূত্ৰ ৰখা সন্দেহত যোৰহাটত যুৱকক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 10:24 AM IST

youth arrested in Jorhat on suspicion of having links with ULFA (I)
আলফা(স্বা) ৰে যোগসূত্ৰ ৰখা সন্দেহত যোৰহাটত এজন যুৱকক গ্ৰেপ্তাৰ

বুধবাৰে আলফা স্বাধীনৰে যোগসূত্ৰ ৰখাৰ সন্দেহত জুমন বৰা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে যোৰহাট আৰক্ষীয়ে । যুৱকজনে সামাজিক মাধ্যমত আৰক্ষীৰ বিৰুদ্ধে কেইবাটাও বিতৰ্কিত পোষ্ট কৰিছিল (Jorhat Bomb Blast news) ।

যোৰহাট, 21 ডিচেম্বৰ : বুধবাৰে আলফা(স্বাঃ) ৰে যোগসূত্ৰ ৰখা সন্দেহত এজন যুৱকক গ্ৰেপ্তাৰ কৰে যোৰহাট আৰক্ষীয়ে । যোৱা 14 ডিচেম্বৰত সন্ধিয়া 7.21 বজাত যোৰহাটৰ লিচুবাৰীত ভাৰতীয় সেনা বাহিনীৰ 41 নং উপ-অঞ্চল শিবিৰৰ চৌহদত সংযুক্ত মুক্ত বাহিনী অসম (স্বাধীন) সংগঠনে এটা বোমা বিস্ফোৰণ কৰিছিল ৷ ইয়াৰ পিচতেই বাইকত অহা আলফা স্বাধীনৰ দুই কেডাৰে গ্ৰেণেড বিস্ফোৰণ কৰাৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যোৰহাট আৰক্ষীয় ৷

ইয়াৰ মাজতে বুধবাৰে আলফা স্বাধীনৰে যোগসূত্ৰ ৰখাৰ সন্দেহত জুমন বৰা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে । এই যুৱকজনে সামাজিক মাধ্যমত আৰক্ষীৰ বিৰুদ্ধে কেইবাটাও বিৰ্তকিত পোষ্ট আপলোড কৰিছিল । ইতিমধ্যে জুমন বৰা নামৰ যুৱকজনে লিচুবাৰী সেনা শিৱিৰত সংঘটিত গ্ৰেণেড বিস্ফোৰণ ঘটনাত কিবা যোগসূত্ৰ আছে নেকি অথবা এই বিস্ফোৰণৰ কথা জুমন বৰাই জানিছিল নেকি তথা জুমন জড়িত আছিল নেকি সকলো বিৱৰি আৰক্ষীয়ে তেওঁক জেৰা চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

লক্ষণীয় যে, আলফা (স্বাঃ)ৰ লিংকমেনৰ সন্দেহত যোৱা 30 জুলাইত তিনিচুকীয়া আৰক্ষীৰ এনকাউণ্টাৰৰ বলি হৈছিল জুমন বৰা ৷ জুমন বৰাক মামৰণিৰ পৰা IED বিস্ফোৰক দেখুৱাবলৈ লক্ষীপথাৰলৈ আৰক্ষীক লৈ গৈছিল ৷ সেই সময়তে আৰক্ষীৰ বেহু ভাঙি পলায়নৰ চেষ্টা কৰে লিংকমেন জুমন বৰাই ৷ ফলত পলায়নৰ চেষ্টা কৰা জুমন বৰালৈ লক্ষ্য কৰি চলিল আৰক্ষীৰ গুলী ৷

আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি স্বাধীনতা দিৱসৰ পূৰ্বে উজনিত কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিবলৈ জুমন বৰাক বিভিন্ন দায়িত্ব দিয়া হৈছিল ৷ আলফাৰ নতুন সদস্য ভৰ্তি, ধন দাবী, কূটাঘাটৰ বাবে কাম-কাজ শিবিৰ পাতি চলাই নিছিল তিনিচুকীয়া, নামচাই ইত্যাদি অঞ্চলত ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বৰে পৰা যোৰহাট আৰক্ষীৰ নজৰত আছিল জুমন বৰা ৷

লগতে পঢ়ক: যোৰহাটৰ বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা(স্বা)ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.