ETV Bharat / state

Cyber crime : হেকাৰৰ কৱলত পৰি যোৰহাটৰ দুজনে হেৰুৱালে লক্ষাধিক টকা

author img

By

Published : Nov 25, 2021, 6:54 PM IST

two-person-from-jorhat-losses-lakhs-of-rupees-over-online-app
Cyber crime : হেকাৰৰ কৱলত পৰি যোৰহাটৰ দু়জনে হেৰুৱালে লক্ষাধিক টকা

বেংকৰ ধনত চকু হেকাৰৰ ৷ বিভিন্ন প্ৰবঞ্চনাৰে একাংশ লোকৰ পৰা হেকাৰে লুটিছে ধন ৷ অভিনৱ কৌশল প্ৰয়োগ কৰি হেকাৰে বৰলুকি কৰিছে বেংক একাউন্টৰ ধন ৷ অনলাইনযোগে ধনৰ লেনদেন কৰিবলৈ গৈ যোৰহাটৰ দুজনে হেৰুৱালে লাখ লাখ টকা (Two person from Jorhat losses lakhs of rupees over online app) ৷

যোৰহাট, 25 নৱেম্বৰ : অনলাইনযোগে ধনৰ লেনদেন কৰিবলৈ গৈ যোৰহাটৰ দুজনে হেৰুৱালে লাখে লাখে টকা (Two person from Jorhat losses lakhs of rupees) ৷ যোৰহাট জেইল ৰ’ডৰ জ্যোতিষ্ক ভৰদ্বাজ নামৰ এজন ব্যক্তিয়ে OLX ত দিছিল এটা ঘৰ ভাড়াৰ বিজ্ঞাপন ৷ বিজ্ঞাপনটো লাভ কৰি ৯১৬১৩২৭৪০৯ নম্বৰৰ পৰা জ্যোতিষ্ক ভৰদ্বাজলৈ আহে ফোনকল ৷

বাবলু কুমাৰ হিচাপে পৰিচয় দাঙি ধৰা এটা হেকাৰে নিজকে চি আই এছ এফত কৰ্মৰত বুলি জানিবলৈ দিয়ে (hacker introduced himself as CISF person) ৷ ফলত ঘৰ ভাড়াৰ বাবে সন্মতি জনায় জ্যোতিষ্ক ভৰদ্বাজে ৷ আগধনৰ প্ৰসংগ অহাত হৰপাল সিং নামৰ এজন ব্যক্তিয়ে ৮৮১১০৫৮৩৯৫ নম্বৰৰ পৰা ফোন কৰি জ্যোতিষ্ক ভৰদ্বাজৰ পৰা Google pay নম্বৰ বিচাৰে ৷ তাৰ পাচতে ধনৰ হৰলুকিৰ প্ৰক্ৰিয়া আৰম্ভ হয় ৷

Google pay ত থকা সুবিধা অনুসৰি ভাড়াতীয়াৰূপী হেকাৰলৈ জ্যোতিষ্কই ক্ৰেডিটৰ বাবে অনুৰোধ জনায় ৷ ইয়াৰ পিছতে জ্যোতিষ্ক ভৰদ্বাজৰ একাউন্টৰ পৰা নোহোৱা হ'ল মুঠ ১ লাখ ৫০ হাজাৰ টকা ৷ OLX ত ঘৰ ভাড়াৰ বিজ্ঞাপন দি দিশহাৰা হোৱা যুৱকজনে এতিয়া যোৰহাট আৰক্ষী থানাত হেকাৰৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ৷

Cyber crime : হেকাৰৰ কৱলত পৰি যোৰহাটৰ দু়জনে হেৰুৱালে লক্ষাধিক টকা

আনহাতে, ঘৰতে বহি সহজে ঋণ লাভৰ আশাত যোৰহাটৰে এগৰাকী মহিলাই ইনষ্টল কৰিলে এটা এণ্ডৰইড এপ্লিকেশ্যন ৷ এপ্লিকেশ্যনটোৱে বিচৰা অনুসৰি মহিলাগৰাকীয়ে কৰিলে PAN Card সহ পৰিচয়পত্ৰ আপলোড কৰে ৷ এই কাৰ্য পূৰ্বৰে পৰা খাপ পিটি থকা হেকাৰৰ চকুত পৰাত বেংকৰ লগত সংলগ্ন থকা সকলো নথিপত্ৰ লাভ কৰি নিমিষতে হেকাৰে মহিলাগৰাকীৰ একাউন্টৰ পৰা সৰকালে প্ৰায় ৪ লাখ ৭৫ হাজাৰ টকা ৷ ঋণ বিচাৰিবলৈ গৈ উপায়হীন হোৱা মহিলাগৰাকী বৰ্তমান কাষ চাপিছে আৰক্ষীৰ ৷

লগতে পঢ়ক: মাণিকপুৰত ৰাইজে কৰায়ত্ত কৰিলে ATM Hacker

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.