ETV Bharat / state

HSLC Result 2023: উৰুখা পঁজাত সপোন ৰচি সুখ্যাতিৰে উত্তীৰ্ণ দুই যমজ কন্যা

author img

By

Published : May 25, 2023, 5:37 PM IST

Assam HSLC Result 2023
দৰিদ্ৰতা সাফল্যৰ ক্ষেত্ৰত হেঙাৰ হৈ উঠিব নোৱাৰে

আৰ্থিক দুৰৱস্থাৰ মাজতো সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলি উঠিল যোৰহাট নপামৰ দুই যমজ ভগ্নী ৷ পিতৃহাৰা মেধাৱী ছাত্ৰী দুগৰাকীৰ সফল্যত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে মাতৃ (Assam HSLC Result 2023) ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলি উঠিল দুই যমজ ভগ্নী

যোৰহাট, 25 মে’: দৰিদ্ৰতা যে সাফল্যৰ ক্ষেত্ৰত হেঙাৰ হৈ উঠিব নোৱাৰে তাকেই প্ৰমাণ কৰি দেখুৱালে যোৰহাটৰ দুই যমজ কন্যাই ৷ আৰ্থিক দুৰৱস্থাৰ মাজতো সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলি উঠিল যোৰহাট নপামৰ দুই যমজ ভগ্নী (Two Girls in Jorhat Have Shine Despite Poverty) ৷

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা পিতৃহাৰা মেধাৱী ছাত্ৰী দুগৰাকীৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে মাতৃ ৷ এটা ভগা পঁজাত অধ্যয়ন কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰী দুগৰাকী হৈছে যোৰহাট জাতীয় বিদ্যালয়ৰ সুপ্ৰিয়া দত্ত আৰু সুদৰ্শনা দত্ত ৷ কোনো টিউচন গ্ৰহণ নকৰাকৈ নিজৰ মেধাৰ বলত তথা যোৰহাট জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ তত্বাৱধানত অধ্যয়ন কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয় দুয়ো গৰাকী ছাত্ৰী (Assam HSLC Result 2023) ৷

সুপ্ৰিয়া দত্তই আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ মুঠ 549 নম্বৰেৰে 91.5 শতাংশ লাভ কৰাৰ লগতে সুদৰ্শনা দত্তই 311 নম্বৰসহ 51.33 শতাংশ লাভ কৰি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় ৷ সুপ্ৰিয়া দত্তই অসমীয়াত 87, ইংৰাজীত 86, গণিতত 94, বিজ্ঞানত 98, সমাজ বিজ্ঞানত 92, ভূগোলতত 92 নম্বৰ লাভ কৰিছে ৷ দুই কন্যাৰ এই সাফল্যত এতিয়া উৎফুল্লিত হৈ পৰিছে মাতৃ (HSLC Result 2023) ৷

মেধাৱী ছাত্ৰী দুগৰাকীয়ে নিজৰ সফলতাৰ বিষয়ে সাংবাদিকৰ আগত কয় যে, 'আমাৰ এই সফলতাৰ আঁৰত আছে আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰু সকলৰ লগতে মা ৷ কোনো ব্যক্তিগত টিউচন নোলোৱাকৈ কেৱল বিদ্যালয়ৰ শিক্ষাগুৰুৰ তত্বাৱধানত অধ্যয়ন কৰিছিলোঁ' ৷ পৰৱৰ্তী সময়ত উচ্চতৰ মাধ্যমিকত কলা শাখাত অধ্যয়ন কৰিব বুলি প্ৰকাশ কৰে ছাত্ৰী দুগৰাকীয়ে (Two Girls in Jorhat shine over poverty) ৷

আনহাতে মাতৃ মালবিকা দত্তই কয় যে, 'দুই কন্যাৰ সফল্যত যথেষ্ট উৎফুল্লিত হৈ পৰিছোঁ ৷ ছোৱালী দুজনীয়ে নিজেই নিজৰ মতে অধ্যয়ন কৰিছিল ৷ মই মাত্ৰ প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিছিলোঁ ৷ মই ধন্যবাদ দিছোঁ যোৰহাট জাতীয় বিদ্যালয় কৰ্তৃপক্ষক ৷ কিয়নো যোৱা দুটা বছৰ যোৰহাট জাতীয় বিদ্যালয় কৰ্তৃপক্ষই দুয়োগৰাকীকে শিক্ষা গ্ৰহণ বিনামূলীয়া কৰি দিছিল ৷ তিনিজনী ছোৱালীক লৈ অতি কষ্টৰে ঘৰখন চলাই আছোঁ ৷ যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত মোৰ স্বামীৰ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল' ৷

উল্লেখযোগ্য যে তিনি কন্যা সন্তানক লৈ উৰুখা পঁজাতে ভৱিষ্যতৰ সপোন ৰচিছে মাতৃয়ে ৷ তিনি কন্যাৰ জ্যেষ্ঠ কন্যা সুজাতা দত্তই যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত বৰ্তমান বিজ্ঞান শাখাত ষষ্ঠ সন্মাষিকত অধ্যয়ন কৰি আছে ৷ ছাত্ৰী গৰাকীয়ে পঞ্চম সন্মাষিকৰ পৰীক্ষা দি থকাৰ সময়তে পিতৃৰ ডিচেম্বৰ মাহত পৰলোকপ্ৰাপ্তি ঘটে ৷

ইফালে দুই যমজ ভগ্নীৰ সাফল্যৰ পাছত অসংখ্য গুণমুগ্ধই ভিৰ কৰেহি ছাত্ৰী দুগৰাকীৰ বাসগৃহত ৷ তিনি কন্যা সন্তানৰ এক সুন্দৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত ৰাইজ তথা চৰকাৰৰ সহায়-সহযোগিতা কামনা কৰিছে মাতৃয়ে ৷

লগতে পঢ়ক: HSLC Result 2023: দৰিদ্ৰতাক নেওচি জিলিকিল ধুবুৰীৰ একাংশ ছাত্ৰ-ছাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.