ETV Bharat / state

স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি যোৰহাটত ত্ৰিৰংগা যাত্ৰা

author img

By

Published : Aug 13, 2022, 10:44 PM IST

Tiranga Yatra organized by Jorhat police and jorhat administration
স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি যোৰহাটত ত্ৰিৰংগা যাত্ৰা

শনিবাৰে যোৰহাট জিলা আৰক্ষী আৰু জিলা প্ৰশাসনৰ উদ্যোগত চহৰৰ মাজৰে এক ত্ৰিৰংগা সমদলৰ আয়োজন কৰা হয় (Tiranga Yatra in Jorhat) । এই সমদলত জিলাখনৰ আৰক্ষী, যানবাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী আৰু সাধাৰণ লোকে অংশগ্ৰহণ কৰে ৷

যোৰহাট, 13 আগষ্ট: স্বাধীনতাৰ অমৃত মহোৎসৱৰ (Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি যোৰহাট আৰক্ষী আৰু জিলা প্ৰশাসনে আয়োজন কৰিছে ত্ৰিৰংগা যাত্ৰা । আজিৰে পৰা 15 আগষ্টলৈ আৰম্ভ হোৱা আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ প্ৰথমটো দিন সমগ্ৰ দেশতে অতি উলহ মালহেৰে পালন কৰা হৈছে ৷

এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই সাংস্কৃতিক নগৰি যোৰহাটৰ জনগণ তথা জিলা প্ৰশাসন । তিনিদিনীয়াকৈ পালনৰ প্ৰথমটো দিনটোত যোৰহাট জিলা আৰক্ষী আৰু জিলা প্ৰশাসনৰ উদ্যোগত চহৰৰ মাজৰে এক ত্ৰিৰংগা সমদলৰ আয়োজন কৰা হয় (Tiranga Yatra organized by Jorhat police and jorhat administration) । যোৰহাট আৰ্ৱত ভৱনৰ পৰা আৰম্ভ হোৱা এই সমদলটো সমগ্ৰ যোৰহাট চহৰ ঘূৰি পুনৰ আৰ্ৱত ভৱনতে সামৰণি পৰে ৷

স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি যোৰহাটত ত্ৰিৰংগা যাত্ৰা

শনিবাৰে অনুষ্ঠিত হোৱা এই সমদলত জিলাখনৰ আৰক্ষী, যানবাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী আৰু সাধাৰণ লোকে অংশগ্ৰহণ কৰে (Triranga Yatra in Jorhat) ৷ ইয়াৰ উপৰিও জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন আৰু আৰক্ষী অধীক্ষক মোহন লাল মিনাইও অংশগ্ৰহণ কৰে এই ত্ৰিৰংগা যাত্ৰাত ।

ইফালে জিলা প্ৰশাসনে এই মহোৎসৱৰ লগত সংগতি ৰাখি সন্ধিয়া মিলেনিয়াম পাৰ্কত দেশভক্তিমূলক গীতৰ এক সাংস্কৃতিক সন্ধিয়াও অনুষ্ঠিত কৰে ।

লগতে পঢ়ক: লখিমপুৰৰ ঐতিহাসিক ৰহধলা পুখুৰী পাৰত ৬৫ ফুট উচ্চতাৰ জাতীয় পতাকা উত্তোলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.