ETV Bharat / state

বগাহাতীত পৰিণত যোৰহাটৰ এনআৰচি কেন্দ্ৰ

author img

By

Published : Aug 27, 2020, 11:08 PM IST

এনআৰচিত নাম অন্তৰ্ভুক্ত কৰিবলৈ যোৰহাট জিলাত আবেদন কৰিছিল 9,40,000 লোকে ৷ খিলঞ্জীয়াৰ বসতি প্ৰধান জিলা হিচাপে খ্যাত যোৰহাটত এনআৰচি-ৰ প্ৰথম খচৰাৰ পৰা বাদ পৰিছিল 45 হাজাৰ লোক ৷ দ্বিতীয় খচৰাত নাম অন্তৰ্ভূক্তিৰ বাবে আবেদন কৰিছিল 35 হাজাৰ লোকে ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কামত সহায় আগবঢ়োৱা অধিবক্তা সুদীপ্ত নয়ন গোস্বামীয়ে এনআৰচিৰ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷

NRC Center at Jorhat
NRC Center at Jorhat

যোৰহাট,27 আগষ্ট: প্ৰায় এবছৰ পূৰ্বে মানুহৰ সমাগমেৰে ভৰপূৰ এনআৰচি কেন্দ্ৰত এতিয়া নিমাওমাও পৰিৱেশ ৷ ৰাজ্যৰ প্ৰায় প্ৰতিটো এনআৰচি কেন্দ্ৰতে দেখা গৈছে একেই পৰিৱেশ ৷ প্ৰায় 1,220 কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী এতিয়া হৈ পৰিছে অৰ্থহীন ৷ কিয়নো এই তালিকাত প্ৰকৃত ভাৰতীয়ৰ বিপৰীতে সন্দেহজনক লোকে স্থান লাভ কৰাৰ অভিযোগ উঠিছে ৷

উল্লেখ্য যে,উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত প্ৰস্তুত কৰা হৈছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ খচৰা ৷ বিদেশী সমস্যাৰ পৰা মুক্তি পাবলৈ, অসম আন্দোলনৰ 855 গৰাকী শ্বহীদৰ তেজৰ মূল্য দিবলৈ আৰম্ভ হৈছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম ৷ অসমৰ অন্যান্য জিলাৰ লগতে যোৰহাটতো আৰম্ভ হৈছিল এনআৰচি প্ৰস্তুতকৰণৰ কাম ৷ এনআৰচিৰ তালিকাত অন্তৰ্ভূক্ত হ’ল ৰাজ্যৰ 3,11,21,004 গৰাকী লোকৰ নাম ৷ আনহাতে, বাদ পৰিল 19,06,657 গৰাকী লোক ৷

বগাহাতীত পৰিণত যোৰহাটৰ এনআৰচি কেন্দ্ৰ

ইফালে, এনআৰচিত নাম অন্তৰ্ভুক্ত কৰিবলৈ যোৰহাট জিলাত আবেদন কৰিছিল 9,40,000 লোকে ৷ খিলঞ্জীয়াৰ বসতি প্ৰধান জিলা হিচাপে খ্যাত যোৰহাটত এনআৰচি-ৰ প্ৰথম খচৰাৰ পৰা বাদ পৰিছিল 45 হাজাৰ লোক ৷ দ্বিতীয় খচৰাত নাম অন্তৰ্ভূক্তিৰ বাবে আবেদন কৰিছিল 35 হাজাৰ লোকে ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কামত সহায় আগবঢ়োৱা অধিবক্তা সুদীপ্ত নয়ন গোস্বামীয়ে এনআৰচিৰ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ যোৰহাট জিলাত অবৈধ বিদেশী লোকৰ বাসস্থান তেনেকৈ নাই বুলিবই পাৰি ৷ তেনেক্ষেত্ৰত এই তালিকাৰ পৰা বাদ পৰিছে প্ৰকৃত ভাৰতীয়ৰ নাম ৷ তদুপৰি জিলাখনত অৱস্থিত একমাত্ৰ বিদেশী ন্যায়াধীকৰণখনে বোজা কঢ়িয়াব লগা হৈছিল পাঁচখনকৈ জিলাৰ লোকৰ ৷ শেহতীয়াকৈ ৰাজ্যত নতুনকৈ গঠন কৰা হৈছে 200 খন বিদেশী ন্যায়াধীকৰণৰ মজিয়া ৷ যোৰহাটত স্থাপন হৈছে 31 খন এনে বিদেশী ন্যায়াধীকৰণ ৷ ইয়াৰ পিছতো সম্পূৰ্ণ হৈ নুঠিল এনআৰচিৰ কাম ৷ যিখিনি সম্পূৰ্ণ হ’ল তাত থাকি গ’ল আঁসোৱাহ ৷ যোৰহাটৰ বাচবাৰীৰ প্ৰসেনজিৎ দে নামৰ ব্যক্তিগৰাকীৰ পৰিয়ালৰ একাংশ সদস্যৰ নাম অন্তৰ্ভূক্ত নহ’ল এনআৰচিৰ তালিকাত ৷

প্ৰকৃত ভাৰতীয় নাগৰিক হোৱাৰ তথ্য মজুত থকাৰ পিছতো একাংশ ব্যক্তিৰ নাম এই তালিকাত অন্তৰ্ভূক্ত নোহোৱা কাৰ্যই এই তালিকাত থকা আঁসোৱাহ পৰিষ্ফুট কৰিছে ৷ এনেকৈ হ’লে খিলঞ্জীয়াৰ দলিল ৰূপে চিহ্নিত এন আৰ চিৰ বাবে স্বদেশতেই বিদেশী হ’ব লাগিব প্ৰকৃত খিলঞ্জীয়া ৷

লগতে চাওকঃ বান পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.