ETV Bharat / state

টীয়কত পথ দুৰ্ঘটনাত নিহত এজন

author img

By

Published : Apr 26, 2021, 8:04 PM IST

টীয়কত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছে এজন যুৱক ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এজন মটৰ চাইকেল আৰোহীক মহতিয়াই নিয়ে কোনো অচিনাক্ত বাহনে ৷ দুৰ্ঘটনাৰ পাছতে যুৱকজনক টীয়ক এফ আৰ ইউলৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে ৷

teok-road-accident
টীয়কত পথ দুৰ্ঘটনাত নিহত এজন

টীয়ক, 26 এপ্ৰিল : যোৰহাটৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত কলীয়াপানীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে দুপৰীয়া সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷ ৰাষ্ট্ৰীয় ঘাইপথত এজন মটৰ চাইকেল আৰোহীক মহতিয়াই নিয়ে কোনো অচিনাক্ত বাহনে ৷ যাৰ ফলত গুৰুতৰ ভাৱে আহত হয় পৰাগ জ্যোতি শইকীয়া নামৰ মটৰ চাইকেল আৰোহীগৰাকী ৷ দুৰ্ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনক টীয়ক এফ আৰ ইউলৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে ৷

teok-road-accident
টীয়কত পথ দুৰ্ঘটনাত নিহত এজন

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনখনে ৷ ইতিমধ্যে মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰাৰ লগতে আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: অ’ এন জি চিৰ অপহৰণ কাণ্ডত জড়িত অসম আৰক্ষীৰ জোৱান !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.