ETV Bharat / state

টীয়কত পথ দুৰ্ঘটনা : নিহত এজন

author img

By

Published : Nov 21, 2020, 10:47 PM IST

শনিবাৰে টীয়কত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাত ৷ দুৰ্ঘটনাটোত নিহত হয় এজন ৷ নিহত লোকজনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷

teok-accident-one-died
টীয়কত পথ দুৰ্ঘটনা

টীয়ক,21নৱেম্বৰ : শনিবাৰে নিশা প্ৰায় ৯ বজাত টীয়কৰ মুদৈজান পেট্ৰ'ল ডিপুৰ সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত এজন লোক নিহত হয় ৷ নিহত লোকজনৰ পৰিচয় বৰ্তমানেও জানিব পৰা হোৱা নাই ৷

প্ৰাপ্ত তথ্য অনুসৰি,যোৰহাটৰ পৰা শিৱসাগৰ অভিমুখে আহি থকা WB-65-C-5678 নম্বৰৰ মালবাহী ট্ৰাক এখনত একেটা দিশৰ পৰা আহি থকা আন এখন নম্বৰপ্লেট বিহীন স্কুটীয়ে প্ৰচণ্ড জোৰে খুন্দা মাৰে ৷ যাৰ ফলত লোকজনৰ থিতাতে নিহত হয় ৷ ঘটনা সংঘটিত হোৱাৰ পাচতে ট্ৰাকখন পলায়ন কৰে যদিও টীয়ক আৰক্ষীয়ে ইতিমধ্যে ট্ৰাকখন জব্দ কৰিছে ৷ আৰক্ষীয়ে বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷

অন্য এক খবৰৰ বাবে: আমিনগাঁৱত অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আৰু CITUৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.