ETV Bharat / state

যোৰহাটৰ পৰা মাজুলী বাছ সেৱাৰ ভাড়া বিসংগতি : উত্তপ্ত যোৰহাট ISBT

author img

By

Published : May 17, 2022, 9:07 PM IST

Updated : May 17, 2022, 9:59 PM IST

tense-situation-jorhat-isbt-for-jorhat-majuli-bus-fare-hike
যোৰহাটৰ পৰা মাজুলী বাছ সেৱাৰ ভাৰা বিসংগতি : উত্তপ্ত যোৰহাট ISBT

পৰিবহণ বিভাগে ভাড়া লোৱাৰ ক্ষেত্ৰত বিসংগতি কৰাৰ অভিযোগত যোৰহাট ISBT ত উত্তপ্ত পৰিস্থিতি (Tense situation Jorhat ISBT) ৷ 350 টকাৰ পৰা 420 টকালৈকে ভাড়া বৃদ্ধি কৰিও টিকট নিদিয়াৰ অভিযোগ ৷

যোৰহাট, 17 মে’: যোৰহাট ISBT ৰ পৰা মাজুলীলৈ যোৱা যাত্ৰীৰ পৰা পৰিবহণ বিভাগে ভাড়া লোৱাৰ ক্ষেত্ৰত বিসংগতি কৰাৰ অভিযোগত যোৰহাটত মঙলবাৰে সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ (Tense situation Jorhat ISBT) ৷ অভিযোগ মতে, সোমবাৰে পৰিবহণ বিভাগে যোৰহাটৰ পৰা মাজুলিলৈ যোৱা প্ৰতিজন যাত্ৰীৰ পৰা 350 টকা লোৱাৰ বিপৰীতে আজি হঠাৎ 420 টকাকৈ সংগ্ৰহ কৰে । ফলত ইয়াকে লৈ একাংশ যাত্ৰী ক্ষুব্ধ হৈ পৰে ৷

গুৰুত্বপূৰ্ণ কথা যে 420 টকা যাত্ৰীৰ পৰা লোৱাৰ পিছতো পৰিবহণ বিভাগে কোনো বিভাগৰ টিকট নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে (Jorhat Majuli bus fare hike) । ইয়াকে লৈয়ো একাংশ যাত্ৰীয়ে প্ৰতিবাদ কৰা দেখা যায় । উল্লেখযোগ্য যে, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত হঠাৎ নিমাটি-মাজুলী ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছিল । ফলত বহু যাত্ৰী পনবন্দী হ’ব লগা হয় ।

যোৰহাটৰ পৰা মাজুলী বাছ সেৱাৰ ভাৰা বিসংগতি : উত্তপ্ত যোৰহাট ISBT

এনে পৰিস্থিতিত যোৰহাটৰ পৰা মাজুলীলৈ যোৱা যাত্ৰীৰ পৰা অধিক ভাড়া সংগ্ৰহ কৰাত ক্ষুব্ধ হৈ পৰে একাংশ ৰাইজ । উল্লেখযোগ্য যে, শেহতীয়াকৈ ৰাজ্যৰ অন্য সকলো বয়বস্তুৰ দৰে নদী পথবোৰত ফেৰীৰ ভাড়াও অতি শীঘ্ৰেই দুগুণলৈ বৃদ্ধি কৰা হ’ব বুলিও আলোচিত হৈছে ।

সমান্তৰালকৈ মাজুলী-নিমাতী ফেৰী সেৱাৰ (Majuli-Nimati ferry service) ভাড়া দুগুণ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে । ইয়াক লৈয়ো মাজুলীবাসীৰ লগতে জিলা ছাত্ৰ সন্থা যথেষ্ট সৰৱ হোৱা দেখা গৈছিল (Majuli district AASU against Ferry fare hike) ৷

লগতে পঢ়ক : বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা'

Last Updated :May 17, 2022, 9:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.