ETV Bharat / state

Protest at Mariani: চাহ শ্ৰমিকক বিজেপিয়ে প্ৰৱঞ্চনা কৰাৰ অভিযোগ; বাগিচা অঞ্চলত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 3:50 PM IST

বাগিচাই বাগিচাই বিজেপিৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ ৷ চৰকাৰৰ শ্ৰমিক বিৰোধী সিদ্ধান্তৰ বাবে এতিয়া বাগিচা অঞ্চলৰ পৰা বিজেপিক খেদি দিয়াৰ দৰে সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে চাহ শ্ৰমিকসকলে ৷

Tea Garden Workers of Assam
বিজেপিক খেদি দিয়াৰ হুংকাৰ

বিজেপিৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ

যোৰহাট, 21 ছেপ্টেম্বৰ : লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ বাগিচাই বাগিচাই বিজেপিৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ হৈছে ৷ বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে চাহ শ্ৰমিকৰ লগতে চাহ জনগোষ্ঠীয় বিভিন্ন দল-সংগঠন ৷ বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী সিদ্ধান্তৰ বাবে এতিয়া বাগিচা অঞ্চলৰ পৰা বিজেপিক খেদি দিয়াৰ দৰে সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে চাহ শ্ৰমিকসকলে ৷

শেহতীয়াকৈ চাহ জনগোষ্ঠীৰ লোক সকলৰ পবিত্ৰ উৎসৱ কৰম পূজাক লৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে বাগিচা অঞ্চল ৷ চৰকাৰৰ প্ৰতাৰণা-প্ৰৱঞ্চনাৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে চাহ জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনে ৷

বৃহস্পতিবাৰে আটছা মৰিয়নি শাখাৰ উদ্যোগত চেলেং চাহ বাগিচাত বিজেপি চৰকাৰে শ্ৰমিকক কৰা প্ৰতাৰণাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক চাহ শ্ৰমিকে ৷ ক্ষোভিত প্ৰতিবাদকাৰীসকলে কয় যে, বিজেপিক আমি প্ৰৱঞ্চনা কৰা নাই, কিন্তু আমাক তথা চাহ শ্ৰমিক সমাজক প্ৰৱঞ্চনা কৰিছে বিজেপি চৰকাৰে ৷

ক্ষোভিত শ্ৰমিকসকলে কয় যে বিজেপিয়ে আমাক মাটিৰ পট্টা আৰু ঘৰ দিয়া কথা কৈছিল, লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু বৰ্তমানেও চৰকাৰে এই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে ৷ শ্ৰমিকসকলৰ এই দাবীসমূহ শীঘ্ৰেই পূৰণ কৰাৰ বাবে বাৰম্বাৰ চৰকাৰক আহ্বান জনায় থকা হৈছে যদিও চৰকাৰে শ্ৰমিকসকলৰ এই দাবীৰ প্ৰতি ন্যূনতমমো গুৰুত্ব প্ৰদান কৰা নাই ৷

প্ৰতিবাদস্থলী পৰা প্ৰতিবাদী আটছা নেতাই কৰম পূজাক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা দুমুখীয়া নীতিক ধিক্কাৰ প্ৰদান কৰাৰ লগতে বাগিচা অঞ্চলত শ্ৰমিক সমাজ আৰু আটছাই বিজেপিৰ মন্ত্ৰী-বিধায়ক আৰু সাংসদকে আদি কৰি সকলো লোকক সভা-সমিতিত অংশগ্ৰহণ কৰাত বাধা আৰোপ কৰা হ'ব বুলি কোৱাৰ লগতে বিজেপিক বাগিচা অঞ্চলৰ পৰা খেদি উলিয়াই দিয়া হ'ব বুলিও হুংকাৰ দিয়ে ৷

তেওঁলোকে কয় যে, চাহ শ্ৰমিকক ভূমিৰ পট্টা প্ৰদান কৰা, মজুৰি বৃদ্ধি কৰাকে ধৰি চৰকাৰৰ বিভিন্ন প্ৰতিশ্ৰুতি আজিৰ তাৰিখতো প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল ৷ ফলত বৃহত্তৰ চাহ জনগোষ্ঠীৰ দ্বাৰা এঘৰীয়া হ'বলৈ গৈ আছে শাসনাধিষ্ঠ বিজেপি ৷ তদুপৰি বাগিচা বাগিচাই চাহ জনগোষ্ঠীয় মন্ত্ৰী-বিধায়কৰ পুত্তলিকা দাহ কৰা হ'ব বুলিও হুংকাৰ প্ৰদান কৰে আটছাই ৷

উল্লেখ্য যে, শাসনত অধীষ্ঠত হোৱাৰ পূৰ্বে বিজেপিয়ে মজুৰি বৃদ্ধি, মাটিৰ পট্টা প্ৰদানকে ধৰি চাহ শ্ৰমিকসকলক বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু শাসনৰ গাদীত বঢ়াৰ পাছত শ্ৰমিকক দিয়া প্ৰতিশ্ৰুতি পাহৰিলে বিজেপি চৰকাৰে ৷ শ্ৰমিকসকলৰ প্ৰাপ্য বিচাৰি চৰকাৰক বাৰম্বাৰ অনুৰোধ, দাবী জনাই অহাৰ পাছতো চৰকাৰে এই দাবী সমূহৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰাত এতিয়া চাহ শ্ৰমিকসকলৰ মাজত বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভৰ জুই জ্বলিছে ৷

লগতে পঢ়ক : Dhemaji Model Hospital: এজনীয়া চিকিৎসকেৰে আদৰ্শ চিকিৎসালয়ত চলিচে হাজাৰ হাজাৰ ৰোগীৰ চিকিৎসা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.