ETV Bharat / state

Jorhat sports association: ক্ৰীড়া সংগঠক ড৹ তপন দত্ত আৰু ননি দত্তলৈ ‘ক্ৰীড়া হিতৈষী’ সন্মান

author img

By

Published : Jan 28, 2023, 9:04 PM IST

যোৰহাটৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত বিশেষ সম্বৰ্ধনা অনুষ্ঠান ৷ যোৰহাট জিলা ক্ৰীড়া সন্থা(Jorhat sports association) আৰু অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় এই সম্বৰ্ধনা অনুষ্ঠান ৷ অনুষ্ঠানত দুগৰাকী ব্যক্তিলৈ আগবঢ়োৱা হয় ‘ক্ৰীড়া হিতৈষী’ সন্মান ৷

Jorhat sports association
যোৰহাটৰ ক্ৰীড়া সংগঠন ড৹ তপন দত্ত আৰু ননি দত্তলৈ ‘ক্ৰীড়া হিতৈষী’ সন্মান

যোৰহাটৰ ক্ৰীড়া সংগঠন ড৹ তপন দত্ত আৰু ননি দত্তলৈ ‘ক্ৰীড়া হিতৈষী’ সন্মান

যোৰহাট, 28 জানুৱাৰী: যোৰহাট জিলা ক্ৰীড়া সন্থা(Jorhat sports association) আৰু অসম ক্ৰীড়া সাংবাদিক সন্থাৰ(Assam sports journalist association) উদ্যোগত যোৰহাটত বিশেষ সম্বৰ্ধনা অনুষ্ঠান ৷ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ গৌৰৱময় শতবৰ্ষৰ লগত সংগতি ৰাখি যোৰহাটৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই অনুষ্ঠান ৷ সম্বৰ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা কুইজ প্ৰতিযোগিতাত কটন বিশ্ব বিদ্যালয় দলে লাভ কৰে শ্ৰেষ্ঠ পুৰস্কাৰ ৷

ইফালে, এই অনুষ্ঠানতে যোৰহাটৰ জ্যেষ্ঠ ক্ৰীড়া সংগঠক ড৹ তপন দত্ত আৰু ননি দত্তলৈ আগবঢ়োৱা হয় ‘ক্ৰীড়া হিতৈষী’ সন্মান । আনহাতে শনিবাৰৰ এই অনুষ্ঠানতে এক বিশেষ বক্তৃতানুষ্ঠানৰো আয়োজন কৰা হয় । ‘যোৰহাটৰ ক্ৰীড়া ঐতিহ্য আৰু অসমৰ ক্ৰীড়া জগতলৈ যোৰহাটৰ অৱদান’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে অসম ক্ৰীড়া সাংবাদিক সন্থাৰ সভাপতি সুবোধ মল্ল বৰুৱাই ।

বক্তৃতা প্ৰদান কৰি সুবোধ মল্ল বৰুৱাই কয় যে, যোৰহাটৰ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ যিমান অৱদান আছে, সেইয়া কৈ শেষ কৰিব নোৱাৰি । এইক্ষেত্ৰত যোৰহাটৰ অৱদান যথেষ্ট বিশাল । ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত যোৰহাট জিলাই এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে । 1846 চনত যোৰহাট মহকুমা হিচাপে স্বীকৃতি লাভ কৰাৰ পাচত যোৰহাটৰ ক্ৰীড়া ক্ষেত্ৰই এক বিশেষ গতি লাভ কৰিবলৈ সক্ষম হয় । উজনি অসম বিদ্যালয় ফুটবল প্ৰতিযোগিতা প্ৰথম আৰম্ভ হৈছিল যোৰহাট জিলাতে । লগতে তেওঁ কয় যে, 1934 চনত হৰিনাৰায়ন বৰুৱাৰ নেতৃত্বত যোৰহাটত অনুষ্ঠিত হয় প্ৰথম শক্তিমেলা । ই আছিল ৰাজ্যৰ প্ৰথমখন সংগঠিত ক্ৰীড়া উৎসৱ ।

যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কিছু দিনৰ পিচতে অৱসৰ গ্ৰহণ কৰিব লগীয়া যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে যোৰহাট জিলা ক্ৰীড়া সন্থাই । জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জুল খাউণ্ডে আঁতধৰা অনুষ্ঠানত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

আনহাতে অনুষ্ঠানত ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱা কেইবাগৰাকীও ক্ৰীড়া সাংবাদিকক অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় । সমান্তৰালভাৱে, অসম ক্ৰীড়া সাংবাদিকতাৰ 100 বছৰ পূৰ্তিৰ লগত সংগতি ৰাখি যোৰহাটৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় যোৰহাট জিলা ক্ৰীড়া সস্থাৰ প্ৰাক্তন সভাপতি নবীন চন্দ্ৰ বৰুৱা সোঁৱৰণি সদৌ অসম ভিত্তিত আন্তঃমহাবিদ্যালয় প্ৰাইজমাণি কুইজ প্ৰতিযোগিতা ।

প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 19 টা দলে অংশগ্ৰহণ কৰে । প্ৰাৰম্ভিক পৰ্যায়ত অংশগ্ৰহণ কৰা 19 টা দলৰ পৰা চূড়ান্ত ৰাউণ্ডৰ বাবে 6 টা দল নিৰ্বাচিত কৰা হয় । এই প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হয় কটন বিশ্ববিদ্যালয়ৰ পূজা বৰুৱা আৰু ৰক্তিম ৰঞ্জন বৈশ্যই । দ্বিতীয় স্থান দখল কৰে অসম ইঞ্জিনীয়াৰিং কলেজ গুৱাহাটীৰ বিক্ৰম দ্বীপ ডেকা, অৰিন্দম কাশ্যপে । আনহাতে তৃতীয় স্থান দখল কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কোকিল বেজবৰুৱা, পল্লব কুমাৰ দাসে । কুইজ প্ৰতিযোগিতাৰ পৰিচালকৰ দায়িত্বত আছিল দীপাংকৰ কৌশিক ৷

লগতে পঢ়ক: Groom dies at Barpetaroad: যুগ্ম জীৱনৰ পাতনি মেলাৰ পূৰ্বেই উকা হ’ল কপাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.