ETV Bharat / state

নায্য প্ৰাপ্তিৰ দাবীত ৰাজপথৰ প্ৰতিবাদ দিব্যাংগ সকলৰ

author img

By

Published : Oct 30, 2021, 10:33 PM IST

ৰাজপথত নায্য প্ৰাপ্তিৰ দাবীত দিব্যাংগ সকলৰ প্ৰতিবাদ । দীৰ্ঘদিন ধৰি বিভিন্ন দাবী লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও বৰ্তমানেও চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ কৰিছে তেওঁলোকে ।

protest of differently abled community
নায্য প্ৰাপ্তিৰ দাবীত ৰাজপথৰ প্ৰতিবাদ দিব্যাঙ্গ সকলৰ

যোৰহাট, 30 অক্টোবৰ : পুনৰ ৰাজপথত দিব্যাংগ সকলৰ প্ৰতিবাদ । নায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী । উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ অৰ্ধশতাধিক প্ৰতিবাদকাৰীৰ প্ৰতিবাদ ৷ বাৰে বাৰে চৰকাৰী ৰঙা সূতাৰ মেৰপাচত পৰি তেওঁলোকে হেৰুৱাই আহিছে প্ৰাপ্য । দীৰ্ঘদিন ধৰি বিভিন্ন দাবী লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও বৰ্তমানেও চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ কৰিছে তেওঁলোকে ।

উল্লেখযোগ্য যে, যোৱা ২১/২/২১ তাৰিখতে অসম চৰকাৰৰ নিৰ্দেশনাত গুৱাহাটী বিশ্ববিদ্যালয়ে দিব্যাংগ সকলৰ সংৰক্ষিত চতুৰ্থ শ্ৰেণীৰ পদৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰিছিল, কিন্তু আজিও ফলাফল ঘোষণা নকৰিলে । বিগত বৰ্ষৰ দীনদয়াল আঁচনিৰ ধনো মোকলাই দিয়া হোৱা নাই তেওঁলোকৰ বাবে । বিধায়ক পুঁজিৰ স্ব-নিয়োজন আঁচনিৰ ধনো মোকোলাই দিয়া হোৱা নাই এই সকল লোকক ।

আনহাতে দিব্যাংগ লোকসকলৰ বাবে ৪ শতাংশ আসন সংৰক্ষিত কৰাৰ দাবীও এই প্ৰতিবাদ যোগে উত্থাপিত হয় ৷ শুকুৰবাৰে যোৰহাট জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰি সমাজ কল্যাণ মন্ত্ৰী, প্ৰতিবন্ধী আয়ুক্ত সচিব আৰু উজনি অসম আয়ুক্ত স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : পুনৰ বহিৰাগত ব্যৱসায়ীক সংস্থাই ঠগিলে থলুৱা কৰ্মচাৰী-ঠিকাদাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.