ETV Bharat / state

দেশৰ পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি অব্যাহত

author img

By

Published : Jan 27, 2021, 5:56 PM IST

pretrol price hike at jorhatpretrol price hike at jorhat
মূল্য বৃদ্ধি অব্যাহত আছে পেট্ৰলজাত সামগ্ৰীৰ

বিগত কেইবাদিন ধৰি দেশত অব্যাহত আছে পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি ৷ যোৰহাটত বুধবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হয় 89.40 টকা ৷

যোৰহাট, 27 জানুৱাৰী : বিগত কিছু দিন ধৰি দেশত অব্যাহত আছে পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি ৷ বুধবাৰেও দেশৰ লগতে ৰাজ্যত বৃদ্ধি পায় পেট্ৰলৰ মূল্য ৷

যোৰহাটত বুধবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হয় 89.40 টকা ৷ উল্লেখ্য যে, দেশৰ সকলো প্ৰান্ততে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হ্ৰাস কৰাৰ দাবীত প্ৰতিবাদ চলি আছে যদিও বৃদ্ধিৰ বাহিৰে কোনো পৰিবৰ্তন হোৱা নাই সামগ্ৰীৰ মূল্যৰ ৷ ইফালে পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগে লগে অন্যান্য নিত্য প্ৰয়োজনীয় সমগ্ৰীৰ মূল্য বৃদ্ধি পোৱা অধিক সম্ভাৱনা আছে ৷

দেশৰ পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি অব্যাহত

বুধবাৰে দেশৰ ৰাজধানী দিল্লীত পেট্ৰলৰ মূল্য 25 পইচা বৃদ্ধি পাই প্ৰতিলিটাৰত 86.30 টকা হয় ৷ ইয়াৰ বিপৰীতে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য বৃদ্ধি পাই 89.00 টকা হয় ৷

লগতে পঢ়ক: অপহৃত বিষয়াৰ ওপৰত বিহিত ব্যৱস্থা ল’ব আলফা(স্বা)ই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.